Logo
image

এখন বিস্ফোৰক পত্ৰঃ ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ মহিলা ন্যায়াধীশৰ

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশৰ ইচ্ছা মৃত্যু সম্পৰ্কীয় এখন পত্র সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিছে । মুখ্য ন্যায়াধীশ গৰাকীয়ে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে । 

জানিব পৰা মতে মুখ্য ন্যায়াধীশ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ মহাসচিব অতুল এম কুৰহেকাৰক এলাহাবাদ উচ্চ ন্যায়ালয় প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মহাসচিবগৰাকীয়ে মহিলা ন্যায়াধীশে দিয়া সকলো অভিযোগৰ বিষয়ে তথ্য বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ এখন পত্ৰ লিখে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা পত্রৰ পৰা জানিব পৰা মতে, মহিলা ন্যায়াধীশগৰাকী শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ অহাৰ বাবে ইচ্ছা মৃত্যু বিচাৰিছিল । বান্দা জিলাত নিযুক্ত মহিলা ন্যায়াধীশগৰাকীয়ে অভিযোগ কৰিছে যে পোষ্টিঙৰ সময়ত জিলা ন্যায়াধীশ আৰু তেওঁ ঘনিষ্ঠ সহযোগীসকলে তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল।

মহিলা ন্যায়াধীশগৰাকীয়ে লিখিছে- 'অনুগ্ৰহ কৰি মোক মোৰ জীৱনটো সন্মানজনক ভাৱে শেষ কৰিবলৈ অনুমতি দিয়ক। মোৰ জীৱনক শেষ হ'বলৈ দিয়ক' ।

মহিলাগৰাকীয়ে চিঠিত লগতে উল্লেখ কৰিছে যে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল। কিন্তু কোনোৱে একো ব্যৱস্থা নোলোৱা বাবে  হতাশ হৈ পৰিছিল মহিলা ন্যায়াধীশগৰাকী।সেয়েহে ইচ্ছা মৃত্যু বিচাৰি পত্র লিখিছিল মহিলা ন্যায়াধীশগৰাকীয়ে ।