Logo
image

আজিৰ পৰা ভাৰত- দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলা

ডাৰবান, ১০ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলা ৪-১ ব্যৱধানত জয় কৰাৰ পাছত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় যুৱ দলটো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজিৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলাত অৱতীৰ্ণ হ’ব৷ ভাৰতৰ টুৱেণ্টী২০ দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে দলৰ বাহিৰত আছে৷ দলৰ পেচ আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰাকো শৃংখলাটোৰ বাবে বিশ্ৰাম দিয়া হৈছে৷ তেনে স্থিতিত দক্ষিণ  আফ্ৰিকাৰ পৰিৱেশত টীম ইণ্ডিয়াৰ যুৱ ক্ৰিকেটাৰসকল কিছু সমস্যাৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে৷ দক্ষিণ আফ্ৰিকাৰ নিৰ্ভৰযোগ্য পেচ বলাৰ কেগিছো ৰাবাডাক শৃংখলাটোৰ  বাবে বিশ্ৰাম দিয়া হৈছে৷ আনহাতে, আঘাতৰ সমস্যাত আছে এনৰিচ নৰ্কিয়া আৰু লুঙি এনগিডি৷ তথাপি ঘৰুৱা পৰিৱেশত দক্ষিণ আফ্ৰিকাক যথেষ্ট শক্তিশালী বুলিয়েই ক’ব লাগিব৷ টুৱেণ্টী২০ শৃংখলাটোৰ বাবে ভাৰতীয় দলত আছে ১৭জন ক্ৰিকেটাৰ৷ তেওঁলোকৰ কেৱল শ্ৰেয়স আয়াৰ, মুকেশ কুমাৰ আৰু ঈশান কিষাণৰহে ৫০ অভাৰৰ ক্ৰিকেট খেলাৰ অভিজ্ঞতা আছে৷ শৃংখলাটোত ভাৰতীয় বেটিং কোনে মুকলি কৰিব সেয়া হ’ব লক্ষ্যণীয়৷ শেহতীয়া ফৰ্মলৈ চাই শুভমন গীলক মূল একাদশৰ বাহিৰত ৰখাৰ বিষয়ে সম্ভৱতঃ ভাবিব নোৱাৰিব টীম মেনেজমেণ্টে৷ বেটিং মুকলি কৰাৰ বাবে দলত আছে যশস্বী জয়ছোৱাল  আৰু ঋতুৰাজ গায়কোৱাড়ৰ দৰে বেটাৰ৷ যদি তিনিওজনকে মূল একাদশত ৰখা হয়, তেন্তে বেটিং ক্ৰমৰ তৃতীয় আৰু চতুৰ্থ স্থানত কাক সুযোগ দিয়া হয় সেয়াও হ’ব লক্ষ্যণীয়৷ টুৱেণ্টী২০ ক্ৰিকেটত সূৰ্যকুমাৰ যাদৱকে বেটিং ক্ৰমৰ চতুৰ্থ স্থানৰ বাবে বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়৷ উইকেটকীপাৰৰ স্থানৰ বাবে ঈশান কিষাণ আৰু জিতেশ শৰ্মাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে৷ বেটিং ক্ৰমৰ ষষ্ঠস্থানত  জিতেশ শৰ্মাক অগ্ৰাধিকাৰ দিয়া হ’ব পাৰে৷ পঞ্চম স্থানত যদি শ্ৰেয়স আয়াৰ থাকে, তেন্তে তেওঁ মাৰ্কো য়েনছেন, জেৰাল্ড কোৱেৎজি, এনডিলে ফেলুকোৱায়োৰ শ্বৰ্ট পিটচ বলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷

ভাৰতৰ মূল একাদশত যদি অলৰাউণ্ডাৰ হিচাপে অক্ষৰ পেটেলক সুযোগ দিয়া হয়, তেন্তে ৰিংকু সিং দলৰ বাহিৰত থাকিবলগীয়া হ’ব পাৰে৷ কিংছমিডৰ উইকেটত বল যথেষ্ট বাউন্স হোৱাৰ সম্ভৱানা আছে আৰু তেনে স্থিতিত ভাৰতৰ ঋতুৰাজ গায়কোৱাড়, যশস্বী জয়ছোৱাল, ৰিংকু সিং, জিতেশ কুমাৰৰ দৰে বেটাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ভাৰতৰ স্পিন বিভাগত সহঃ অধিনায়ক ৰবীন্দ্ৰ জাদেজাৰ সৈতে ‘গুগলী’ বিশেষজ্ঞ ৰবি বিষ্ণয়ে অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা  আছে৷ তেনেদৰে দীপক চাহৰ, অৰ্শদীপ সিং আৰু মুকেশ কুমাৰ পেচ আক্ৰমণৰ দায়িত্বত থাকিব পাৰে৷ দক্ষিণ আফ্ৰিকা দলত কুইণ্টন ডে কক নাথাকিলেও হেনৰিচ ক্লাছেন, ডেভিড মিলাৰ, অধিনায়ক এইডেন মাৰ্কৰাম, ট্ৰিষ্টান ষ্টাবছ আৰু মেথিউ ব্ৰীট্‌জস্কেই ভাৰতীয় বলাৰৰ সন্মুখত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷