Logo
image

১ ডিচেম্বৰৰ ভিতৰত দাবী পূৰণ নকৰিলে জানুৱাৰীৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ বন কৰ্মচাৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰৰ বন বিভাগৰ অ-ৰাজপত্রিত বিষয়া-কর্মচাৰীসকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম বন কর্মচাৰী সন্থাই বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষই বনকৰ্মীসকলৰ সমস্যা সমাধান কৰিম বুলি আশ্বাস প্ৰদান কৰাৰ পাছতো দীৰ্ঘদিন ধৰি তাক কাৰ্যকৰী নকৰা বাবে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে। সন্থাৰ সভাপতি হোমেন পেগু আৰু উপদেষ্টা  ইন্দ্র গগৈয়ে এটা বিবৃতিত জানিবলৈ দিয়া মতে, বন বিভাগৰ সম্মুখ শাৰীৰ বনকর্মীসকলে সমগ্র বিভাগটোৰেই মূল চালিকা শক্তি। উপ বন সংপালক পদৰ পৰা তলৰ পৰ্যায়ৰ বনকর্মী সকলেই বিভাগটোৰ ক্ষেত্র পৰ্যায়ৰ সকলো কামেই কৰিব লাগে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত  অসম বন কর্মচাৰী সস্থাৰ দ্বি-বার্ষিক অধিৱেশনৰ সাধাৰণ সভাত গৃহীত হোবা প্রস্তাৱৰ আধাৰত ১৪ দফীয়া এখন দাবী চনদ চলিত বৰ্ষৰ মাৰ্চ মাহতে বন বিভাগৰ উর্দ্ধতন কর্তৃপক্ষৰ ওচৰত দাখিল কৰি কর্মচাৰীসকলে সম্মুখীন হৈ অহা সমস্যাসমূহৰ আশু সমাধানৰ বাবে আবেদন জনাইছিল। সেইমর্মে অসম চৰকাৰৰ বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব, সচিব আৰু  বন বাহিনীৰ মুৰব্বী আৰু প্রধান মুখ্য বন সংৰক্ষকগৰাকীয়ে সমস্যা সমাধানৰ বাবে পদক্ষেপ লোৱা হ'ব বুলি সন্থাক আশ্বাস প্ৰদান কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা এয়ে যে উক্ত দাবী চনদৰ প্রথম দফাটোৱেই ৯ মাহ পর্যন্ত সম্পূর্ণৰূপে কার্যকৰী  কৰা নহ'ল। বিগত মে' আৰু আগষ্ট মাহত যথাক্রমে উপ বন সংপালক আৰু বনপালক-১ পদৰ পদোন্নতি হ'ল যদিও বনপালক-২ তথা তাৰ তলৰ পৰ্যায়ৰ কৰ্মচাৰীসকলৰ পদোন্নতি নহ'ল। যাৰ ফলত একাশে বনকৰ্মী তথা কর্মচাৰীয়ে চাকৰি জীৱনত এটাও পদোন্নতি নোপোৱাকৈ একেটা পদতেই ৩০/৩২ বছৰে সেবা আগবঢ়াই অৱসৰ গ্রহণ কৰাৰ দৰে দুখজনক ঘটনা সংঘটিত হৈছে। তদুপৰি সন্থাৰ আন এটা অন্যতম দাবী আছিল সন্মুখ শাৰীৰ বনকর্মীসকলৰ পদ সমূহৰ পুনৰ গঠন। অসম চৰকাৰৰ ষষ্ঠ দৰমহা আয়োগে এটি পৰামর্শ আগবঢ়াইছিল যে অসম বন বিভাগৰ তলৰ পদসমূহৰ গাঁঠনি সমানুপাতিক নোহোৱা হেতু বন কর্মচাৰীসকলৰ পদোন্নতি যথেষ্ট লেহেমীয়া হয়। সেয়েহে পদসমূহ ১ঃ২ঃ৪:৮ অনুপাতত পুনৰ গঠন কৰিব লাগে। সেই সূত্রেই অসম বন কৰ্মচাৰী সন্থাই বিগত ২০১১ চনৰ পৰাই পদ সমূহৰ পুনৰ গঠন কৰি পদোন্নতি নিয়মীয়া আৰু খৰতকীয়া কৰাৰ বাবে  দাবী জনাই আহিছে। কিন্তু বিগত ১২ বছৰেও উক্ত সমস্যাটোৰ কোনো সমাধান নহ'ল। ইয়াৰ উপৰিও বন বিভাগৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হৈ থকা আন এক বৈষম্য হ'ল- বন বিভাগৰ বনপালক-১ আৰু বনৰক্ষী পদত নিযুক্তিৰ ক্ষেত্ৰত ন্যূনতম শিক্ষাগত অর্হতা যথাক্রমে স্নাতক আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণ। কিন্তু আজিলৈকে বনপালক-১ পদৰ কৰ্মচাৰীসকলক উচ্চতৰ মাধ্যমিক উত্তীর্ণ আক বনৰক্ষী পদৰ কৰ্মচাৰীসকলক মেট্রিক উত্তীর্ণ হাৰত মাহিলী দৰমহা প্রদান কৰি থকা হৈছে। যাৰ ফলত একোজন বনপালক-১ পর্যায়ৰ কৰ্মচাৰীয়ে অসম আৰক্ষীৰ  একোজন হেড কনিষ্টবল বা হাবিলদাৰতকৈয়ো কম হাৰত দৰমহা লাভ কৰি আহিছে। যাৰ বাবে সন্থাই  সমস্যাসমূহৰ লগত জড়িত বিষয়টো মুখ্যমন্ত্রী, বনমন্ত্রী আৰু সংশ্লিষ্ট বিষয়ৰ মুৰব্বীসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে। পদোন্নতি, কনকর্মীসকলৰ পদৰ পুনৰ গঠন আৰু শিক্ষাগত অর্হতা অনুযায়ী দৰমহা প্রদান এই তিনিটা মূল বিষয়ৰ লগতে অসম চৰকাৰৰ বন বিভাগত বিনা বেতনে কৰ্মৰত অস্থায়ী কর্মচাৰীসকলক নিৰ্ধাৰিত  হাৰত দৰমহা প্রদান কৰি ফিক্সড্ পে' বনকর্মী হিচাপে নিযুক্তি প্রদান কৰিবলৈয়ো অসম বন কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হৈছে । অহা  ৩১ ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই দাবী পূৰণ নকৰে তেন্তে  আগন্তুক নতুন বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অসমৰ বন কৰ্মচাৰী সমাজে গণতান্ত্রিক পদ্ধতিৰে তীব্ৰ আন্দোলনৰ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকিয়াই দিছে।