Logo
image

আজি বৰদিন ৰাজ্যজুৰি বিশেষ প্ৰস্তুতি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ সোমবাৰে বৰদিন৷ বৰদিনক আদৰিবলৈ সাজু হৈছে অসমৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো৷ ইতিমধ্যে দেওবাৰে নিশাৰে পৰা কেৰলৰ ধবনিয়ে মুখৰিত হৈছে গিৰ্জাসমূহ৷ পৱিত্ৰ বৰদিন উপলক্ষে সজাই পৰাই তোলা হৈছে গিৰ্জাসমূহ৷ আনহাতে, দেশৰ আন ৰাজ্যৰ লগতে অসমতো পবিত্ৰ বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ ইংৰাজী নৱবৰ্ষলৈ মাহলৈ মাত্ৰ এটা সপ্তাহ বাকী থকা অৱস্থাত বৰদিন যাতে সূচাৰুৰূপে উদযাপন কৰা হয় তাৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে গিৰ্জাৰ পৰিচালনাৰ দায়িত্বত থকা উদ্যোক্তাসকলে৷ সমান্তৰালভাৱে সম্প্ৰতি বিশ্বজনীন আৰু সাৰ্বজনীন উৎসৱলৈ ৰূপান্তৰিত হোৱা বৰদিন উপলক্ষে বজাৰসমূহতো আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ বৰদিনৰ প্ৰতীক হিচাপে পৰিণত হোৱা ছাণ্টাক্লজসদৃশ পোছাক বিচাৰি বজাৰত ভীৰ কৰিছে বহুজনে৷ তেনেদৰে প্ৰভু যীশু আৰু মেৰীৰ মূৰ্তিও বিচাৰি বজাৰত ভীৰ কৰিছে বহুজনে৷ আনকি বিগত কেইবাদিনো ধৰি প্ৰতিটো গিৰ্জাঘৰত যুৱক-যুৱতীসকলে কেৰলৰ আখৰা কাৰ্য সম্পূৰ্ণ কৰিছে৷ দেওবাৰে মাজনিশা এই কেৰলৰ ধবনিৰে এইবেলিৰ বৰদিনৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব৷ সোমবাৰৰ দিনটোত দুপৰীয়া আৰু সন্ধিয়া বৰদিনৰ সমুহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হ’ব গিৰ্জাঘৰসমূহত৷ য’ত প্ৰভু যীশু আৰু মেৰীৰ ত্যাগক প্ৰাৰ্থনাৰ মাজেৰে সোঁৱৰণ কৰা হ’ব৷ দেওবাৰে দিনৰ ভাগত গিৰ্জাঘৰসমূহত সমাগত বৰদিন উপলক্ষে বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়৷ য’ত আগতীয়াকৈ ইজনে সিজনে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কুশল বাৰ্তা বিনিময় কৰে৷ ইতিমধ্যে পবিত্ৰ বৰদিনৰ লগতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সকলোৰে মাজত সম্প্ৰীতি আৰু সদ্ভাৱ বজাই ৰখাৰ স্বাৰ্থত বিভিন্ন প্ৰান্তত প্ৰি-খ্ৰীষ্টমাছ বা প্ৰাক বৰদিন উদযাপন কৰাও পৰিলক্ষিত হৈছে৷ ইফালে বৰদিন যাতে সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে পালন কৰা হয় তাৰ বাবে অসম আৰক্ষীয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে দল-সংগঠনসমূহে বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে৷