Logo
image

কৃষকৰ পৰা ৬ লাখ টন ধান ক্ৰয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কৃষি বিভাগে আয়োজন কৰা অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি অসম মণ্ডপ, অসম কৃষি বিশ্ববিদ্যালয়ৰ মণ্ডপ আৰু আন্তঃৰাষ্ট্ৰীয় পেভেলিয়ন মুকলি কৰাৰ লগতে ৰাজ্যৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন ফচল প্ৰদৰ্শনস্থলী পৰিদৰ্শন কৰে৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্প, খানাপাৰাত অসম বীজ নিগম পৰিসীমিতৰ ভৱনৰ আধাৰশিলা আভাষীয়ভাৱে স্থাপন কৰাৰ লগতে অসম বীজ নিগম পৰিসীমিতৰ লগ’ তথা ‘ব্ৰেণ্ডনেম’ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানত তেওঁ কৃষি, উদ্যান শস্য, পশুপালন, মীন আৰু ৰেচম খণ্ডত উন্নত প্ৰদৰ্শন কৰা কৃষকসকললৈ বঁটাও আগবঢ়ায়৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিগত আঢ়ৈ বছৰীয়া কাৰ্যকালত ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে নূ্যনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ জৰিয়তে ৬২ হাজাৰ কৃষকৰ পৰা ৰাজ্য চৰকাৰে ৬ লাখ মেট্ৰিকটন ধান বিগত বৰ্ষত ক্ৰয় কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰে কৃষকৰ বেংক একাউণ্টলৈ বাৰশ কোটি টকা হস্তান্তৰ কৰিছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ন্যূনতম সমৰ্থিত মূল্যত সৰিয়হ ক্ৰয়ৰ বাবে লোৱা পদক্ষেপেও কৃষকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলক উপকৃত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ পৰা ৰাজ্যৰ কোনো কৃষকে যাতে বঞ্চিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মিলেট মিছন, ফ’ডাৰ মিছন আদিেৰ যাতে কৃষকসমাজ উপকৃত হ’ব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে একাধিক কৃষিকৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত কৃষকসকলে বছৰি ৩ টা পৰ্যন্ত কৃষিকৰ্মত লিপ্ত হয়৷ তদুপৰি তেওঁলোকে পথাৰত বাণিজ্যিক গছ ৰোপণ আৰু উদ্যান শস্যৰ কৃষিকৰ্ম কৰিও যথেষ্ট উৎপাৰ্জন কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৃষক সমাজক বছৰি দুই বা ততোধিক কৃষিকৰ্মত জড়িত হ’বলৈ আহ্বান জনাই কয় যে  ৰাজ্য চৰকাৰে কৃষক সমাজক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ৰপ্তানি পৰা আৰম্ভ কৰি নূ্যনতম সমৰ্থিত মূল্যত ধান, সৰিয়হ ক্ৰয় আদিকে ধৰি বিভিন্ন ধৰণে পৃষ্ঠপোষকতা আগবঢ়াব যাতে ৰাজ্যৰ কৃষি অৰ্থনীতিক এক নতুন ৰূপলৈ লৈ যাব পৰা যায়৷ ড॰ শৰ্মাই কয় যে বিভিন্ন প্ৰজাতিৰ চাউল, নেমু, লিচু, আদা, ভোট জলকীয়া আদিকে ধৰি ৰাজ্যত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে শেহতীয়াকৈ বিশ্বৰ বজাৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এনে সামগ্ৰীসমূহ বিজ্ঞানসন্মতভাৱে উৎপাদনৰ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ কৃষকসমাজে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়৷ কৃষি সামগ্ৰীৰ উৎপাদনৰ জৰিয়তে এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ বাবে বিশেষ ব্যৱস্থা হাতত ল’বলৈ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত ৰাজ্যৰ কৃষি, পশুপালন আৰু মীন বিভাগক আহ্বান জনায়৷ তেওঁ কয় যে ৰাজ্যখনত ১০০ কোটি টকাৰ এখন ফুলৰ বজাৰ আছে যদিও অসমৰ কৃষকে ইয়াৰে মাত্ৰ ১৫ কোটি টকাৰ ফুলহে উৎপাদন কৰে৷ তেনেদৰে মাছৰ খাদ্য, গাহৰিৰ পোৱালি আদিৰ বাবে অসমে বহিঃৰাজ্যৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিবলগীয়া হৈ আছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে কৃষি, পশুপালন আৰু মীন ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জনৰ বাবে বিশেষ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে কৃষি উৎপাদন বৃদ্ধিৰে পৰিয়ালসমূহৰ আৰ্থিক স্বচ্ছলতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয় ‘কৃষিকল্প’ শীৰ্ষক অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰে৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সঞ্জয় কিষাণ, জয়ন্ত মল্লবৰুৱা, সাংসদ কুইন ওজাৰ উপৰি মালয়েচিয়া, ইণ্ডোনেচিয়া, নিউজিলেণ্ডকে ধৰি ১১ খন ৰাষ্ট্ৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-প্ৰতিনিধি, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ বিদ্যুৎ চন্দন ডেকা, অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী,  অসম বীজ নিগম পৰিসীমিতৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷