Logo
image

‘গুৱাহাটীৰ হাস্পতালত ৰোগীৰ আৰ টি পি চি আৰ টেষ্ট বাধ্যতামূলক’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ডিচেম্বৰঃ সমগ্ৰ দেশতে হোৱা ক’ভিডৰ জেএন-১ ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ৰোগীৰ আৰটিপিচিআৰ টেষ্ট বাধ্যতামূলক৷ এইমৰ্মে নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে৷ গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ৰোগীৰ আৰটিপিচিআৰ টেষ্ট কৰি সেয়া নিয়মিতভাৱে স্বাস্থ্য বিভাগক জনাবৰ বাবে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে জাননী জাৰি কৰিছে৷ যুটীয়া স্বাস্থ্য সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি জ্বৰ হ’লে আৰটিপিচিআৰ টেষ্ট কৰাটো জৰুৰী৷ হাস্পতাললৈ আহিলে ৰোগীয়ে পূৰ্বৰ দৰেই ক’ভিডৰ পৰীক্ষা কৰিব লাগিব৷ উল্লেখ্য, ক’ভিডৰ নতুন ভেৰিয়েণ্ট জেএন-১ বৰ্তমান ভাৰতত দ্ৰুত গতিত বিয়পিছে৷ জেএন-১ৰ ৰোগী ডিচেম্বৰৰ পৰা ভাৰতত ধৰা পৰিছে৷ এই প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়েও জাৰি কৰিছে নিৰ্দেশনা৷ জেএন-ৰ ত বৰ্তমানলৈকে ভাৰতত ১৯৯৭ জন লোক আক্ৰান্ত হৈছে৷ ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫৯৪ জন৷ উল্লেখ্য যে অসমতো তিনিজন ক’ভিড ৰোগী ধৰা পৰিছে৷ ইয়াৰে এগৰাকী ছুইডেনফেৰৎ গুৱাহাটীৰ যুৱতী৷ অৱশ্যে অসমৰ ৰোগীসকলৰ দেহত জেএন-ৰ ধৰা পৰিছেনে নাই সেয়া এতিয়ালৈকে নিশ্চিত কৰা নাই স্বাস্থ্য বিভাগে৷