Logo
image

ৰহেন্দ্ৰনাথ ব্ৰহ্মলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা আৰু কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ২৫ ডিচেম্বৰঃ লোক সংস্কৃতিৰ সাধক, কোক্‌ৰাঝাৰৰ নিৱাসী ৰহেন্দ্ৰনাথ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা৷ ২৭ ডিচেম্বৰত শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত বৰেণ্য শিল্পীজনক প্ৰদান  কৰা হ’ব উক্ত বঁটা৷ অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰি আহিছে৷ বৰেণ্য শিল্পীগৰাকীলৈ এই বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথা সদৰি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ ২৭ ডিচেম্বৰত শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত দিনৰ ১০.৩০ বজাত লোককৃষ্টিৰ সাধক ৰহেন্দ্ৰনাথ ব্ৰহ্মক এই বঁটা প্ৰদান কৰা হ’ব৷ সিদিনাৰ অনুষ্ঠানত সকলোকে উপস্থিত থাকিবলৈ আহ৩ান জনাইছে আছুৰ নেতৃত্বই৷

গৃহভূমিত উছাহৰ ধল, আছুৰ বিশেষ সম্বৰ্ধনা

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ নাম তেওঁৰ ৰহেন্দ্ৰনাথ ব্ৰহ্ম৷ পুৱা সন্ধিয়া বুলি কোনো নিৰ্দিষ্ট সময় নাই সময় পালেই তেওঁ কেৱল সংগীতৰ সাধনা কৰে৷ সংগীতৰ বাবেই যেন জন্ম হৈছিল তেওঁৰ৷ কাৰো পৰা কোনো স্বীকৃতি নতুবা কোনো বঁটা নিবিচাৰি তেওঁ জীৱনৰ লক্ষ্য কৰি লৈছিল৷ নীৰৱে সংগীতৰ সাধনা কৰি যোৱা এইগৰাকী নীৰৱ সংগীত সাধক ৰহেন্দ্ৰ ব্ৰহ্মক সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই আগন্তুক ২৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিমা বৰুৱা পাণ্ডে বঁটাৰ বাবে নিৰ্বাচন কৰিছে আৰু আজি আছুৰ শীৰ্ষ নেতা নৱ কুমাৰ ৰায়ৰ আছুৰ সঁজাতি দল এটাই তেওঁৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷ আছুৰ প্ৰতিনিধি দলৰ লগতে দোতমা এবছুয়ো সম্বৰ্ধনা জনোৱাত সংগীতৰ নীৰৱ সাধক ৰহেন্দ্ৰ ব্ৰহ্ম আৱেগিক হৈ কৈছিল মোৰ দৰে গাঁৱৰ ভিতৰত থকা মানুহজনক যে দিদি প্ৰতিমা পাণ্ডেৰ নামেৰে আছুৱে প্ৰদান কৰা বঁটাৰ বাবে যে মোক নিৰ্বাচন কৰা হৈছে সেয়া সপোন দেখা যেন লাগিছে৷ কিন্তু সপোন নহয় এয়া প্ৰকৃততে এটা বাস্তৱ সত্য৷ এই মন্তব্য একাধাৰে সংগীত শিল্পী পৰিচালক সুৰকাৰ হিচাপে বড়ো সাংস্কৃতিক জগতত নিজৰ বাবে এখন আসন উলিয়াই লোৱা ৰহেন্দ্ৰ ব্ৰহ্মৰ৷ প্ৰকাশ যে গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা আৰু দোতমাত কিবা সাংস্কৃতিক অনুষ্ঠান হ’লেই তেওঁক জোৰজুলুমকৈ দিদি প্ৰতিমা বৰুৱা পাণ্ডেক লোকগীত পৰিৱেশন কৰিবলৈ লৈ অহা সেই দিদিৰ স্মৃতিত আছুই তেওঁক বঁটা আগবঢ়োৱাত তেওঁ নষ্টালজিক হৈ পৰে৷ তেওঁ নিজকে বহুত সুখী বুলি সদৰি কৰি আছুৰ নেতৃত্ব আৰু এবছুৰ সভাপতি দ্বিপেন বড়োক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে তেওঁ ইতিমধ্যে ‘ৰংগীলা’ নামেৰে ৰাজবংশী ভাষাৰ কেছেট এখনো উলিয়াইছিল যিখন তেওঁ ৰাজবংশী ভাষাৰ প্ৰথমখন কেছেট বুলি জানিব দি অসমীয়া ভাষাতো তেওঁৰ গীত গোৱা বা কৰাৰ ইচ্ছা এটা পুহি ৰাখিছে যদিও এতিয়া লৈ সম্ভৱ হৈ উঠা নাই৷ ইফালে, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দৰে ক্ষণজন্মা নেতাৰ জন্মভূমি দোতমাৰ গাত যেন ফাগুনৰ মাতাল বতাহ জাকৰ নিচা লাগিছিল৷ আবাল-বৃদ্ধ-বনিতা কোনো ৰৈ থকা নাছিল দৌৰি আহিছিল ৰহেন্দ্ৰ ব্ৰহ্মৰ বাসগৃহলৈ৷ খাম চিফুঙৰ সুৰে লহৰ তোলা সংগীত শিল্পী ৰহেন্দ্ৰ ব্ৰহ্মৰ পদূলিত চোতালত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰnম্বাকে ধৰি বিভিন্ন নৃত্যৰ ছন্দত মুখৰ হৈ উঠিছিল দোতমাৰ আকাশ বতাহ৷ কোকৰাঝাৰ জিলাৰ দোমমাৰ আঙঠি হাৰা গাঁৱত ১৯৫৬ চনৰ ২০ জুলাইত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ আৰু মাতৃ হৈছে ক্ৰমে সেমাচৰন ব্ৰহ্ম, আৰু ফাগুনী ব্ৰহ্ম৷ কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা ১৯৮৬ চনত স্নাতক ডিগ্ৰী লোৱা ৰহেন্দ্ৰ ব্ৰহ্মৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ ইচ্ছা আছিল যদিও সেয়া সম্ভৱ নোহোৱাত তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত তেওঁ নীৰৱে সংগীত সাধনা কৰাতে ক্ষান্ত নাথাকি তেওঁ অসমৰ বিভিন্ন প্ৰান্তত বড়ো পৰম্পৰাগত গীত নৃত্য আৰু বাদ্যযন্ত্ৰৰ কৰ্মশালা কৰি বড়ো কলা সংস্কৃতিক এক নৱ্য ৰূপ দিয়ে৷ তেওঁৰ একান্ত প্ৰচেষ্টাত ১৯৯১ চনত বড়ো হাৰিমু আফাৎৰ জন্ম হোৱাৰ উপৰিও বড়োলেণ্ড বিশ্ববিদ্যালয়ত বড়ো লোক সংগীত তেওঁৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰা হৈছিল৷ তেওঁ বড়ো লোক সংগীতৰ ওপৰত তথ্য ভিত্তিক বহুকেইখন কিতাপো প্ৰস্তুত কৰি বড়ো সংস্কৃতিৰ ভড়াল চহকী কৰি থৈছে৷ কোনো প্ৰত্যাহ্বানে প্ৰভাৱ পেলাব নোৱাৰা ৰহেন্দ্ৰ ব্ৰহ্মই ২০০৬ চনত বঙাইগাঁও ৰ ছ’চাইটী ফ’ৰ বড়ো কালচাৰেল ইনষ্টিটিউটৰ পৰা, ২০১৩ চনত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবচু ২০১৭ চনত বঙাইগাঁৱৰ তেল শোধনাগাৰৰ বিনোদন কেন্দ্ৰ ২০২০ চনত বিটিচি পৰিষদৰ পৰা আগবঢ়োৱা জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম হাৰিমুৰী বান্থা বঁটাৰে বিভূষিত হোৱাৰ উপৰি ২০১৯ চনৰ পৰা তেওঁ শিল্পী পেন্সন লাভ কৰে আহিছে৷ কেৱল এয়াই নহয় তেওঁ ৰাজ্যৰ লগতে বহিঃৰাজ্যত অনুষ্ঠিত বিভিন্ন সংগীত অনুষ্ঠান কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছে৷ তেওঁৰ বোবা আলাইশ্ৰী, বেহেৰ, আবো, গুমুৰ, শ্বৌৰ, ভূত, চিমাং পাৰাকে ধৰি কেইবাখনো ভিডিঅ’ ফিল্মৰ সংগীত পৰিচালনা কৰাৰ লগতে তেওঁ লোকসংগীত আধুনিক গীত আৰু বিহু গীত সকলোতে এক বলিষ্ঠ খোজ দি বড়ো সংস্কৃতিক আগবঢ়াই লৈ গৈছে৷ তেওঁ সাম্প্ৰতিক সময়ত দোতমাৰ ৰংজালী সংগীত একাডেমিত অধ্যক্ষ আৰু কোকৰাঝাৰৰ ডঃ শোভাৰাম ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্টচ কলেজত অতিথি শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷  প্ৰকাশ যে গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি দিৱসৰ দিনা অৰ্থাৎ ২৭ ডিচেম্বৰত সংগীত সাধক ৰহেন্দ্ৰ ব্ৰহ্মক বঁটা প্ৰদান কৰা হ’ব বুলি আছুৰ নেতা নৱ কুমাৰ ৰায়ে সদৰি কৰিছে৷ সেই মৰ্মে আজি কোকৰাঝাৰ জিলা আছুৱে তেওঁক সম্বৰ্ধনা জনায়৷