Logo
image

ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ, আইনত পৰিণত ৩খন কৃষি বিধেয়ক

আমাৰ অসম, ২৮ছেপ্টেম্বৰঃ দেশত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ জোৱাৰ তোলা তিনিখন কৃষি বিধেয়কত দেওবাৰে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে স্বাক্ষৰ কৰিছে৷ উভয় সদনৰ ভিতৰত সকলো বিৰোধী ৰাজনৈতিক দল আৰু একাংশ এন ডি এৰ সংগী দলৰ বিৰোধিতা তথা সংসদৰ বাহিৰত ঘাইকৈ পঞ্জাব-হাৰিয়ানাত কৃষকৰ তীব্ৰ প্ৰতিবাদ নেওচি গৃহীত হোৱা এই তিনিখন বিধেয়কত স্বাক্ষৰ কৰা ৰাষ্ট্ৰপতিয়ে তেনে প্ৰতিবাদলৈ আওকান কৰি আজি তিনিওখন বিধেয়কক আইনত পৰিণত হোৱাৰ মৰ্যাদা প্ৰদান কৰিলে৷ দেশৰ বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক এই বিতৰ্কিত বিধেয়ক তিনিখনত স্বাক্ষৰ নকৰি পুনৰ সংসদলৈ আলোচনাৰ বাবে ঘূৰাই পঠিয়াবলৈ অনুৰোধ কৰিছিল৷ ৰাষ্ট্ৰপতি ক’বিন্দে সেই অনুৰোধকো গুৰুত্ব নিদিলে৷ 

ইপিনে, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ সিঙে উচ্ছ সদনৰ নিয়ম উলংঘা কৰি বিধেয়ককেইখন গৃহীত কৰাৰ পূৰ্বে সপক্ষে-বিপক্ষে ভোটদান নকৰোৱাৰ অভিযোগ উঠিছে৷ উপাধ্যক্ষই কৈছিল, সাংসদসকল নিজৰ আসনৰ পৰা উঠি অহা বাবেই তেওঁ ধ্বনিভোট ল’বলৈ বাধ্য হৈছিল আৰু সংসদৰ সময় বৃদ্ধি কৰি আলোচনা অবিহনে ধ্বনিভোট অনুষ্ঠিত কৰিছিল৷ কিন্তু দেওবাৰে প্ৰকাশ পোৱা ৰাজ্যসভা টিভিৰ ফুটেজ অনুসৰি কেইবাজনো বিৰোধী সাংসদে নিজৰ আসনৰ পৰাই বিধেয়কখনৰ সপক্ষে-বিপক্ষে ভোটদান বিচাৰিছিল আৰু প্ৰয়োজনবোধে পৰৱৰ্তী দিনটোত বিধেয়ককেইখনৰ বিষয়ে আলোচনা বিচাৰিছিল৷ কিন্তু বিৰোধীয়ে অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি উপাধ্যক্ষই ধ্বনিভোটত বিধেয়ককেইখন দৌৰাদৌৰিকৈ গৃহীত কৰে৷