Logo
image

পৰেশ বৰুৱা উভতি আহিলেহে এই সমস্যা শেষ হ’ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ শিৱসাগৰৰ নৱবিবাহিত এজন যুৱক আৰু শদিয়াৰ পৰিবহণ নিগমৰ চাকৰি হেৰুওৱা তিনি যুৱকক স্মাৰ্ট অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অৱশ্যে নিৰস্ত্ৰ অৱস্থাত থকা শদিয়াৰ যুৱককেইজনে কৰ্তব্যৰত আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ বাবেই ভৰিত গুলীচালনা কৰা বুলিও আৰক্ষীয়ে দাবী কৰিছে৷ আনহাতে, শিৱসাগৰৰ যুৱকজনেও কৰ্তব্যৰত আৰক্ষীক গতিয়াই পলায়ন কৰাৰ বাবেই এনকাউণ্টাৰ কৰাৰ কথা আৰক্ষীয়ে বিবৃতিযোগে সদৰি কৰিছে৷ অসম আৰক্ষীৰ এই তথাকথিত এনকাউণ্টাৰক ভুৱা বুলি অভিযোগ উত্থাপন হৈছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা মূলসূঁতিলৈ ঘূৰি আহিলেই এনে সমস্যাৰ অন্ত পৰিব বুলিহে বিপৰীত ভাষ্য প্ৰদান কৰিছে৷ আনকি আৰক্ষীৰ উক্ত এনকাউণ্টাৰ ভুৱা নে সঁচা, তাক জানিবলৈ ন্যায়িক তদন্ত কৰিলে পৰেশ বৰুৱাই আহি ন্যায়িক আয়োগক সাক্ষ্য দিব লাগিব বুলিও স্ব-বিৰোধী মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ এনকাউণ্টাৰৰ প্ৰসংগত দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– অসমত ক’তো অপ্ৰীতিকৰ পৰিৱেশ হোৱা নাই৷ মানুহ সুন্দৰভাৱে পুৱা দোকান খুলিছে, ৰাতি বন্ধ কৰিছে৷ আলফাত কোনোবা যাব, কোনোবা ঘূৰি আহিব ! এই বিষয়টোত মই কোনো মন্তব্য নিদিও যদিও পৰেশ বৰুৱা ডাঙৰীয়া উভতি আহিলে সকলো সমস্যা শেষ হ’ব৷ তেওঁ যেতিয়ালৈকে উভতি নাহিব, সমস্যা থাকিবই৷ সেই কথা সকলোৱে জানে৷ আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা নে সঁচা, সেই কথা জানিবলৈ ন্যায়িক তদন্ত হ’ব লাগিব৷ আকৌ ন্যায়িক তদন্তত আলফাই আহি সাক্ষ্য দিব লাগিব৷ যদি ভুৱা এনকাউণ্টাৰ এটা হয় আৰু পৰেশ বৰুৱা ডাঙৰীয়াই ভুৱা এনকাউণ্টাৰ বুলি কয়, তেতিয়াহ’লে মই ন্যায়িক তদন্ত আয়োগ গঠন কৰিব লাগিব৷ পৰেশ বৰুৱাই ইয়াত আহি সাক্ষী দিব লাগিব৷ তেতিয়া পৰেশ বৰুৱা আহিব নে নাই সেয়াহে ডাঙৰ কথা৷ সেই বাবে এইবোৰ কথাৰ প্ৰশ্ন কৰি লাভ নাই৷ পৰেশ বৰুৱা আহিলেই সকলো সমস্যা সমাধান হৈ যায়৷