Logo
image

মফচলৰ সাংবাদিকেই সংবাদ মাধ্যমৰ মেৰুদণ্ড

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ ‘এতিয়া প্ৰিণ্ট মিডিয়াৰ পাঠক কমিছে৷ বহুকেইখন বহুল প্ৰচাৰিত বিশ্বখ্যাত বাতৰিকাকতৰ প্ৰচলন বন্ধ কৰিবলগীয়া হৈছে৷ বাতৰিকাকত প্ৰকাশত বহু সমস্যাৰ সন্মুখীন হৈছে কতৃৰ্পক্ষসমূহ৷ বাতৰি কাকতৰ বাতৰিৰ গুৰুত্ব কমাৰ বহু অন্তৰ্নিহিত কাৰণ আছে৷ কিন্তু সকলো প্ৰত্যাহ্বান নেওচি সাংবাদিকে দায়িত্ব পালন কৰি যাব লাগিব৷ বাতৰিকাকতৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষণ বঢ়াবলৈ নতুন নতুন চিন্তা কৰিবলগীয়া হৈছে৷ সংবাদ মাধ্যমত এক নতুনত্ব আৰু অভিনৱত্ব প্ৰদান কৰি বাতৰিকাকতৰ প্ৰকাশ আৰু প্ৰচলনত গুৰুত্ব দি নতুন প্ৰজন্মকজড়িত কৰিব পাৰিলেহে বাতৰিকাকতৰ প্ৰচলন বৃদ্ধি হ’ব৷’ঃ এই মন্তব্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত বিশেষ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক-সাহিত্যিকগৰাকীয়ে এইদৰে কয়৷ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত ‘সাম্প্ৰতিক সময়ত মফচলীয় সাংবাদিকৰ ভূমিকা’ শীৰ্ষক আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি মনোজ কুমাৰ গোস্বামীয়ে কয় যে মফচলৰ সাংবাদিকসকলেই প্ৰকৃততে সংবাদ মাধ্যমৰ মেৰুদণ্ড৷ ৰহাৰ পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাংগণত অনুষ্ঠিত ৰূপালী জয়ন্তীৰ অনুষ্ঠান উপলক্ষে পুৱা ২৫খন পতাকা উত্তোলন কৰা হয়৷ মূল পতাকা উত্তোলন কৰে ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাই৷ ইয়াৰ পাছতে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়৷ লোকসংস্কৃতিৰ গৱেষক, বিশিষ্ট লেখক মিলেশ্বৰ পাটৰৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-চক্ৰত বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে মফচলীয় সাংবাদিকৰ দায়িত্ব, প্ৰত্যাহ৩ান আদি সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়ায়৷ আলোচনা-চক্ৰত মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়েও অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানতে ‘ৰণাংগন’ নামৰ স্মৰণিকা উন্মোচন কৰে সত্ৰাধিকাৰগৰাকীয়ে৷ ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ ৰূপালী জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷ সন্ধিয়া বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ স্থানীয় শিল্পীৰ সংগীতানুষ্ঠানৰ পাছতে জনপ্ৰিয় গায়ক ৰোহিত সোণাৰ আৰু জনপ্ৰিয় গায়িকা ৰিছা ভৰদ্বাজৰ গীতৰ অনুষ্ঠানেৰে কাৰ্যসূচীৰ অন্ত পৰে৷