Logo
image

চীনৰ নতুন আণৱিক বোমা, ত্ৰস্তমান বিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ ডিচেম্বৰঃ ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-পেলেষ্টাইন যুদ্ধ চলি থকাৰ সময়ত সমগ্ৰ বিশ্বৰ ভূ-ৰাজনৈতিক পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে৷ অন্যাৰ্থত এই দুই যুদ্ধই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ কোন কোন গোষ্ঠীৰ প্ৰতি আনুগত্য সেয়া মুকলি কৰি দিছে আৰু নিকট  ভৱিষ্যতত এখন সৰ্বনশীয়া মহাসমৰৰ পথ নিৰ্দিষ্ট কৰা বুলি এটা তত্ব প্ৰচাৰ হৈছে৷ ঠিক সেই সময়তে বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ চীনে নতুন প্ৰজন্মৰ পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰি নিজৰ পাৰমাণৱিক বোমাৰ বিধবংসী ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ চীনৰ জিনজিয়াং প্ৰদেশৰ লুপ নুৰ পাৰমাণৱিক পৰীক্ষাগাৰৰ  ঘাটিত দেশখনে অতিকৈ বিধবংসী নতুন প্ৰজন্মৰ আনৱিক বোমাৰ পৰীক্ষা চলাবলৈ উদ্যত হোৱাৰ ঘটনাই সমগ্ৰ বিশ্বকে ত্ৰস্তমান কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ যে, চীনে এই লুপ নুৰ ঘাটিতে এতিয়াৰ পৰা ৬০ বছৰ পূৰ্বে প্ৰথমটো পৰমাণু অস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিছিল৷ চীনৰ এই নতুন পৰীক্ষণ চুবুৰীয়া ভাৰতৰ বাবে যিমান উদ্বেগৰ বিষয়, কূটনৈতিক সংঘাত অব্যাহত থকা আৰু বিপৰীত মেৰুত অৱস্থান কৰি থকা আমেৰিকাৰ বাবে সমানেই উগ্বিগ্নতাৰ বিষয়৷ সন্দেহ নাই, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইল-পেলেষ্টাইন যুদ্ধই স্পষ্টভাৱে বিভাজন ঘটোৱা ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকাৰ গোষ্ঠীত থকা ৰাষ্ট্ৰসমূহৰো উদ্বিগ্নতা চীনৰ এই পদক্ষেপে বঢ়াই তুলিছে৷ অৱশ্যে আমেৰিকাক বাদ দি অন্যান্য দেশৰ তুলনাত অধিক বিপজ্জনক স্থানত আছে ২০০০ কিলোমিটাৰতকৈয়ো অধিক সীমান্ত একেলগে থকা ভাৰত৷ কিয়নো বিগত ৩-চ্ছ্ৰ বছৰত ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছে৷ অধিক আমেৰিকামুখী হৈ পৰা ভাৰতক উপেক্ষা কৰাৰ মনোভাৱ বুজাই দি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ৰ শীৰ্ষ সন্মিলনত উপস্থিত থকা নাছিল, য’ত ভাৰতে সৰ্বাধিক প্ৰাধান্য দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক৷

চীনৰ এই শেহতীয়া কাৰ্যকলাপৰ বিষয়ে প্ৰকাশ কৰিছে নিউয়ৰ্ক টাইমছে৷ অৱশ্যে এয়া আমেৰিকাৰ ‘প্ৰপাগাণ্ডা’ বুলি ভবাৰ থল তেনেই কম, কিয়নো নিৰপেক্ষ বাতৰিত গুৰুত্ব দিয়া নিউৰ্য়ক টাইমছে তেওঁলোকৰ এই সংবাদ প্ৰস্তুত কৰিছে বেচৰকাৰী কৃত্ৰিম উপগ্ৰহে প্ৰেৰণ কৰা কেতবোৰ ফটো আৰু অভিজ্ঞ সমৰবিদে কৰা বিশ্লেষণৰ ওপৰত ভিত্তি কৰি৷ সেই উপগ্ৰহ চিত্ৰত চীনৰ জিনজিয়াং প্ৰদেশৰ লুপ নুৰ পৰমাণু অস্ত্ৰ পৰীক্ষাগাৰ অস্বাভাৱিক সক্ৰিয় হৈ পৰা দেখা গৈছে৷ বিভিন্ন ফটো বিশ্লেষণ কৰি চীন যে নতুন পৰমাণু বোমা পৰীক্ষাৰ বাবে প্ৰস্তুত হৈছে, সেয়া প্ৰায় নিশ্চিত হৈছে৷ একে সময়তে চীনে ৰাসায়নিক বিস্ফোৰণৰ জৰিয়তে পৰমাণু বোমাৰ বিস্ফোৰণৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলোৱা বুলি বিশেষজ্ঞ নিশ্চিত হৈছে৷ উপগ্ৰহ চিত্ৰ আৰু ভিডিঅ’ বিশ্লেষণ কৰি বুজা গৈছে, চীনে কিছুমান অত্যাধুনিক মানৰ বেলিষ্টিক আৰু জাহাজৰ পৰা নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে, য’ত আছে ‘নিউক্লিয়েৰ হেড’ আৰু সেই ভয়ংকৰ অস্ত্ৰৰেই পৰীক্ষাৰ প্ৰস্তুতি চলাইছে৷ ৰেনি বেবিয়াৰ্জ নামৰ এজন বিশেষজ্ঞই দীৰ্ঘদিন ধৰি চীনৰ লুপ নুৰ পাৰমাণৱিক পৰীক্ষাগাৰৰ কাৰ্যকলাপ বিশ্লেষণ কৰি আছে, যি পেণ্টাগনৰ প্ৰাক্তন বিষয়া৷ তেওঁ এই উপগ্ৰহ চিত্ৰ বিশ্লেষণ কৰি চীনে নতুন প্ৰজন্মৰ পাৰমাণৱিক বোমা বা ‘নিউক্লিয়েৰ হেড’ পৰীক্ষা কৰিবলৈ প্ৰস্তুতি লোৱা খাটাং বুলি মন্তব্য কৰিছে৷ ১৯৬৪ চনত এই লুুপ নুৰত চীনে প্ৰথম পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিছিল আৰু বেবিয়াৰ্জে বিগত এযুগ ধৰি সেই লুপ নুৰৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি আছে৷ লুপ নুৰৰ উপগ্ৰহ ছবি বিশ্লেষণ কৰাত ধৰা পৰিছে, ২০১৭ চনৰ পৰাই চীনে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ তাৰবাবে লুপ নুৰক চীনে অত্যাধুনিক পৰীক্ষাগাৰত পৰিণত  কৰিছে, এই পৰমাণু ঘাটিৰ আশে পাশে বিমানঘাঁটি নিৰ্মাণ কৰিছে, কাষতে প্ৰায় ৯০ ফুট গভীৰ গাঁত তৈয়াৰ কৰিছে৷ লুপ নুৰৰ পৰীক্ষাগাৰৰ সমীপৱৰ্তী অঞ্চলত সৰু চহৰ তৈয়াৰ কৰা হৈছে, য’ত সেই নতুন প্ৰজন্মৰ পৰমাণু বোমাৰ নিৰ্মাণকাৰীয়ে বাস কৰে৷ ইয়াৰ পৰা ১০০ কিলোমিটাৰ দূৰত কেইবাটাও ‘কুপ’ খনন কৰা হৈছে, য’ত নতুন পৰমাণু বোমাৰ একাংশ পৰীক্ষা সম্পন্ন হ’ব পাৰে৷ প্ৰসংগতঃ, আজিৰ পৰা ১০ বছৰ পূৰ্বে চীনৰ হাতত আছিল ৫০ টা পৰমাণুবাহী বেলিষ্টিক ক্ষেপণাস্ত্ৰ৷ এতিয়া চীনৰ হাতত আছে ৫০৭ টা ততোধিক শক্তিশালী পৰমাণু অস্ত্ৰ৷ নতুন প্ৰজন্মৰ পৰমাণু বোমাৰ পৰীক্ষা সফলভাৱে সম্পন্ন হ’লে আনৰ কথা বাদেই, আমেৰিকাকো পৰোৱা নকৰিব চীনে৷