Logo
image

ঋণ কাৰ নাই? আমেৰিকা-জাপানৰো আছে! মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ডিচেম্বৰঃ হিতাধিকাৰীৰ ভৰত কক্‌বকাই থকা অসম চৰকাৰে প্ৰতিমাহেই ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে৷ বৰ্তমানৰ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ ঋণৰ পৰিমাণে এতিয়া ডেৰ লাখ কোটি টকা স্পৰ্শ কৰাৰ দিশে গতি কৰিছে৷ শেহতীয়াকৈ বিগত ১২ ডিচেম্বৰত ষ্টক নিলামৰজৰিয়তে অসমে ১ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পাছত ১৯ ডিচেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ৷ অৱশ্যে ৰাজহ আহৰণৰ উৎসৰ ফালৰ পৰা পিছপৰা অসমৰ দৰে ৰাজ্যৰ ঋণ অভূতপূৰ্ব হাৰত বৃদ্ধি পোৱাক লৈ বিভিন্নজনে চৰকাৰক সমালোচনা কৰিছে যদিও এইবাৰ সমালোচনা কৰাসকলক প্ৰত্যুত্তৰ দি ‘অৰ্থনীতিৰ তত্ত্ব জ্ঞান’ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰী হাজৰিকাই উন্নয়নৰ লগত ঋণৰ অভিন্ন সম্পৰ্ক থকাৰ তত্ত্বৰ ব্যাখ্যা দাঙি ধৰি অসমৰ দৰেই আমেৰিকা যুক্তৰাষ্ট˜, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেেশও ঋণ লোৱাৰ যুক্তি দাঙি ধৰে৷ আনকি ঋণৰ বাবে অসমৰ অৰ্থনীতি দুৰ্বল হোৱাৰ অভিযোগৰে এটা চক্ৰই ভুল ধাৰণা দিবলৈ চেষ্টা কৰা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীজনে আক্ষেপ ব্যক্ত কৰে৷ অৱশ্যে বৰ্তমান মাহে মাহে ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ যাত্ৰাই অচিৰেই অসমক ঋণৰ প্ৰয়োজনীয়তা নোহোৱা কৰিব বুলিও দাবী কৰে মন্ত্ৰী হাজৰিকাই৷ এই সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই সামাজিক মাধ্যমত উল্লেখ কৰে এইদৰে– ‘অৰ্থনীতিৰ অলপহ’লেও ধাৰণা থকা লোকে ভালদৰে জানে যে উন্নয়নৰ লগত ঋণৰ অভিন্ন সম্পৰ্ক৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰো ঋণ আছে৷ মূল কথাটো সেইটোহে ঋণৰ টকাৰ সদব্যৱহাৰ হৈছেনে নাই, ঋণে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সীমা অতিক্ৰম কৰিছে নেকি! ৰিজাৰ্ভ বেংকে বিগত ১৪ ডিচেম্বৰত প্ৰকাশ কৰা সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যৰ তালিকাত দূৰ দূৰণিলৈ কিন্তু অসমৰ নাম নাই৷ সৰ্বাধিক ঋণ লোৱা, বিপদজনক হৈ উঠা ৰাজ্যেৰ তালিকাত আছে সৌ সিদিনালৈকে কংগ্ৰেছৰ শাসন থকা ৰাজস্থান, পশ্চিমবংগ, বিহাৰ, কেৰালা, পাঞ্জাৱ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্য৷ ৰিজাৰ্ভ বেংকৰ তথ্যমতেই অসমতকৈ সৰু ৰাজ্য পঞ্জাৱৰ ঋণ হৈছে ৩ লাখ ১২ হাজাৰ কোটি, অসমতকৈ সৰু ৰাজ্য কেৰালাত ৩লাখ ৫৭ হাজাৰ কোটি, চুবুৰীয়া পশ্চিম বংগত ৫ লাখ ৯০ হাজাৰ কোটি, ৰাজস্থানত ৫ লাখ ৩৮ হাজাৰ কোটি হোৱাৰ বিপৰীতে অসমৰ ঋণ ১ লাখ ৩৫ হাজাৰ কোটি টকা৷ ঋণ লোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া৷ অসমেও লৈছে, কিন্তু বেলেগ ৰাজ্যৰ তুলনাত কম ঋণগ্ৰস্ত হৈয়েই আছে অসম৷ অসমে ঋণ লোৱা আৰু সময়মতে ঘূৰাই দিয়াৰ ৰিজাৰ্ভ বেংকৰ সতৰ্কতাৰ সকলো চৰ্ত পূৰণ কৰা ৰাজ্যৰ তালিকাতহে সন্মানেৰে আছে৷ অসম চৰকাৰে আজিও ঋণ ল’ব পৰা হৈ আছে কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ঋণ লৈ সদব্যৱহাৰ কৰা নাছিল, উন্নয়নত গুৰুত্ব দিয়া নাছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত৷ সেই দিনো আহি আছে সোনকালে যে উন্নয়নৰ এই যাত্ৰাই ৰাজ্যত ঋণৰ প্ৰয়োজনেই নোহোৱা কৰিব৷ অপ্ৰচাৰ চলোৱাই চলাই থাকিব, কিন্তু কোনো কাৰণতে সুদীৰ্ঘ বছৰৰ মূৰত আৰম্ভ হোৱা উন্নয়নৰ এই অনন্য যাত্ৰা আমি স্তব্ধ হবলৈ নিদিওঁ৷’ অৱশ্যে মন্ত্ৰী পীয়ূষ হাজৰিকাই পঞ্জাৱ, কেৰালা, পশ্চিম বংগ, ৰাজস্থানতকৈ অসমৰ ঋণৰ পৰিমাণ কম বুলি দাবী কৰিছে যদিও পঞ্জাৱ, পশ্চিম বংগ, ৰাজস্থানতকৈ ঋণৰ হাৰ বৃদ্ধিত অসম শীৰ্ষত আছে৷ ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি পঞ্জাৱৰ ঋণৰ হাৰ ৫৬.২৭ শতাংশ আৰু পশ্চিম বংগৰ ঋণৰ হাৰ ৬৩.৯৪ শতাংশ৷ ইয়াৰ বিপৰীতে ৰাজস্থানৰ ঋণৰ হাৰ ৯০.৬৫ শতাংশ যদিও অসমৰ ঋণৰ হাৰ ১৮৮.৩৪ শতাংশ৷ অৰ্থাৎ অসমৰ ঋণৰ হাৰ ৰাজস্থানতকৈ দুগুণ অধিক৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চৰকাৰে লোৱা ঋণৰ বোজা নাগৰিকৰ মূৰৰ ওপৰত নপৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ চৰকাৰে লোৱা ঋণৰ বোজা চৰকাৰেই মাৰিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে৷ শনিবাৰে অসম চৰকাৰৰ ঋণৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ স্বভাৱসিদ্ধ ভংগীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুক্তি দি কয়– ‘মোৰ মূৰত ধাৰৰ বোজা নাই৷ আপোনাৰ মূৰত যদি ধাৰৰ বোজা আছে, তেতিয়াহ’লে আপুনিয়েই সেই ধাৰৰ বোজা মাৰিব লাগিব৷ ধাৰক লৈ মোৰ কোনো টেনছন নাই৷ চৰকাৰে লোৱা ঋণৰ বাবে কাৰো মূৰৰ ওপৰত বোজা নাই৷ এইবিলাক সাহিত্যিকে লিখা কথা৷ নিজেই বেংকৰ পৰা লোৱাখিনিহে নিজৰ বোজা৷ বাকীখিনি চৰকাৰৰ বোজা আৰু তাক চৰকাৰে পৰিশোধ কৰি থাকিব৷ এনে প্ৰচাৰ কৰি নিজৰ জাতিটোক ক্ষতি কৰে নেকি? এনে কথা প্ৰকাশ পোৱাৰ লগে লগে অসমলৈ আহিবলগীয়া বিনিয়োগকাৰী হ্ৰাস পাব৷’