Logo
image

উক্তি-বক্ৰোক্তি

আলফাই অসমত বছৰত এটা-দুটা  সৰু-সুৰা আক্ৰমণ  কৰে৷ তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কূটাঘাত কৰে৷ অসমত এনেধৰণৰ ঘটনা যিমানেই সংঘটিত হ’ব, অৰ্থনৈতিক দিশৰ পৰা অসম পিছুৱাই যাব৷ এনেধৰণৰ ঘটনা বন্ধ হ’ব বুলি মই আশাবাদী৷

– মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা


‘কা’ বিৰোধী আন্দোলনত  জুবিন গাৰ্গ আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ ভূমিকা কি আছিল? সমুজ্জ্বল ভট্টাচাৰ্যই কৈ থাকিলে, ‘কা’ আমি নামানোঁ৷ তেওঁ নামানোঁ বুলি কৈ থাঁকোতেই ‘কা’ কাৰ্যকৰী হ’ল৷ তেওঁ যদি ‘কা’ নামানে, তেন্তে ইয়াৰ পৰিণাম হ’ব লাগিব৷ জুবিন গাৰ্গে এইবাৰ কিবা বেলেগ  কথা কৈছে৷ মোৰ সন্দেহ হৈছে, এইসকল লোকে বিজেপিৰ প্ৰভাৱতেই এনেধৰণৰ কথা কৈ আকৌ নেতৃত্ব ল’বলৈ আগবাঢ়িছে৷

– ড॰ হীৰেন গোহাঁই


সংসদত সংঘটিত ‘স্ম’ক বোমাকাণ্ড’ই  দেশৰ নিৰাপত্তা  ব্যৱস্থাৰ ফোপোলা ৰূপটোকে উদাঙালে৷ নিঃসন্দেহে নিৰাপত্তাৰ সুৰুঙাৰ বাবেই এই ঘটনা সংঘটিত হৈছিল৷ অৱশ্যে ইয়াৰ মূল কাৰণটো হৈছে নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতি৷ বৰ্তমানৰ চৰকাৰখনে যুৱ সমাজৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই৷

– কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী 


সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দিল্লী পুলিচে সতৰ্ক কৰি দিছিল৷ সংসদ ভৱনত আক্ৰমণৰ চেষ্টা চলোৱা হ’ব বুলি পূৰ্বানুমান কৰা হৈছিল৷ কিন্তু এনেধৰণৰ আগজাননী সত্ত্বেও অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰা নহ’ল কিয়? 

– কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী


‘অত-ত’ত বোমা ফুটাই ৰাইজক কষ্ট দিয়াতকৈ ডিজিপি কাৰ্যালয় বা মোৰ ঘৰলৈ আহক৷’

– আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং


চাকৰিৰ নামত ৫০ পইচা দাবী কৰিলেও লোৱা হ’ব কঠোৰ ব্যৱস্থা৷ 

– প্ৰমোদ বড়ো


আন্দোলন মোৰ কাম নহয়, মোৰ কাম প্ৰতিবাদ সাব্যস্ত কৰা আৰু প্ৰতিবাদ মই মোৰ শৈলীৰে কৰিম৷

–  অভিনেতা ৰবি শৰ্মা


দেশৰ সংসদ ভৱন আক্ৰমণ কৰাসকল বাঁওপন্থী আৰু নৈৰাজ্যবাদী চিন্তাৰ লোক৷

–  মন্ত্ৰী পীয়ুষ হাজৰিকা


টকিঅ’ অলিম্পিকত জেভেলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰা নীৰজ চোপ্ৰাৰ পৰা পেৰিছ অলিম্পিকতো অনুৰূপ প্ৰদৰ্শন আশা কৰিব পাৰি৷ কিন্তু তাৰ বাবে তেওঁ চাপমুক্ত হৈ থাকিব লাগিব৷ নিঃসন্দেহে নীৰজৰ ওপৰত থাকিব প্ৰত্যাশাৰ চাপ৷ কিন্তু তেওঁ সেই চাপৰ পৰা মুক্ত হ’ব পাৰিব লাগিব৷ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু সেয়াই হ’ব তেওঁৰ সাফল্যৰ চাবিকাঠি৷

– দুবাৰৰ অলিম্পিক চেম্পিয়ন হাৰ্ডলাৰ কলিন জেকছন


 ১৯ ডিচেম্বৰত ‘ইণ্ডি’ এলায়েন্সৰ বৈঠক হ’ব৷ আমি ৰণকৌশল প্ৰস্তুত কৰিম৷ মই ভাবোঁ যে কেন্দ্ৰত আমাৰ চৰকাৰ হ’বলৈ গৈ আছে৷ মই ক’ত নিৰ্বাচন খেলিম সেয়া কংগ্ৰেছৰ তুলনাত বিজেপিৰ বেছি চিন্তা৷ কংগ্ৰেছতকৈ বেছি বিজেপিৰ সাংসদ-মন্ত্ৰীয়ে এই বিষয় লৈ কথা পাতিছে৷

–সাংসদ গৌৰৱ গগৈ