Logo
image

মাজুলীত ধৰ্মযুদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ডিচেম্বৰঃ সত্ৰ নগৰী মাজুলীত কাৰ্যতঃ আৰম্ভ হৈছে ধৰ্মযুদ্ধ৷ পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলী বিশ্বখ্যাত সত্ৰৰ বাবে৷ সেই মাজুলীত আজিৰ তাৰিখত এফালে যদি শুনা গৈছে কেৰলধবনি, আনফালে শুনা গৈছে যাগ-যজ্ঞৰ অনুৰণনন৷ যাগ-যজ্ঞৰ পৰা শতযোজন দূৰৈত থকা সত্ৰাধিকাৰসকলৰ অধিকাংশই আজি যাগ-যজ্ঞ, পূজা-পাতলৰ কথাক লৈ ব্যস্ত৷ মুঠৰ ওপৰত যেন ধৰ্মযুদ্ধ আৰম্ভ হৈছে সত্ৰনগৰী মাজুলীত৷ সত্ৰনগৰী মাজুলীত কোনোবা যদি বৰদিন উদ্‌যাপনত ব্যস্ত আন কোনো ব্যস্ত যাগ-যজ্ঞৰ মহা আয়োজনত৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী মোহন ভাগৱতক আদৰণি জনোৱাৰ উদ্দেশ্যে সত্ৰ নগৰীত চলিছে যজ্ঞৰ আয়োজন৷ আৰ এছ এছৰ সৰসংঘচালক ভগৱত ২৭ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব৷ মূলতঃ তেওঁ মাজুলী ভ্ৰমণ কৰিব৷ ভাগৱতৰ মাজুলী ভ্ৰমণ উপলক্ষে উত্তৰ কমলাবাৰী সত্ৰত আয়োজন কৰা হৈছে গুৰু সন্মিলন৷ ২৮ আৰু ২৯ ডিচেম্বৰত তেওঁ মাজুলীত কেইবাটাও কাৰ্যসূচীত  ভাগ ল’ব৷ সত্ৰনগৰী মাজুলীত তেওঁ কেইবাগৰাকী সত্ৰাধিকাৰ, সন্ত আৰn ধৰ্মগুৰুৰ সৈতে আলোচনাত মিলিত হ’ব৷ ২৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰিব৷ তাৰ পৰা তেওঁ পোনে পোনে মাজুলীত উপস্থিত হ’ব৷ উল্লেখ্য, ২৮ ডিচেম্বৰৰ পুৱা সৰসংঘচালকজনে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত সমগ্ৰ অসমৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰুসকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰিব৷ উক্ত সন্মিলনৰ বাবে ইতিমধ্যে সমগ্ৰ অসমৰ সকলোবোৰ সত্ৰাধিকাৰ, সন্ত আৰু বিভিন্ন পন্থৰ ধৰ্মগুৰুসকলক নিমন্ত্ৰণ জনোৱা হৈছে৷ সিদিনাই আবেলিৰ ভাগত সৰসংঘচালকজনে এক শাৰীৰিক কাৰ্যক্ৰমত অংশ লৈ মাজুলী কেবাখনো সত্ৰ দৰ্শন কৰিব৷ ২৯ ডিচেম্বৰৰ পুৱা পুনৰায় ভাগৱতে মাজুলীৰ আন কেবাখনো সত্ৰ দৰ্শন কৰাৰ পাছত আবেলি গড়মুৰ সত্ৰৰ মিনি ষ্টেডিয়ামত এক বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে পোন প্ৰথমবাৰৰ বাবে সত্ৰনগৰী মাজুলী দৰ্শন কৰিব৷ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ লগতে বিভিন্ন স্থানৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰুসকলৰ মাজুলী আগমনৰ বাবে সকলো প্ৰকাৰৰ কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ উল্লেখ্য, বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ, সত্ৰনগৰী মাজুলীত আৰএছএছপ্ৰধান মোহন ভাগৱত উপস্থিত হোৱাৰ পূৰ্বে নদীদ্বীপটোত ব্যাপকভাৱে উদ্‌যাপিত হৈছে বৰদিনৰ বিস্তৃত কাৰ্যসূচী৷ কেৱল মাজুলীৰে ৭৪টা গিৰ্জাত বৰ্ণিল কাৰ্যসূচীৰে বৰদিন উদ্‌যাপন কৰা হৈছে৷ সোমবাৰে ৰাজ্যৰ পাহাৰে ভৈয়ামে, চহৰে নগৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হৈছে বৰদিন৷ গুৱাহাটী মহানগৰীৰ গীৰ্জাসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ বৰদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ বজাৰ-ৰাজপথ ভৰি পৰিছে চান্তাক্লোজ, খ্ৰীষ্টমাছ ট্ৰিৰে৷