Logo
image

জিপি-পিবিৰ বাক্‌যুদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ডিচেম্বৰঃ মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙক এইবাৰ প্ৰত্যাহ্বান জনালে আলফা (স্বাধীন)ই৷ ইয়াৰ পূৰ্বে অ’ত-ত’ত গ্ৰেণেড দলিয়াই ৰাইজক হাৰাশাস্তি কৰাৰ পৰিৱৰ্তে তেওঁকে টাৰ্গেট কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আলফা [স্বাধীন]ক প্ৰত্যাহ্বান জনাইছিল৷ আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে শনিবাৰে আৰক্ষী সঞ্চালকপ্ৰধান সিঙক মুকলি প্ৰত্যাহ৩ান জনাই কয়– জি পি সিঙে সংবাদ মাধ্যমৰ আগত ‘সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) যি প্ৰত্যাহ্বান জনাইছে, উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ৷ প্ৰথমে জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিম-দক্ষিণ-পূব এছিয়া (ৱেছিয়া) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে, সেইসকলৰ ঠাইত চিআৰপিএফ বা ভাৰতীয় সেনা বাহিনীক (ৱেছিয়া অঞ্চলৰ যুৱক-যুৱতীক বাদ দি) ব্যৱহাৰ কৰক৷ দ্বিতীয়তে, মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাওক৷ কিয়নো, এটা দশৰ পূৰ্বে ‘সংযুক্ত মুক্তি বাহিনী, অসমে’ অসম আৰক্ষীৰ থলগিৰি বিষয়াযসদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়াযসদস্যসকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইজন থলগিৰি বিষয়াযসদস্যই মৃত্যুবৰণ কৰিছিল৷ এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটী সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে৷ সেয়েহে, সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) ‘উলুৰ লগত বগৰী পোৰা’ কাৰ্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনাইছে৷ আমি জানো, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ জি পি সিঙৰ সাহস নাই, আছে মাথোঁ ‘স্বাধীনতা ফুকন’ৰ দৰে নিৰস্ত্ৰ যুৱকক নিশা শোৱাপাটিৰ পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰাৰ৷ উল্লেখ্য, যোৰহাটত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি শুকুৰবাৰে আলফা (স্বাধীন)ই আৰক্ষী সঞ্চালকপ্ৰধান সিঙৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে পৰেশ বৰুৱাৰ নাম উল্লেখ নকৰাকৈয়ে অসম আৰক্ষীৰ মুৰব্বীজনে আলফা (স্বাধীন)ক মুকলি প্ৰত্যাহ্বান জনাইছিল৷ নিজৰ বাসগৃহ আৰু কাৰ্যালয়ৰ ঠিকনা দি আলফা (স্বাধীন)ক প্ৰত্যাহ্বান জনাই সঞ্চালকপ্ৰধান সিঙে কৈছিল– যিসকলে অসম মাতৃক ভাল পায় তেওঁলোকে অসমী আইৰ বুকুত আঘাত হানিয়ে আছে৷ তেওঁলোকে নিজেও চিন্তা কৰা উচিত আৰু অসমৰ ৰাইজেও তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে এনেকুৱা কাম কিহৰ কাৰণে কৰি আছে৷ কাৰোবাৰ বিৰুদ্ধে যদি কিবা ব্যক্তিগত আখেজ আছে সেইটো পূৰণ কৰক৷ প্ৰত্যেকবাৰে মোৰ কথা কয়৷ মোৰ ঘৰ কাহিলীপাৰাত৷ মোৰ কাৰ্যালয় উলুবাৰীত৷ আহিলে হ’ল৷ মই কোনদিনা কৈছো যে ভয় কৰিছো বুলি, চিন্তা কৰিছো বুলি? মোক লৈহে তোমালোকৰ কষ্ট৷ মোক টাৰ্গেট কৰিলে হ’ল৷ অ’ত-ত’ত এটা গ্ৰেনেড দলিয়াই ৰাইজক হাৰাশাস্তি কৰা ঠিক নহয়৷  এনেদৰে আলফা [স্বাধীন]ক মুকলি প্ৰত্যাহ৩ান জনোৱাৰ বিপৰীতে আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক মুকলি সমালোচনা কৰি শুকুৰবাৰে কৈছিল– অসম-ভাৰতৰ সংঘাত এটা ৰাজনৈতিক বিষয় আৰু ই ৰাজনৈতিকভাৱেহে অৱসান হ’ব৷ জিপি সিঙে জনা প্ৰয়োজন যে অসমৰ থলগিৰিৰ বুৰঞ্জীৰ ওপৰত প্ৰতিষ্ঠিত অধিকাৰৰ সন্দৰ্ভত তেখেতে হস্তক্ষেপ কৰা অনুচিত আৰু হস্তক্ষেপ কৰাৰ কোনো নৈতিক অধিকাৰো নাই৷ কিন্তু জি পি সিঙে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বাৰে বাৰে উক্ত বিষয়টোক আইন-শৃংখলাজনিত কাৰণ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আৰু থলগিৰিৰ জন্মগত অধিকাৰ সম্পূৰ্ণৰূপে নস্যাৎ কৰিবলৈ উঠি-পৰি লাগিছে; যিটো ‘সংযুক্ত মুক্তি বাহিনী, অসমে [স্বাধীন] জীৱীত কালত কেতিয়াও মানি ল’ব নোৱাৰে৷ সেয়েহে তেখেতে এই ৰাজনৈতিক সংঘাতক আইন-শৃংখলাজনিত কাৰক হিচাপে বিবেচনা নকৰি লগতে তেখেতে তেখেতৰ অহংমনোভাৱ পৰিহাৰ কৰি উক্ত বিষয়টোৰ পৰা আঁতৰি থকাটোৱেই সকলো পক্ষৰ বাবে মংগল, অন্যথা ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে পুনৰ এনে সামৰিক অভিযান ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব৷