Logo
image

আত্মজাহৰ পৰিকল্পনাও আছিল অভিযানকাৰীৰ

নতুন দিল্লী, ১৭ ডিচেম্বৰঃ লোকসভাৰ ‘স্ম’কবোমা কাণ্ড’ৰ আন এজন অভিযুক্তক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ অভিযুক্তজনৰ নাম মহেশ কুমাৱাত৷ স্ম’কবোমা কাণ্ডটোৰ মূল পৰিকল্পনাকাৰী ললিত ঝাক দিল্লীৰ পৰা পলাই যোৱাৰ বাবে সহায় কৰিছিল মহেশে৷ ইপিনে, স্ম’কবোমা কাণ্ডটোৰ আন এক ভয়ংকৰ পৰিকল্পনাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ আৰক্ষীৰ মতে অভিযুক্ত কেইজনে লোকসভা স্ম’কবোমাৰে ধোঁৱাময় কৰি পেলোৱাৰ সমান্তৰালভাৱেআত্মজাহৰ দৰে ভয়ংকৰ পৰিকল্পনা কৰিছিল৷ সাগৰ শৰ্মা নামৰ অভিযুক্তজনে দিয়া স্বীকাৰোক্তিত এই কথা প্ৰকাশ কৰিছে৷ আৰক্ষীক সাগৰ শৰ্মাই দিয়া ভাষ্যমতে প্ৰতিবাদৰ সময়ত তেওঁলোকে নিজৰ দেহত অগ্নি সংযোগ কৰাৰ কথা আছিল৷ কিন্তু জুয়ে যাতে ক্ষতি কৰিব নোৱাৰে বা মৃত্যুমুখত পেলাব নোৱাৰে তাৰ বাবে তেওঁলোকে অগ্নি প্ৰতিৰোধক বিশেষ ৰাসায়নিক ক্ৰয় কৰিছিল৷ অনলাইনৰ জৰিয়তে ক্ৰয় কৰা হৈছিল সেই বিশেষ ৰাসায়নিক৷ ইয়াৰ বাবে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ কিন্তু শেষ মুহূৰ্তত সেই পৰিকল্পনা বিফল হয়৷ তাৰ সলনি সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডিয়ে লোকসভাত দৰ্শকৰ গেলাৰীৰ পৰা জপিয়াই স্ম’কবোমাৰ বিস্ফোৰণ ঘটায়৷ এই ঘটনাৰ পাছতেই দুয়োকে লোকসভাৰ ভিতৰতে দুজন সাংসদে গবা মাৰি ধৰে৷ দুয়োকে লপা-থপাও দিয়া হয়৷ সেই সময়ত সাগৰ আৰু মনোৰঞ্জনে হিন্দীতে ‘স্বেচ্ছাচাৰিতা নচলিব’ বুলি শ্লোগান দিয়াৰ লগতে ‘আমি প্ৰতিবাদ কৰিবলৈ আহিছো আমাক নামাৰিব’ বুলি চিঞৰিবলৈ ধৰে৷ পৰৱৰ্তী সময়ত দুয়োকে আৰক্ষীক চমজাই দিয়ে৷ একে সময়তে সংসদৰ বাহিৰত আন দুজন প্ৰতিবাদকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ পিছে ঘটনাটোৰ মূল পৰিকল্পনাকাৰী ললিত ঝা পলাই সাৰে৷ বৃহস্পতিবাৰে মাজনিশা ললিতে দিল্লী আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ সম্প্ৰতি ৭ দিনৰ আৰক্ষীৰ জিম্মাত থকা ললিতক দিল্লী আৰক্ষীয়ে মাৰাথান জেৰা কৰি আছে৷ জেৰা কালত পোহৰলৈ আহিছে এটাৰ পাছত এটা চাঞ্চল্যকৰ তথ্য৷ ইয়াৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ষষ্ঠজন অভিযুক্ত মহেশক৷ আৰক্ষীৰ মতে লোকসভাত সংঘটিত ঘটনাটোত জড়িত অন্যান্য সকলকো অচিৰেই গ্ৰেপ্তাৰ কৰা হ’ব৷