Logo
image

অগপ নেতৃত্বক দেৱতাৰ শাৰীত তুলি দিয়াৰ ফল ভুগিলে অসমবাসীয়ে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ ডিচেম্বৰঃ ‘অসম আৰু অসমীয়া জাতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি পৰিচিত ভাষা আন্দোলন, অসম আন্দোলন, ‘কা’বিৰোধী আন্দোলন– প্ৰতিটোকে মই বিশ্লেষণ কৰিছোঁ৷ কিন্তু অসমীয়াৰ অসচেতনতা, অদূৰৰ্শিতাকে ধৰি বিভিন্ন কাৰকৰ বাবে আন্দোলনসমূহ ভবা ধৰণে সফল নহ’ল৷’ –এই মন্তব্যবিশিষ্ট শিক্ষাবিদ, সমালোচক ড॰ হীৰেন গোহাঁইৰ৷ মঙলবাৰে গুৱাহাটী প্ৰেছত আয়োজিত ‘এই মাহৰ অতিথি’ অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে ড॰ হীৰেন গোহাঁয়ে৷ অনুষ্ঠানটোত ড॰ হীৰেন গোহাঁয়ে কয়– ‘অসম আন্দোলনটোৰ আৰম্ভণিতে কেণা আছিল৷ তাতকৈ ডাঙৰ কথা আছিল আন্দোলনৰ হিংসাত্মক দিশটো৷ এই দিশটোৰ পূৰ্ণ প্ৰতিফলন হৈছিল নেলীত৷ নেলীত হাজাৰ হাজাৰ মানুহক হত্যা কৰা হৈছিল৷ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল৷ অসম আন্দোলনৰ সেই সময়ৰ বহু ঘটনা তেতিয়া বাতৰিকাকতত প্ৰকাশ কৰা হোৱা নাছিল৷ আন্দেলনটোৱে কি ফল দিলে তাক সকলোৱে দেখিলে৷ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হ’ল৷ তেওঁ অলপ ঠাণ্ডা ধৰণৰ মানুহ আছিল যদিও ৰাইজ চৰকাৰখনৰ প্ৰতি অতিষ্ঠ হ’ল৷ অগপ নেতৃত্বক দেৱতাৰ শাৰীত তুলি দিয়াৰ ফল ভুগিলে ৰাইজে৷ আনকি আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়তো মোক দেখিলে একাংশ মানুহে থু পেলাইছিল, গালি-শপনি পাৰিছিল৷ এতিয়া মাজে মাজে সেইবোৰ মনত পৰিলে দুখ লাগে৷ মই জানো সেয়া কিন্তু ক্ষণস্থায়ীহে৷ অগপ চৰকাৰখনৰ প্ৰথমটো কাৰ্যকালৰ শেষৰফালে ৰাইজ চৰকাৰখনৰ ওপৰত ইমানেই অতিষ্ঠ হৈ পৰিল যে এটা সময়ত দেৱতাৰ শাৰীত তোলাসকলক শাওপাত দিবলৈ আৰম্ভ কৰিলে৷ প্ৰফুল্ল কুমাৰ মহন্ত পাছত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈ চৰকাৰ গঠন কৰিলে যদিও দ্বিতীয় কাৰ্যকাল প্ৰথমটোতকৈ আৰু ভয়লগা আছিল৷’ ভাষণ প্ৰসংগত ড॰ হীৰেন গোহাঁয়ে কয়– ‘আন্দোলনৰ নামত বাঙালী মানুহকে গালি পৰা হ’ল৷ খাছী পাহাৰৰ মানুহ, ভিতৰুৱা অঞ্চলত বাস কৰা বড়ো মানুহে অসমীয়া ভাষা ক’ব নোৱাৰিছিল৷ আন্দোলনৰ নামত তেওঁলোককো অসমীয়া ভাষা জাপি দিবলৈ চেষ্টা কৰা হ’ল৷ কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰাথমিক স্তৰত শিক্ষা সদায় মাতৃভাষাৰ মাধ্যমতে হ’ব লাগে৷ সমাজৰ প্ৰতি থকা ভাল পোৱা, সমাজ চেতনাই মোক সাহিত্য সমালোচনাৰ জগতখনলৈ লৈ গৈছিল৷ সমাজ এখনৰ প্ৰতিফলন ঘটে ৰাজনীতিত৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত মই অগপ, কংগ্ৰেছ, বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজক সমালোচনা কৰি আহিছোঁ৷ কিন্তু বিজেপি চৰকাৰখনে সমালোচনা কৰোঁতে মোক অপদস্থ কৰিবলৈহে চেষ্টা কৰে৷ কংগ্ৰেছ দলে অৱশ্যে অলপ শালীনতা বজাই ৰাখিছিল, মোৰ কথা অলপ হ’লেও শুনিছিল৷ আজি চৰকাৰখনে মিঞাক বাদ দি চলিব খুজিলেও মিঞাক বাদ দি এতিয়া অসম চলিব নোৱাৰে৷ মিঞা নহ’লে অসমত এতিয়া নিৰ্মাণকাৰ্য নহয়৷ তেওঁলোক এতিয়া শিক্ষা-দীক্ষাত আগবাঢ়ি গ’ল৷ আজিৰ দিনত অসমৰ মেডিকেল কলেজৰ ৩০০খন আসনৰ ভিতৰত ৪২খনত তেওঁলোকে অধ্যয়ন কৰি আছে৷ নতুন শিক্ষানীতিয়ে কৰ্প’ৰেট গোষ্ঠীকহে সহায় কৰিব৷ একাংশই ইয়াৰ নামত স্কুল-কলেজ খুলিব৷ ব’হাগ বিহুৰ নামত বিহু উদ্‌যাপন সমিতিক ২.৫০ লাখকৈ টকা দিয়াৰ সলনি সেই টকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উন্নতি কৰক, শিক্ষকক দৰমহা দিয়ক৷ ফ’ৰলেন, ছিক্সলেন, ফ্লাইঅভাৰ আদি নিৰ্মাণৰ নামত এফালৰ পৰা গছ-গছনি কাটি তহিলং কৰা হৈছে৷ মোক প্ৰয়াত জি এল আগৰৱালাই ‘দ্য নৰ্থ ইষ্ট টাইম্‌ছ’ নামৰ ইংৰাজী দৈনিক কাকতখনলৈ মাতি নি সম্পাদকৰ দায়িত্ব দিছিল৷ জি এল আগৰৱালা যথেষ্ট সৎ আৰু ভদ্ৰ মানুহ আছিল৷ তেওঁৰ তাগিদাতে সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ৷ সেই সময়ত বাতৰিকাকত সন্দৰ্ভত মোৰ বহু অভিজ্ঞতা হৈছিল৷’ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীৰ আদৰণী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক দিগন্ত ওজাই৷ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি যতীন ভাগৱতীয়ে৷ অনুষ্ঠানটোত ড॰ হীৰেন গোহাঁইৰ সৈতে সাংবাদিকসকলে বিভিন্ন বিষয়ত মত-বিনিময় কৰে৷