এক্সেল পাব্লিক স্কুলৰ 'খেল-কৃষ্টি সমাৰোহ'ৰ সফল সামৰণি
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ এক্সেল পাব্লিক স্কুলে অতি উদ্যম আৰু উৎসাহেৰে 'খেল-কৃষ্টি সমাৰোহ ২০২৩' শীৰ্ষক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কৰে। ১৭ ডিচেম্বৰত আয়োজিত এই অনুষ্ঠানটি অতি আড়ম্বৰপৰ্ণূভাৱে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ এন চি চি কেডেটসকলে অতিথিসকলক এস্কৰ্ট কৰি অনুষ্ঠানলৈ আগবঢ়াই আনে আৰু বন্তি প্রজ্বলনেৰে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ নেতৃত্বত গ্ৰেণ্ড পেৰেডৰ জৰিয়তে 'খেল-কৃষ্টি সমাৰোহ' শীৰ্ষক এই কাৰ্যসূচী আৰম্ভ হয় ৷
২১ বছৰ সম্পূর্ণ কৰাৰ গৌৰৱ আৰু সফলতাৰ সাক্ষী স্বৰূপ বিদ্যালয়ৰ ২১ খন পতাকা প্রদর্শন কৰা হয় ৷ এই শোভাযাত্ৰাত এক্সেলৰ এন চি চি গ্ৰুপ আৰু বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া ছাত্র-ছাত্রীসকল, শিক্ষক আৰু কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰি ঐক্য আৰু উৎসাহৰ পৰিচয় দিয়ে। বিদ্যালয়ৰ সংগীত পৰিবেশনেৰে অনুষ্ঠানলৈ সকলোকে আদৰণি জনোৱা হয় ৷ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ, ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু উপ-সাধাৰণ প্ৰবন্ধক এইচ আৰ এণ্ড এ, অইল ইণ্ডিয়া লিমিটেড ,গুৱাহাটীৰ কৃষ্ণ হাজৰিকা ৰাও মুখ্য অতিথিৰূপে উপস্থিত থকা এই অনুষ্ঠানটিত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালক, ৱেৰহাউছ কৰ্পৰেশ্যন, অসমৰ পৰিচালন সঞ্চালক প্রদীপ টিমুং,বিশিষ্ট লেখক আৰু সমালোচক ময়ূৰ বৰা, প্ৰাক্তন সঞ্চালক আৰু গুৱাহাটী অঞ্চলৰ চিবিএছইৰ আঞ্চলিক বিষয়া কিশোৰ কুমাৰ চৌধুৰী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।
বিদ্যালয়ৰ অধ্যক্ষা মণ্টি গগৈয়ে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনায় ৷ সুস্থ জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মনোমোহা যোগাসন প্ৰদৰ্শনৰ পিছত এক্সেল পাব্লিক ছ’চাইটিৰ সঞ্চালক প্ৰশান্ত চৌধুৰীয়ে উষ্ম আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য অতিথি কৃষ্ণ হাজৰিকা ৰাৱে সামগ্ৰিক বিকাশত ক্ৰীড়াৰ তাৎপৰ্যৰ বিষয়ে এক সাৰুৱা ভাষণ প্রদান কৰে। উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ ছাত্র ঋষৱ চৌধুৰী সোঁৱৰণী বঁটাও প্ৰদান কৰা হয়। দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ সৰ্বানী দেৱক এই বঁটা প্ৰদান কৰা হয়। দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত সৰ্বানীৰ উল্লেখযোগ্য কৃতিত্বক স্বীকৃতি দি অধ্যক্ষা মণ্টি গগৈ চৌধুৰীয়ে এই বঁটা প্ৰদান কৰে।
অনুষ্ঠানটিৰ আন এক আকর্ষণ আছিল বঁটা বিতৰণী অনুষ্ঠান৷ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিভিন্ন ইণ্টাৰ হাউছ প্ৰতিযোগিতাৰ বিভিন্ন দলীয় আৰু একক শাখাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। বিজয়ীসকলে বিশিষ্ট অতিথিসকলৰ পৰা ট্ৰফী, পদক আৰু কৃতিত্বৰ প্ৰমাণ পত্ৰ লাভ কৰে। শিক্ষকসকলেও বিশেষ ক্ৰীড়াৰ বাবে সন্মানীয় অতিথি কিশোৰ চৌধুৰীৰ পৰা স্বীকৃতি লাভ কৰে। এক্সেল পাব্লিক স্কুল কর্তৃপক্ষই বিদ্যালয়খনলৈ নিস্বার্থভাৱে সেৱা আগবঢ়াই ১০ বছৰ সম্পূর্ণ কৰা নিষ্ঠাবান কৰ্মচাৰীসকলক কৃতজ্ঞতা প্ৰকাশ কৰি সন্মান প্রদর্শন কৰে। এই সম্মানত নগদ ১০ হাজাৰ টকা, এখন ফুলাম গামোছা আৰু এটা মমেন্ট’ আগবঢ়োৱা হয় ৷ ভাৰতৰ চহকী ক্ৰীড়া ঐতিহ্য আৰু বিশ্বব্যাপী লাভ কৰা কৃতিত্বক শ্ৰদ্ধা জনাই বিভিন্ন ক্ৰীড়া প্ৰদৰ্শনেৰে অনুষ্ঠান অব্যাহত থাকে। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷