Logo
image

মাজুলীৰ মন জয়ৰ বাবে আহিব ভাগৱত, বৈঠক সত্ৰাধিকাৰৰে

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ লোকসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ সময়ত মাজুলীলৈ আহিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) শীৰ্ষ নেতা মোহন ভাগৱত৷ ২৭ ডিচেম্বৰত তেওঁ তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব৷ ২৮ আৰু ২৯ ডিচেম্বৰত তেওঁ মাজুলীত কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব৷ সত্ৰ নগৰী মাজুলীত তেওঁ কেইবাগৰাকী সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰুৰ সৈতে আলোচনাত মিলিত হ’ব৷ ২৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰিব তাৰ পৰা তেওঁ পোনে পোনে মাজুলীত উপস্থিত হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে৷ উল্লেখ্য, ২৮ ডিচেম্বৰৰ পুৱা সৰসংঘচালকজনে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত সমগ্ৰ অসমৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰুসকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰিব৷ উক্ত সন্মিলনৰ বাবে ইতিমধ্যে সমগ্ৰ অসমৰ সকলোবোৰ সত্ৰাধিকাৰ, সন্ত আৰু বিভিন্ন পন্থৰ ধৰ্মগুৰু সকলক নিমন্ত্ৰণ জনোৱা হৈছে৷ সিদিনাই আবেলিৰ ভাগত সৰসংঘচালকজনে এক শাৰীৰিক কাৰ্যক্ৰমত অংশ লৈ মাজুলী কেবাখনো সত্ৰ দৰ্শন কৰিব৷ ২৯ ডিচেম্বৰৰ পুৱা পুনৰায় ডাঃ মোহন ভাগৱতে মাজুলীৰ আন কেবাখনো সত্ৰ দৰ্শন কৰাৰ পাছত আবেলি গড়মুৰ সত্ৰৰ মিনি ষ্টেডিয়ামত এক বিশাল ৰাজহুৱা সভাত বৌদ্ধিক প্ৰদান কৰিব৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে পোন প্ৰথমবাৰৰ বাবে সত্ৰনগৰী মাজুলী দৰ্শন কৰিব৷ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ লগতে বিভিন্ন স্থানৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰুসকলৰ মাজুলী আগমনৰ বাবে সকলো প্ৰকাৰৰ কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ উল্লেখ্য, বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ, সত্ৰনগৰী মাজুলীত আৰএছএছপ্ৰধান মোহন ভাগৱত উপস্থিত হোৱাৰ পূৰ্বে নদীদ্বীপটোত ব্যাপকভাৱে উদ্‌যাপিত হ’ব বৰদিনৰ বিস্তৃত কাৰ্যসূচী৷ ইয়াৰ বাবে মাজুলীত প্ৰস্তুতি তুংগত উঠিছে৷ তথ্য অনুসৰি মাজুলীৰ ৭৪টা গিৰ্জাত বৰ্ণিল কাৰ্যসূচীৰে বৰদিন উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷