Logo
image

নাম কটা যাব কেন্দ্ৰীয় মন্ত্ৰীসহ শতাধিক সাংসদৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ডিচেম্বৰঃ ‘অব কি বাৰ মোদী চৰকাৰ’ নহয়, এইবাৰ ‘অব কি বাৰ ৫০ শতাংশ পাৰ’ৰ লক্ষ্য লৈছে বিজেপিয়ে আৰু তাৰ বাবে দলীয় কাৰ্যকৰ্তাক ‘মিছন ম’ড’ত অভিযানত নামিবলৈ অনুৰোধ জনাইছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ৫০ শতাংশ ভোট লাভ কৰিলে লোকসভাত বিগতবাৰ লাভ কৰা ৩০৩খন আসনৰ সীমাও বিজেপিয়ে এইবাৰ হেলাৰঙে অতিক্ৰম কৰিব বুলি নিশ্চিত হৈয়েই গেৰুৱা দলৰ সদস্যক এই লক্ষ্য বান্ধি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰসংগতঃ ২০১৪ত বিজেপিয়ে ২৮২খন লাভ কৰি প্ৰথমবাৰ চৰকাৰ গঠন কৰোতে ৩১শতাংশ ভোট লাভ কৰিছিল৷ ২০১৯ত বিজেপিৰ ভোটৰ হাৰ আছিল ৩৭.৩৬ শতাংশ৷ যোৱা শুকুৰবাৰ আৰু শনিবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পদাধিকাৰীৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত শুকুৰবাৰে উপস্থিত আছিল  প্ৰধানমন্ত্ৰী মোদী৷ বিৰোধী দলে জোঁট বান্ধিও একগোট হ’ব নোৱাৰা সময়ত বিজেপিয়ে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে যি সংগঠিত ৰূপত আগবাঢ়িছে, দেশৰ ভোটাৰে যদি অন্য কথা ভাবি থোৱা নাই, তেন্তে ৫০ শতাংশ লক্ষ্য নিৰ্ধাৰণ কৰা গেৰুৱা দলে অভিলেখসংখ্যক আসন লাভ কৰাটোও আ(ৰ্যকৰ নহ’ব৷ 

নতুন দিল্লীৰ দুদিনৰ দুখন বৈঠকত ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাগ লৈ দলৰ পদাধিকাৰীক লক্ষ্য বান্ধি দিলে, দলীয় কাৰ্যকৰ্তাক ৫০ শতাংশ ভোটৰ কথা কৈ উজ্জীৱিত কৰিলে৷ পিছে দুই শীৰ্ষ নেতাই সেই বৈঠকত যি কথা একেবাৰে মুকলিকৈ নক’লে, সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে মোদী-শ্বাহে নিজেই চূড়ান্ত কৰিলে৷ সম্প্ৰতি বিজেপি দলটো পৰিচালনা কৰি থকা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে দুজনে সিদ্ধান্ত লৈছে, এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা আৰু সাংসদ পদত থকা ১০০ৰো অধিকৰ নাম কটা যাব৷ বৈঠকত অৱশ্যে দুয়ো এটা ইংগিত দিছে, এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ বয়সৰ গড় ৫৫ বছৰলৈ হ্ৰাস কৰা হ’ব৷ যিদৰে ২০১৯ৰ নিৰ্বাচনত বয়সৰ অজুহাতত লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাছিল, এইবাৰ প্ৰাৰ্থীৰ বয়সৰ গড় হ্ৰাস কৰি শতাধিক সাংসদক টিকটৰ পৰা বঞ্চিত কৰা হ’ব৷ অৱশ্যে কেৱল বয়সেই নহয়, এইক্ষেত্ৰত মোদী-শ্বাহৰ প্ৰতি যোৱা ৫বছৰত প্ৰদৰ্শন কৰা আনুগত্যও অন্যতম কাৰক হ’ব৷ তদুপৰি ৫৫বছৰৰ অধিক হ’লেই যে প্ৰাৰ্থিত্ব দিয়া নহ’ব, তেনে নহয়৷ কিয়নো প্ৰধানমন্ত্ৰী মোদীৰ বয়সেও ৭১ স্পৰ্শ কৰিছে৷ সামগ্ৰিকভাৱে বিজেপিৰ প্তশতাধিক প্ৰাৰ্থীৰ গড় বয়স ৫৫ বা তাৰ কম কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে দেশৰ সৰ্বাধিক ভোটাৰ থকা তৰুণ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰি৷ তদুপৰি যোৱা ৫বছৰত প্ৰত্যাশানুযায়ী কাম কৰিব নোৱাৰা সাংসদ-মন্ত্ৰীৰো প্ৰাৰ্থিত্ব কৰ্তন কৰা হ’ব৷ তদুপৰি ৭৫বছৰৰ অধিক কোনেও বিজেপিৰ টিকট এইবাৰ নাপায়৷ সেই হিচাপত হেমা মালিনীকো এইবাৰ টিকট প্ৰদান কৰাৰ সম্ভাৱনা নাই৷ হেমা মালিনী কাম-কাজত যথেষ্ট সক্ৰিয় হৈ থাকিলেও তেওঁৰ বয়স ৭৫ হৈছে৷ একেই অৱস্থা হ’ব প্ৰয়াগৰাজৰ সাংসদ, পূৰ্বৰ কংগ্ৰেছী ৰীতা বহুগুণা যোশীৰ৷ আনহাতে গান্ধী পৰিয়ালৰ দুই সদস্য মানেকা গান্ধী আৰু তেওঁৰ পুত্ৰ বৰুণ গান্ধীৰ নাম কটা যোৱা প্ৰায় নিশ্চিত৷ বৰুণ গান্ধীয়ে যোৱা ৫বছৰত বিজেপিক একাধিকবাৰ সমালোচনা কৰি মোদী-শ্বাহক বিতুষ্ট কৰি তুলিছে৷ মানেকা গান্ধীৰো মোদী-শ্বাহৰ প্ৰতি সিমান আনুগত্য নাই৷ বয়সৰ বাবে বাদ পৰিব প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন, হংসৰাজ আৰু নিষ্কৰ্মা হৈ নাম কটা যাব প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ৷ তদুপৰি বয়স বেছি নোহোৱা সত্বেও নিষ্কৰ্মা হোৱাৰ বাবেই অসমৰ তিনিজন সাংসদৰ নাম কটা যোৱা প্ৰায় নিশ্চিত ৷ অৱশ্যে ইয়াৰ উপৰি শীৰ্ষ নেতৃত্বই  প্ৰাৰ্থিত্ব প্ৰদানত কেতবোৰ আচৰিত সিদ্ধান্ত ল’ব পাৰে, যি সকলোকে চমক দিব৷ কিয়নো মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে তেনেই নতুন প্ৰাৰ্থীক থিয় কৰাই অভূতপূৰ্ব সাফল্য লাভ কৰিছে৷ মুখ্যমন্ত্ৰীও পাতিছে তেনেই অখ্যাত, নতুনক৷ লোকসভা নিৰ্বাচনতো একেই সমীকৰণৰ কথা চিন্তা কৰিছে মোদী-শ্বাহে৷

এইবাৰ ভোটৰ পূৰ্বেই ভোট হ’ব বিজেপিৰ৷ সেই ভোটৰ জড়িয়তেই একপ্ৰকাৰ চূড়ান্ত দলীয় প্ৰাৰ্থী৷ তাৰ বাবে নিৰ্ণায়ক হ’ব ‘নমো’ এপ৷ ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ ১০৪জন সাংসদক প্ৰাৰ্থিত্ব দিয়া নাছিল৷ এইবাৰ সেই সংখ্যা বহু অধিক হ’ব আৰু এনে নেতাৰ নাম কটা যাব, যাৰ বিষয়ে এতিয়া কোনেও কল্পনাই কৰিব পৰা নাই৷ প্ৰাৰ্থীৰ নাম নিৰ্ধাৰণ কৰাত মোদী-শ্বাহক পেছাদাৰ সংস্থাই সদায় কৰিব৷ কিন্তু সম্ভাৱ্য প্ৰাৰ্থীৰ জনপ্ৰিয়তা নিৰ্ধাৰণ কৰা হ’ব বিজেপিৰ ‘নমো’ এপৰ জৰিয়তে৷ বিজেপিৰ দাবী, দেশৰ প্ৰত্যেক কৰ্মকৰ্তাৰ ম’বাইলত ‘নমো’ এপ আছে৷ তাৰ জৰিয়তে তেওঁলোকে দলৰ সকলো খবৰ ৰাখে৷ এইবাৰ কাৰ্যকৰ্তাই সেই ‘নমো’এপত নিজ নিজ সমষ্টিৰ দুজন বা তিনিজন নেতাৰ নাম প্ৰেৰণ কৰিব জনপ্ৰিয়তাৰ ভিত্তিত৷ তাৰ ভিতৰত যি সৰ্বাধিক জনপ্ৰিয়, তেওঁ প্ৰাৰ্থী হিচাপে বাছনিত উঠা একপ্ৰকাৰ নিশ্চিত৷ মুঠতে ‘নমো’ এপ হ’ব বিজেপিৰ লোকসভা প্ৰাৰ্থীৰ ভাগ্যবিধাতা৷ আনহাতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত যি ৯জন সাংসদ পৰাজিত হৈছিল, তেওঁলোকৰ এজনকো প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয়৷ বিধানসভাৰ নিৰ্বাচনেই আছিল তেওঁলোকৰ শেষ পৰীক্ষা, যি পৰীক্ষাত ২১জনৰ ১২ জন উত্তীৰ্ণ হৈ বিধায়ক হৈছে৷