Logo
image

দেশদ্ৰোহ আইন বিলুপ্ত, নাবালিকা ধৰ্ষণ-গণনিগ্ৰহকাৰীক মৃত্যুদণ্ড

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ডিচেম্বৰঃ বিৰোধী দলৰ ৯৭জন সাংসদৰ অনুপস্থিতিত নৰেন্দ্ৰ মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ ভাৰতীয় ফৌজদাৰী আইন সলনি কৰি নতুন দণ্ডসংহিতা আইন বুধবাৰে লোকসভাত গৃহীত কৰিলে৷ আইন প্ৰণয়নৰ অংশ হিচাপে একোখন বিধেয়কৰ বিশদ আলোচনাত চৰকাৰী পক্ষৰ লগতে বিৰোধী দলৰ সাংসদৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷ কিন্তু বিগত কেইদিনত বিক্ষোভৰ ‘অপৰাধ’ত ৯৭জন সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা অৱস্থাত বুধবাৰে চৰকাৰীপক্ষই বিনাবাধাই ধবনি ভোটত তিনিখন দণ্ডসংহিতা গৃহীত কৰে৷ ইয়াৰ ফলত ১৮৬০ চনৰ ‘ইণ্ডিয়ান পেনেল ক’ড’ৰ [ভাৰতীয় দণ্ডবিধি] স্থানত প্ৰতিষ্ঠাপিত হ’ব ভাৰতীয় ন্যায় সংহিতা, ১৮৯৮ চন ‘ক্ৰিমিনেল প্ৰচিডিঅ’ৰ এক্ট’ৰ [ফৌজদাৰী দণ্ডবিধি] স্থানত প্ৰতিষ্ঠাপিত হ’ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ‘ইণ্ডিয়ান এভিডেন্স এক্ট’ৰ [ভাৰতীয় সাক্ষ্য আইন] স্থানত প্ৰতিষ্ঠাপিত হ’ব ভাৰতীয় সাক্ষ্য বিল৷ বিৰোধী-শূন্য লোকসভাত এই তিনিখন দণ্ডসংহিতাৰ বিতৰ্কত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰে, ইয়াৰ জৰিয়তে মোদী চৰকাৰে ব্ৰিটিছৰ দাসত্বৰ ‘কালিমা’ মছি দিলে৷ গৃহমন্ত্ৰীৰ বক্তব্য, ব্ৰিটিছৰ পৰাধীন ভাৰতত শাস্তি প্ৰদানৰ বাবে এই আইন ব্যৱহাৰ হৈছিল৷ অমিত শ্বাহৰ মতে, এতিয়া নতুন দণ্ডসংহিতা ব্যৱহাৰ হ’ব ন্যায় প্ৰদানৰ বাবে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জনাই যে, নতুন দণ্ডসংহিতা অনুসাৰে দেশদ্ৰোহ আইন বিলুপ্ত কৰা হ’ল৷ তেওঁ কয়, স্বাধীন ভাৰতৰ চৰকাৰে ইমানদিনে ব্ৰিটিছৰ ৰাজদ্ৰোহ আইনকে দেশদ্ৰোহ আইন হিচাপে চলাই আছিল৷ অৱশ্যে নতুন দণ্ডসংহিতাত সন্ত্ৰাসবাদৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে৷ জাতীয় নিৰাপত্তা নিশ্চিত কৰা আৰু সন্ত্ৰাসবাদ দমনত কঠোৰ পদক্ষেপ লোৱাৰ বাবেই সেই সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে৷ পূৰ্বে বিভিন্ন সুৰুঙাৰে সন্ত্ৰাসবাদী সাৰি গৈছিল৷ এতিয়া সেই সুৰুঙা বন্ধ হ’ল৷ নতুন আইনত দুটা গুৰুত্বপূৰ্ণ বিষয় হৈছে গণপ্ৰহাৰত নিহত লোকৰ অপৰাধী চিহ্নিত হ’লে শাস্তি মৃত্যুদণ্ড৷ তেনেদৰে নাবালিকাৰ ধৰ্ষণকাৰীৰ শাস্তিও হ’ব ফাঁচী৷ ‘হিট এণ্ড ৰান’ৰ গোচৰত অভিযুক্তই ভুক্তভোগীক চিকিৎসালয়লৈ নিলে অপৰাধীৰ শাস্তি লঘূ হ’ব৷ যদিহে গাড়ীৰে খুন্দিয়াই চালক পলাই যায়, তেন্তে শাস্তি গুৰুতৰ হ’ব৷ আনহাতে, যিকোনো অপৰাধৰ ক্ষেত্ৰত অভিযুক্তই ৩০ দিনৰ ভিতৰত অপৰাধ স্বীকাৰ কৰি ল’লে শাস্তি লঘূ হ’ব, অন্যথা শাস্তি হ’ব গুৰুতৰ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্যত এটা বিষয় নিশ্চিত হৈছে, নতুন দণ্ডসংহিতাত আৰক্ষীৰ ক্ষমতা বৃদ্ধি হ’ব৷ অৱশ্যে গৃহমন্ত্ৰীয়ে আৰক্ষীৰ দায়বদ্ধতা শক্তিশালী হ’ব বুলিহে দাবী কৰিছে৷

যোৱা ১১ আগষ্টত লোকসভাৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই তিনিখন বিধেয়ক সংসদত দাখিল কৰিছিল৷ তাৰ পাছতে তিনিওখন বিধেয়ক লোকসভাৰ ষ্টেণ্ডিং কমিটীৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু সংশোধিত বিধেয়ক তিনিখন মঙলবাৰে পুনৰ লোকসভাত দাখিল কৰে গৃহমন্ত্ৰী অমিত শ্বাহে৷ মাজৰ সময়চোৱাত বিৰোধী ৰাজনৈতিক দলসমূহে এই তিনিখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক দৌৰাদৌৰিকৈ শীতকালীন অধিৱেশনতে গৃহীত নকৰিবলৈ চৰকাৰক আহ্বান জনাইছিল৷ বিৰোধী দলৰ পৰামৰ্শ আছিল, এনেদৰে হঠাতে এই আইন পৰিৱৰ্তন কৰিলে দেশৰ জনজীৱনত প্ৰভাৱ পৰিব৷ সেয়ে অতি সতৰ্কতাৰে এনে আইনৰ পৰিৱৰ্তন ঘটোৱা আৱশ্যক৷ পিছে বিৰোধীৰ পৰামৰ্শ কৰ্ণপাত কৰা দূৰৰে কথা, মোদী চৰকাৰে লোকসভাৰ ৯৭জন বিৰোধী সাংসদক নিলম্বিত কৰি তিনিওখন বিধেয়ক গৃহীত কৰিলে৷