Logo
image

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৬জনৰ কংগ্ৰেছক ধন্যবাদ গাৰ্লোছাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু, ২৪ ডিচেম্বৰঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে ৬গৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ উল্লেখ্য যে, ২৮খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা আছিল যদিও কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ৬গৰাকী বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে৷ বিজেপি আৰু কংগ্ৰেছ দলে ২৮টা সমষ্টিতে নিজ নিজ দলৰ প্ৰাৰ্থী থিয় কৰাইছিল যদিও মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে৷ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়াসীমান্ত কুমাৰ দাসে প্ৰকাশ কৰা অনুসৰি মুঠ ২৮টা সমষ্টিৰ বাবে ১০১ মনোনয়ন পত্ৰ দাখিল হৈছিল৷ ইয়াৰে সকলো মনোনয়ন পত্ৰ বৈধ আছিল যদিও ৮খন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা হৈছিল৷ প্ৰত্যাহাৰ কৰা ৮খন মনোনয়ন পত্ৰ ক্ৰমে- ৯নং মাইবাং ইষ্ট (এখন), ১০নং মাইবাং ৱেষ্ট (দুখন), ১৩নং হাজাদিছা (এখন), ১৬নং দিয়ুংমুখ (এখন), ২০নং গুনজুং (এখন), ২৩নং হাৰাংগাজাও (এখন) আৰু ২৪নং হামৰি সমষ্টিত এখন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা বুলি বিজ্ঞপ্তি যোগে ৰিটাৰ্নিং বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখনীয় যে ২৮টা সমষ্টিৰ বাবে কংগ্ৰেছ আৰু বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও কংগ্ৰেছৰ ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি কংগ্ৰেছ দলক শলঠেকত পেলালে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকি প্ৰদান কৰা হৈছে৷ ‘গুলী খায়েগা না টকা খায়েগা’ বুলি ভাবুকি দিয়া বুলিও বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ কংগ্ৰেছ নেতাকেইগৰাকী যোগাযোগ বিচ্ছিন্ন হৈ থকা বুলি কৈ অসমত এতিয়া গণতন্ত্ৰক বিজেপিয়ে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত প্ৰাৰ্থীসকলক সোঁৱে-বাওঁৱে বহাই লৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছাই এখন সংবাদমেল হাফলঙত সম্বোধন কৰে৷ সংবাদমেলত গাৰ্লোছাই বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়ন দেখি কংগ্ৰেছৰ আৰু আন আন নেতাসকলে বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে যিদৰে পুঁজি দিছে আৰু যিদৰে কাম হৈছে তাক দেখি আৰু উপলব্ধি কৰি ৬টা সমষ্টিৰ বন্ধুসকলে নিজ নিজ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাটো ভাল বাৰ্তা বুলি তেওঁ কয়৷ এতিয়া ২২টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ২২টাতে জিকিম বুলি দাবী কৰে৷ উল্লেখ্য যে ইতিমধ্যে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী কেইগৰাকী ক্ৰমে- ৯নং মাইবাং (ইষ্ট) সমষ্টিত মনজয় লাংথাছা, ১০নং মাইবাং ৱেষ্ট সমষ্টিত মহেত হোজাই, ১২নং ৱাজাও সমষ্টিত বিশ্বজিৎ দাউলাগুপু, ২০নং গুনজুং সমষ্টিত নজিৎ কেম্প্ৰাই, ২৩নং হাৰাংগাজাও সমষ্টিত অমেন্দু হোজাই আৰু ২৪নং হামৰি সমষ্টিত মনজিৎ লাংথাছা৷ বিজেপিয়ে লাভ কৰা এই সফলতাৰ বাবে আজি হাফলঙত আৱতৰীয়া দেৱালী উদ্‌যাপন কৰে বিজেপি দলে৷ ইয়াৰ বিপৰীতে পৰিষদ দখল কৰিম বুলি আত্মবিশ্বাসী হৈ থকা কংগ্ৰেছ দল নৈতিকভাৱে দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে৷