Logo
image

‘পদ্মশ্ৰী’ ঘূৰাই দিলে বজৰং পুনিয়াই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ডিচেম্বৰঃ অলিম্পিক পদকবিজয়ী মল্লযোদ্ধা সাক্ষী মালিকৰ পাছত বিদ্ৰোহ ঘোষণা কৰিলে আন এজন মল্লযোদ্ধা বজৰং পুনিয়াই৷ ৰাষ্ট্ৰীয় ৰেষ্টলিং ফেডাৰেচনৰ পূৰ্বৰ সভাপতি ব্ৰিজমোহন ছাৰণ সিঙৰ বিৰুদ্ধে কৰা আন্দোলন অৱশেষত ব্যৰ্থতাত পৰিণত হোৱাত অলিম্পিক পদকবিজয়ী বজৰং পুনিয়াই নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী সন্মান ঘূৰাই দিছে৷ বৃহস্পতিবাৰে সাক্ষী মালিকে একে ক্ষোভতে খেলৰ পৰাই অৱসৰ ঘোষণা কৰিছিল৷ উল্লেখ্য, সাক্ষী মালিকে ৰিঅ’ অলিম্পিকত  ৰেষ্টলিঙত ব্ৰঞ্জৰ অৰ্জন কৰিছিল৷ সাক্ষী মালিক, বজৰং পুনিয়াই ৰেষ্টলিং ফেডাৰেচনৰ পূৰ্বৰ সভাপতি ব্ৰিজভূষণ ছাৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ প্ৰতিবাদত হোৱা দীৰ্ঘদিনজোৰা আন্দোলনৰ নেতৃত্ব দিছিল৷ বৃহস্পতিবাৰে ব্ৰিজভূষণৰ ব্যৱসায়িক সংগী সঞ্জয় সিং ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত হোৱাত সাক্ষী-বজৰং আদি হতাশাত ভাগি পৰে৷ এনে পৰিস্থিতিৰ মাজতে শুকুৰবাৰে বজৰং পুনিয়াই এটা ফেচবুক পোষ্টত ঘোষণা কৰে যে, তেওঁ পদ্মশ্ৰী ঘূৰাই দিছে৷ বজৰঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি লিখে–‘মই মোৰ পদ্মশ্ৰী সন্মান ঘূৰাই দিছো৷ আপুনি নি(য় বিভিন্ন কামত ব্যস্ত, তথাপি লিখিবলৈ বাধ্য হৈছো৷ কাৰণ দেশৰ মল্লযোদ্ধাৰ প্ৰতি এনে কিছুমান ঘটনা ঘটিছে যাৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰা প্ৰয়োজন৷’ তেওঁ পুনৰ লিখিছে–‘আমি প্ৰতিবাদ বন্ধ কৰিছিলো, কাৰণ চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যৌন নিৰ্যাতনকাৰী ব্ৰিজভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ যোৱা জানুৱাৰীত তেওঁৰ বিৰুদ্ধে ১৯টা অভিযোগ উত্থাপিত হৈছিল৷ এতিয়া সেয়া ৭ লৈ হ্ৰাস পালে৷ ইয়েই প্ৰমাণ কৰে ব্ৰিজভূষণ কিমান শক্তিশালী৷ তেওঁৰ ভাবুকিতে ১২জন প্ৰতিবাদকাৰী আঁতৰি গৈছিল৷’

প্ৰসংগতঃ উল্লেখযোগ্য, দেশৰ বহুসংখ্যক মল্লযোদ্ধাই দুটা পৰ্যায়ত ব্ৰিজভূষণৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ প্ৰথম পৰ্যায়ৰ প্ৰতিবাদত বক্সাৰ তথা সাংসদ এম চি মেৰীকমৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰা হৈছিল৷ সেই কমিটীয়ে ভাৰতীয় অলিম্পিক এছ’চিয়েনক দাখিল কৰা প্ৰতিবেদনত অভিযুক্তক ক্লীনশ্বিট দিয়াৰ অভিযোগ উঠিছিল৷ অথচ প্ৰতিবেদন আজিলৈ প্ৰকাশ নহ’ল৷ দ্বিতীয় পৰ্যায়ত যন্তৰ মন্তৰত ৪০ দিন ধৰি মল্লযোদ্ধাই প্ৰতিবাদ কৰে আৰু বিভিন্ন পক্ষৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰে৷ কিন্তু ২৮ মাৰ্চত প্ৰতিবাদকাৰীয়ে সংসদলৈ শোভাযাত্ৰা কৰোতে দিল্লী আৰক্ষীয়ে সকলোকে প্ৰতিবাদস্থলীৰ পৰা উৎখাত কৰে৷ পাছত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে আলোচনাৰ অন্তত তেওঁলোকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে৷ অৱশ্যে তেতিয়াও ব্ৰিজভূষনক ৰেষ্টলিং ফেডাৰেচনৰ পৰা অপসাৰন কৰা, তেওঁৰ ঘনিষ্ঠক ফেডাৰেচনৰ পৰা নিলগাই ৰখাৰ দাবীত প্ৰতিবাদকাৰী অটল আছিল৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ব্ৰিজভূষণৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছিল৷ তদন্তত নিৰ্যাতিতা মল্লযোদ্ধাই ভিডিঅ’সহ যৌন নিৰ্যাতনৰ প্ৰমাণ দাখিল কৰিছিল৷ তাৰ মাজতে বৃহস্পতিবাৰে হোৱা ৰেষ্টলিং ফেডাৰেচনৰ নিৰ্বাচনত ব্ৰিজভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং সভাপতি নিৰ্বাচিত হোৱাৰ লগে লগে মল্লযোদ্ধাৰ প্ৰতিবাদী আন্দোলন ব্যৰ্থতাত পৰিণত হয়৷ সমাজবাদী পাৰ্টীৰ পৰা এবাৰ আৰু বিজেপিৰ পৰা ৪ বাৰ সাংসদ হৈ অহা উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ নেতা ব্ৰিজভূষণৰ বিৰুদ্ধে ৰাজনৈতিক কাৰণতে বিজেপিয়ে পদক্ষেপ গ্ৰহণ নকৰে৷ সমাগত সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁক অসন্তুষ্ট কৰিবলৈ সাহস নকৰা বিজেপি চৰকাৰৰ পৰোক্ষ সমৰ্থনত এতিয়াও দুৰত থাকি দেশৰ ৰেষ্টলিং ফেডাৰেচন নিয়ন্ত্ৰণ কৰি আছে ব্ৰিজভূষণে৷ এই বিজেপি সাংসদে দীৰ্ঘদিন তৰুণী মল্লযোদ্ধাক যৌন নিৰ্যাতন চলাই আহিছিল৷ তথাপি এতিয়াও তেওঁ মুক্ত আকাশৰ তলত সদম্ভে সাংসদ হৈ আছে৷