Logo
image

আলফা নহয়, শদিয়াৰ গুলীবিদ্ধ তিনিওজনেই চাকৰি হেৰুওৱা যুৱক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ শদিয়াৰ তিনিজন নিৰস্ত্ৰ যুৱকক অসম আৰক্ষীয়ে পৰিকল্পিতভাৱে এনকাউণ্টাৰ কৰি গুলীবিদ্ধ কৰাৰ অভিযোগ তুলিছে আলফা স্বাধীনে৷ আৰক্ষীৰ ফালৰ পৰা পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত শনিবাৰে মাজনিশা অৰুণাচলৰ খাৰচাঙৰ পৰা আলফাত যোগদান কৰিবলৈ গৈ থকা অৱস্থাত শদিয়াৰ বিশ্বনাথ বৰগোহাঁই, মনোজ বুঢ়াগোহাঁই আৰু দীপজ্যোতি নেওগক কৰায়ত্ত কৰা হৈছিল বুলি আৰক্ষীয়ে সদৰী কৰিছিল৷ ইফালে, আৰক্ষীৰ এই ভাষ্যৰ বিপৰীতে আলফা স্বাধীনৰ দাবী– বনভোজ খাবলৈ যোৱা যুৱককেইজনে জীৱিকাৰ একমাত্ৰ সম্বল ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক চাকৰি হেৰুওৱাৰ দুখতে অত্যধিক সুৰাপান কৰি খং-ক্ষোভত পৰিয়ালক কিছু কথা কোৱাত পৰিয়ালে আৰক্ষীক খবৰ দিয়ে৷ কিন্তু আৰক্ষীয়ে তেওঁলোকক আটক কৰি বুজনি দিয়াৰ পৰিৱৰ্তে গুলীয়াই দিয়ে৷ অসম আৰক্ষীয়ে ভুৱা সংঘৰ্ষত যুৱককেইজনক আহত কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে দেওবাৰে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা ই-মেইল বিবৃতিত এইদৰে উল্লেখ কৰে– ‘অসম আৰক্ষীয়ে আজি যিকেইজন যুৱকক ভুৱা সংঘৰ্ষত গুলীয়াই আহত কৰিলে, ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ যোগাযোগ নাছিল৷ আমি পোৱা তথ্য মতে উক্ত যুৱককেইজনে অৰুণাচলৰ ডামবুকত বনভোজ খাবলৈ গৈ চৰকাৰ-প্ৰশাসনৰ কেতবোৰ ভুল সিদ্ধান্তত মনোকষ্ট পাই (যুৱক কেইজন ঠিকাভিত্তিক অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত আছিল, কিন্তু চৰকাৰে তেওঁলোকক কৰ্মৰ পৰা বাধ্যতামূলকভাৱে অব্যাহতি দিছিল) অত্যধিক মদ্যপান কৰি অসুস্থাৱস্থাত পৰিয়ালক কিছু কথা কৈছিল৷ তৎক্ষণিকভাৱে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু অসম আৰক্ষীয়ে যুৱক কেইজনক বুজনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক গুলীবিদ্ধ কৰে৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিজ ইচ্ছামতে নিৰীহ যুৱকক সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ সৈতে জড়িত কৰোৱাই ভুৱা সংঘৰ্ষৰে গুলীবিদ্ধ কৰাটো এতিয়া এক অঘোষিত প্ৰতিযোগিতালৈ পৰ্যৱসিত হৈছে৷ এই প্ৰতিযোগিতাই যে অসমলৈ এক অশনি সংকেত নমাই আনিছে ইয়ো সত্য৷ গতিকে ইয়াক আমাৰ লগতে অসমৰ থলগিৰি জনগণে সহজভাৱে ল’ব নোৱাৰে৷ আমি জানোঁ, অসম আৰক্ষীত কৰ্মৰত আশী শতাংশ বিষয়া-সদস্যৰ অসমৰ প্ৰতি ভালপোৱা আছে৷ বাকী বিশ শতাংশই কেৱল ক্ষমতা আৰু কেইটামান টকাৰ লোভত অসমৰ বুৰঞ্জীক জলাঞ্জলি দি দিল্লীৰ দ্বাৰা প্ৰেৰিত বিষয়াক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ কু-কৰ্ম সংঘটিত কৰি আহিছে; ই অতিকে ঘৃনণীয় আৰু অসমৰ বুৰঞ্জীয়ে ইয়াক কেতিয়া পাহৰিব নোৱাৰে৷ গতিকে এই আশী শতাংশ ভাল বিষয়া-সদস্যই বাকীসকলক বুজনি দিয়াৰ লগতে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন আহি পৰিছে৷ অসম বুৰঞ্জী সাক্ষী আছে যে, আহোম প্ৰশাসনৰ দিনৰ পৰা দিল্লীয়ে অসমৰ থলগিৰিৰ মাজত ভ্ৰাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলাই আহিছে৷ ব্ৰিটিছৰ দিনটো তাৰ ব্যতিক্ৰম হোৱা নাছিল৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন শ্ৰেণীৰ বিষয়াই অসমত ভ্ৰাতৃঘাতী সংঘৰ্ষৰ সোৱাদ লৈ এতিয়া পুনৰ সেই আখৰাত ব্যস্ত৷ যিসকল বহিৰাগত বিষয়াৰ নিৰ্দেশত থলগিৰি আৰক্ষীয়ে এই ধৰণৰ কাৰ্যকলাপবোৰ কৰি আছে সেইসকল বহিৰাগতই এটা সময়ত নিজ দেশলৈ উভতি যাব আৰু আপোনালোক আজীৱন অসমতেই থাকি এদিন নিজৰেই কাঠগৰাত নিজে জবাবদিহি হ’ব লাগিব৷ উল্লেখ্য, সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে পূৰ্বৰ সিদ্ধান্তৰ কথা ভাবি এতিয়াও সংযম হৈ আছে৷ আমাক আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈ পৰীক্ষা নল’ব৷ কিয়নো সেই পৰিস্থিতিৰ উদ্ভৱ হ’লে অসম আৰক্ষীত কৰ্মৰত বিশ শতাংশ বেয়া ব্যক্তিতকৈ আশী শতাংশৰ ভাল ব্যক্তি মৃত্যুমুখত পৰিব৷ আনহাতে, সংযুক্ত মুক্তি বাহিনী, অসমৰ সেনানীসকলে মৃত্যুলৈ ভয় নকৰে৷ মৃত্যুঞ্জয়ী হৈহে আমি স্বদেশ আৰু স্ব-জাতিৰ মুক্তিৰ বাবে পণ কৰিছোঁ৷ এনে সংঘাতে কোনো পক্ষকে লাভান্বিত নকৰে৷ সেয়েহে যিসকলে এই ভুৱা সংঘৰ্ষৰ ৰূপ দি আহিছে তেওঁলোকক অন্তিমবাৰলৈ সাৱধান কৰি দিয়া হৈছে যাতে এই অঘোষিত প্ৰতিযোগিতা ইমানতে সামৰণি মাৰক লগতে অসমৰ থলগিৰি জনগণেও ইয়াৰ বিৰুদ্ধে সদলবলে ওলাই আহক৷ অন্যথা অসমৰ অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ বাবে সকলোৱে সমানে দায়ী হ’ব লাগিব৷’