Logo
image

শিক্ষা বিভাগৰ দক্ষতা বনাম প্ৰত্যাহ্বান

সাম্প্ৰতিক সময়ত সমাজত বহুচৰ্চিত আৰু নাগৰিকৰ দৃষ্টিৰ মাজত থকা বিভাগটো হৈছে ৰাজ্যৰ শিক্ষাবিভাগ৷ ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে নিহিত হৈ আছে শিক্ষা বিভাগৰ প্ৰায় সত্তৰ লাখ ছাত্ৰ-ছাত্ৰী, লক্ষাধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী৷ নাগৰিকৰ আশা মানৱ সম্পদ গঢ় দিবলৈ সক্ষম হওক ৰাজ্যৰ শিক্ষাবিভাগ৷ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ‘নতুন শিক্ষানীতি-২০২০’ অসমত ৰূপায়িত হৈছে ২০২৩ বৰ্ষৰ পৰা৷ নতুন শিক্ষানীতিৰ আধাৰত অসমতো ইতিমধ্যে প্ৰাথমিক শিক্ষাৰ পৰা বিশ্ববিদ্যালয়লৈ নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ অতীতৰ পৰা চলি অহা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাদকতা ইতিমধ্যে বিলুপ্ত হোৱাৰ পথত৷ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাবোৰত সফলতা দেখুওৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অধিক জলপানিৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে শিক্ষা বিভাগে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে ‘সাধাৰণ পৰীক্ষা’ বুলি গণ্য কৰি অহা অষ্টম আৰু নৱম শ্ৰেণী দুটাৰ বছেৰেকীয়া পৰীক্ষাক শিক্ষা জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে গণ্য কৰিবলৈ বাধ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল৷ অসমৰ শিক্ষাক্ষেত্ৰত সেৱা আগবঢ়াই অহা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে ইতিমধ্যে শিক্ষা বিভাগে ব্যৱহাৰ কৰা ‘শিক্ষাসেতু এপ’ক কেন্দ্ৰ কৰি প্ৰাথমিক পৰ্যায়ত অনেক ককৰ্থনা, সমালোচনা হৈছিল যদিও বৰ্তমান তেনে সমালোচনাৰ পৰিৱেশ নাইকিয়া হোৱাটো পৰিলক্ষিত হৈছে৷ শিক্ষকৰ নিয়মীয়া উপস্থিতিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিক ডিজিটেল মাধ্যমত সংগ্ৰহৰ মুখ্য উদ্দেশ্য হৈছে তাৎক্ষণিকভাৱে তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ সুবিধা৷ এসময়ত অসমত কিমানজন শিক্ষকে বিদ্যালয়ত কাম কৰি আছে তাক জানিবলৈ হ’লে দুই বা তিনি বছৰৰ পূৰ্বৰ তথ্য সহজে পোৱা নগৈছিল৷ আজি শিক্ষাসেতু এপ্‌ৰ সহায়ত অসমৰ কোনবোৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ বা ছাত্ৰ-ছাত্ৰীৰ অভাৱ, দৈনিক উপস্থিতিৰ তথ্য আদিৰ সহজ আহৰণে মুকলি কৰিছে বহুতো নতুন নতুন পথ৷ বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ শিক্ষাগত অৰ্হতা, অৱসৰৰ তাৰিখ আদিৰ বিশ্লেষণে সচকিত কৰিছে শিক্ষক সমাজক৷ এটা সময় আহিব যে এজন শিক্ষকৰ অৱসৰৰ দিনাই নৱ নিযুক্ত শিক্ষজনে পদ পূৰণ কৰি গ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব৷ কৰ্মত গাফিলতি কৰা একাংশ শিক্ষকক সংশোধন কৰা কাৰ্যৰ সম্পাদনত সহায়ক হ’ব শিক্ষাসেতু এপ৷ ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যাৰ বিশ্লেষণৰ তুলাচালনীত জিলিকি উঠা ছাত্ৰ-ছাত্ৰীৰ অভাৱত চলি থকা প্ৰায় এঘাৰ হাজাৰ বিদ্যালয় বন্ধ কৰা বা অন্য বিদ্যালয়ৰ লগত চামিল কৰাৰ কাৰ্যপন্থা ইতিমধ্যে ৰূপাযণ কৰিছে শিক্ষাবিভাগে৷

বিদ্যালয় শিক্ষাৰ লগতে উচ্ছ শিক্ষা ক্ষেত্ৰতো অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সম্পূৰ্ণ তথ্য আহৰণ কৰাটো সম্ভৱ হৈছে৷ উচ্ছ শিক্ষাত নিয়োজিত অধ্যাপক আৰু কৰ্মচাৰীৰ বিতং তথ্য আহৰণৰ ডিজিটেল প্ৰথাৰ প্ৰয়োগ আৰম্ভ হৈছে৷ নিয়োগৰ ক্ষেত্ৰত বৰ্তমান অসমৰ প্ৰায়খিনি প্ৰাদেশীকৃত মহাবিদ্যালয়ত অধ্যাপক, কৰ্মচাৰীৰ নিযুক্তি সমাপ্ত হৈছে যদিও ৰাজ্য চৰকাৰৰ অধীনত থকা বিশ্ববিদ্যালয়বোৰত খালী হৈ আছে বহু অধ্যাপক আৰু প্ৰশাসনিক পদ৷ নতুন শিক্ষানীতিৰ আধাৰত ৰূপায়ণ কৰা পাঠ্যক্ৰমৰ লগত ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকসকলে নিজকে নিয়োজিত কৰাটো হৈছে এটা প্ৰধান প্ৰত্যাহ্বান৷ নতুন পাঠ্যক্ৰমৰ অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা পাঠ্যপুথিৰ অভাৱৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে৷ ছাত্ৰ-ছাত্ৰী স্বাৰ্থত নতুন পাঠ্যপুথিৰ ভিত্তিত পাঠ্যপুথি লিখিবলৈ অধ্যাপক তথা শিক্ষকক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিব লাগিব চৰকাৰেই৷ অতীতত প্ৰতিখন বিশ্ববিদ্যালয়ত থকা প্ৰকাশন বিভাগটো বৰ্তমান শয্যাগত বুলিলে ভুল কোৱা নহ’ব৷ জোৰা-টাপলি মৰাৰ নীতিৰে চলা বিত্তীয় ব্যৱস্থাই প্ৰকৃততে বিশ্ববিদ্যালয়সমূহৰ প্ৰকাশন বিভাগটোক নিষ্ক্ৰিয় কৰিছে৷ একালত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ সিংহভাগ পাঠ্যপুথি অধ্যাপকৰ দ্বাৰা লিখি প্ৰকাশ কৰাৰ সফলতা দেখুৱাইছিল প্ৰকাশন বিভাগটোৱে৷ বৰ্তমান অসমৰ উচ্ছশিক্ষাৰ বাবে প্ৰযোজ্য পাঠ্যপুথি মাহৰ ভিতৰতে লিখি প্ৰকাশ কৰে দিল্লী, হাৰিয়ানা আদি ৰাজ্যৰ প্ৰকাশন গোষ্ঠীয়ে৷ গ্ৰন্থৰ গুণাগুণৰ দিশৰ ব্যাখ্যাৰ নাই প্ৰয়োজন৷ তেনে বহিঃৰাজ্যৰ অধ্যাপকৰ লেখনিৰে সমৃদ্ধ আজি শিক্ষাৰ বজাৰ৷ অসমত উপন্যাস, কবিতাপুথি, নাটক আদিৰ ওপৰত কাকতত সমালোচনামূলক লেখনি পঢ়িবলৈ পোৱা যায়৷ তেনেবোৰ লেখকৰ অধিকাংশই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক কিন্তু তেখেতসকলৰ কলমত পাঠ্যপুথিৰ কথা পঢ়িবলৈ বা দেখিবলৈ পোৱা নাযায়৷

যিকি নহওক বৰ্তমান ৰাজ্যৰ শিক্ষাখণ্ডত আহি পৰা প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাত মুখ্য ভূমিকা ল’ব লাগিব শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু শিক্ষা উপদেষ্টা ড॰ ননী গোপাল মহন্তই৷ অসমৰ থলুৱা মিচিং জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত শৈশৱৰ পৰাই সৰব হৈ থকা আৰু বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ডাঃ ৰনোজ পেগুৰ কাৰণে প্ৰয়োজন হ’ব এক নিৰৱচ্চিন্ন প্ৰয়াসৰ৷ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ নিয়োজিত হৈ থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক-অধ্যাপক, কৰ্মচাৰী, অধ্যক্ষ, উপাচাৰ্য আদিক সঠিক পথ দিয়াৰ প্ৰয়াস, ডিজিটেল মাধ্যমৰ সঠিক ব্যৱহাৰ, বিত্তীয় শৃংখলতা আদিৰ ক্ষেত্ৰত সফল হ’বলৈ দুয়োজন ব্যক্তিয়ে গ্ৰহণ কৰিব লাগিব সময়োপযোগী সিদ্ধান্ত৷ মানৱ সম্পদ গঢ় দিয়া শিক্ষা বিভাগটোৰ পৰিচালনাৰ ত্ৰুটিবোৰ তাৎক্ষণিকভাৱে বিচাৰি উলিওৱা বা সমাধান কৰাত অসুবিধা নহ’ব৷ বিভাগটোত কৰ্মৰত সচিব নাৰায়ণ কোঁৱৰ, সঞ্চালক পদত থকা পমী বৰুৱা, মমতা হোজাই আদিৰ দৰে বিষয়াই নিশ্চিত কৰিব লাগিব পৰিৱৰ্তনৰ এই যাত্ৰাৰ সফলতা৷ তেনেবোৰ কৰ্ম কৰক যিবোৰে অসমৰ শিক্ষাখণ্ডটোক এক উচ্ছ শিখৰলৈ নি উজ্বলাব অসমীয়াৰ জীৱন৷ স্বাৰ্থ সিদ্ধিৰ কাৰণে আন্দোলনৰ পথ লোৱা, ন্যায় বিচাৰি আদালতৰ মজিয়ালৈ ঢাপলি মেলা শিক্ষক, কৰ্মচাৰীসকলৰ লগত বহি সমস্যা সমাধানৰ প্ৰয়াস কৰাটো উচিত৷ ডাঃ ৰনোজ পেগু, ড॰ ননী গোপাল মহন্ত, নাৰায়ণ কোঁৱৰ, পমী বৰুৱা, মমতা হোজাই আদি ব্যক্তিৰ কাৰ্যদক্ষতাই সফলতা কঢ়িয়াই আনক অসমৰ পৰিৱৰ্তিত শিক্ষাখণ্ডলৈ৷ তাকেই কামনা কৰিছো৷