Logo
image

মণীষ পাণ্ডে নিলম্বিত

কলকাতা, ১৭ ডিচেম্বৰঃ বলিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সন্মুখীন হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাক্তন ক্ৰিকেটাৰ মণীষ পাণ্ডে৷ শনিবাৰে আই পি এলৰ ফ্ৰেন্সাইজীবোৰলৈ বি চি চি আয়ে সন্দেহজনক বলিং একশ্বনৰ খেলুৱৈৰ এখন তালিকা প্ৰেৰণ কৰে৷ তাতেই মণীষৰ নাম আছে৷ মণীষৰ বলিং একশ্বন সম্পূৰ্ণ সন্দেহজনক হোৱা বাবে তেওঁৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হয়৷ ব’ৰ্ডে ভুলতে এই তালিকাত চেতন ছাকাৰিয়াৰ নামো অন্তৰ্ভুক্ত কৰিছিল যদিও পাছত ভুল স্বীকাৰ কৰি তেওঁৰ নাম বাদ দিয়ে৷ ২০১৪ চনৰ পৰা ২০১৭ চনলৈ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল মণীষে৷ মিডল অৰ্ডাৰত বেট ধৰে তেওঁ৷ পাছৰফালে তেওঁ আই পি এলৰ বিভিন্ন দলৰ হৈ বল কৰিছিল৷ অলৰাউণ্ডাৰৰ ভূমিকা পালন কৰে৷ কিন্তু ব’ৰ্ডৰ নিলম্বনৰ সন্মুখীন হোৱাৰ ফলত আই পি এলৰ কোনো দলে মণীষক ক্ৰয় কৰিলে তেওঁ বল কৰিব নোৱাৰিব৷