Logo
image

নিৰ্বাচন নালাগে! দিছপুৰৰ পত্ৰ আয়োগলৈ

  •  কৰ’না, সময়ৰ অভাৱৰ অজুহাতত উপ-নিৰ্বাচন বাতিলৰ অনুৰোধ 
  • বিহাৰত নিৰ্বাচন সম্ভৱ হ’লেও অসমত নহয়

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ ৰাজ্যত সদ্যহতে কোনো নিৰ্বাচন নাপাতিবলৈ দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি পোনপটীয়াকৈ অনুৰোধ জনাইছে দিছপুৰে৷ যোৱা বুধবাৰে নিৰ্বাচন আয়োগে লাভ কৰা এই পত্ৰখনত স্বাক্ষৰ কৰিছে স্বয়ং ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিবে নিৰ্বাচন আয়োগক জনাইছে যে অসমত এই মুহূৰ্তত ক’ভিড সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ এনে পৰিস্থিতিত অক্টোবৰ বা ডিচেম্বৰ মাহত কোনো ধৰণৰ নিৰ্বাচন পতা উচিত নহ’ব৷ মূলতঃ ভোট গ্ৰহণৰ অপেক্ষাত থকা শিৱসাগৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন নিবিচাৰিয়ে এই পত্ৰ৷ তেওঁ আৰু উল্লেখ কৰে যে ২০২১ চনৰ মাৰ্চ-এপ্ৰিল মাহত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেই সূত্ৰে বৰ্তমান সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’লে ২০২১ চনৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কিছু সময়হে থাকিব৷ শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক প্ৰণব গগৈৰ চলিত বৰ্ষত ৩ ফেব্ৰুৱাৰীত আৰু ৰঙাপাৰা সমষ্টিৰ বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰৰ ২০১৯ চনৰ ১০ ডিচেম্বৰত মৃত্যু হয়৷ তেতিয়াৰে পৰা সমষ্টি দুটা জনপ্ৰতিনিধিহীন হৈ আছে৷ প্ৰশ্ন হয় যিহেতু নিৰ্বাচন আয়োগে বিহাৰৰ ভোট গ্ৰহণ তিনিটা পৰ্যায়ত ক্ৰমে ২৮ অক্টোবৰ, ৩ আৰু ৭ নৱেম্বৰত ঘোষণা কৰিছে, তেনে ক্ষেত্ৰত অসমত দুটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণ কি? দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো উপ-নিৰ্বাচন পাতিবলৈ যথেষ্ট উৎসুক নিৰ্বাচন আয়োগ৷ নিৰ্বাচন আয়োগে অসমৰ দুটা সমষ্টিৰ লগতে দেশৰ অন্য ৬৫টা সমষ্টিৰড উপ নিৰ্বাচনৰ দিন ২৯ ছেপ্টেম্বৰত ঘোষণা কৰাৰ কথা৷ কিন্তু ৰাজ্য চৰকাৰৰ এই পত্ৰখনে এতিয়া আয়োগৰ নিৰ্বাচনী প্ৰস্তুতিত বাধা দিছে৷ বিহাৰত নিৰ্বাচন ঘোষণা কৰাৰ সময়ত অসম আৰু বিহাৰৰ কৰ’না পৰিস্থিতি যদি তুলনা কৰা যায় তেতিয়া দেখা যাব যে অসমৰ পৰিস্থিতি বিহাৰৰ তুলনাত যথেষ্ট ভাল৷ অসমৰ পৰিস্থিতি দেশৰ ভিতৰতে যে ভাল সেই কথা স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই দাবী কৰিছে৷ বৰ্তমানলৈ বিহাৰত ক’ভিডত ৮৮৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত ৬৩৮জন লোকৰ মৃত্যু হৈছে৷ বিহাৰত প্ৰায় ৰ লাখ ৭৭ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে অসমত বৰ্তমানলৈ ১৬৯১১০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ এনে ক্ষেত্ৰত বিহাৰৰ ২৪৩টা সমষ্টিতে যদি নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে তেন্তে অসমৰ দুটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ যুক্তি ক’ত৷ ইয়াৰ পূৰ্বে ৰাজ্যত কম সময়ৰ বাবে জন প্ৰতিনিধিৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই নেকি? বহুতে অনুমান কৰিছে যে কৰ’না বা সময়ৰ অজুহাতত চৰকাৰে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই যদিও ইয়াৰ আৰত অন্য কাৰণহে লুকাই আছে৷ বিজেপিয়ে হয়তো সমষ্টি দুটাত নিজৰ জয় সম্পূৰ্ণভাৱে নিশ্চিত কৰিব পৰা নাই৷ অভাব অভিযোগ আৰু দুৰ্নীতি আদিৰ অভিযোগ প্ৰতিঅভিযোগত দিছপুৰ বিপৰ্যস্ত৷ উপ-নিৰ্বাচনৰ বাবে এই মুহূৰ্তত বিজেপি মুঠেই সাজু নহয়৷ বিশেষকৈ শিৱসাগৰত অখিল গগৈ প্ৰাৰ্থী হ’ব বুলি ইংগিত পোৱাৰ পিছতে পৰিস্থিতি গেৰুৱা দলটো নিয়ন্ত্ৰত নাথাকিব বুলি ভোটৰ আস্থা হেৰুৱাই পেলাইছে৷ এই খিনিতে বিটিএডিৰ নিৰ্বাচনৰ প্ৰশ্ন উত্থাপিত হৈছে৷ এতিয়া যদি চৰকাৰে বিটিএডিৰ নিৰ্বাচন পাতে তেন্তে দুটা সমষ্টিৰ উপ নিৰ্বাচন কিয় পাতিব নোৱাৰিব বুলি প্ৰশ্ন উঠিব৷ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে নৱেম্বৰ মাহলৈ বিটিএডিৰ নিৰ্বাচন পতাটো সম্ভৱ নহ’ব৷ বিটিএডি অকলে দখল কৰিব নোৱাৰিব বুলি আশংকা কৰিয়ে পৰিষদীয় নিৰ্বাচন পাতিব বিচৰা নাই নেকি চৰকাৰখনে? কৰ’না আৰু চমু সময়ৰ বাবে নিৰ্বাচন পাতিব নোৱাৰাৰ এই চিঠিখন সন্দৰ্ভত বিৰোধী পক্ষৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই৷ দুটা বিধানসভা সমষ্টি দীৰ্ঘ দিন ধৰি নথকাৰ দৰে অগণতান্ত্ৰিক ব্যৱস্থাটোক বিজেপিয়ে আগবঢ়াই নিব খোজাৰ অভিযোগ উত্থাপিত হৈছে৷ চৰকাৰে বিধানসভাত আইন প্ৰণয়ন কৰি অসমৰ পৌৰ নিৰ্বাচনো বন্ধ কৰি দিলে৷