Logo
image

পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি, ভৱেশ কলিতাৰ মতে পাইছে যে সেয়ে বহুত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ডিচেম্বৰঃ নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত পুনৰ লোকচানৰ অজুহাত দেখুৱাই ৰাজ্যবাসীক মাধমাৰ সোধাবলৈ সাজু হৈছে এপিডিচিএল৷ ফুৱেল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইচ একজাষ্টমেণ্ট (এমপিপিএ)ৰ নামত প্ৰতি ইউনিটত ১.২৯ টকাকৈ বিদ্যুৎ মাচুল স্থায়ীভাৱে বৃদ্ধিৰ যো-জা চলাইছে এপিডিচিএলে৷ অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাব দাখিল কৰা হৈছে৷ এপিডিচিএলৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে যোৱা অক্টোবৰৰ পৰা তিনিমাহৰ বাবে প্ৰযোজ্য ১.২৯ টকাৰ বৰ্ধিত মাচুল স্থায়ীভাৱে সংলগ্ন নকৰিলে এপিডিচিএলে শ শ কোটি টকাৰ লোকচানৰ পৰা উদ্ধাৰ পোৱাটো সম্ভৱ নহয়৷ লক্ষণীয় যে ইতিপূৰ্বে যোৱা অক্টোবৰত এপিডিচিএলে বৃদ্ধি কৰা বিদ্যুৎ মাচুলৰ ম্যাদ ৩১ ডিচেম্বৰত অন্ত পৰিব৷ উল্লেখ্য, লোকচানৰ অজুহাত দেখুৱাই  চৰকাৰৰ বিদু্যৎ বিতৰণ কোম্পানী এপিডিচিএলে পুনৰবাৰ বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে৷ এক প্ৰেছ বিবৃতিত কমিটীয়ে কয়– ‘ইতিমধ্যে অৰ্থনৈতিক ভাবে জুৰুলা হোৱা ৰাজ্যৰ জনসাধাৰণৰ ওপৰত যোৱা অক্টোবৰ মাহৰ পৰা এফপিপিপিএ চাৰ্জ ১.২৯ টকাকৈ জাপি দি অতিৰিক্ত শ শ কোটি টকা আদায় কৰাৰ পিছত এতিয়া এই ১.২৯ টকাক অহা অৰ্থ বছৰত নিয়মিত কৰাৰ প্ৰস্তাৱ চূড়ান্ত গ্ৰাহক স্বাৰ্থ বিৰোধী৷ এপিডিচিএলে অত্যন্ত কৌশলেৰে ১.২৯ টকাক প্ৰতি ইউনিট বিদ্য়ুতৰ দামৰ লগত যুক্ত কৰাৰ মাজেৰে অহা বছৰত এফপিপিপিএ চাৰ্জৰ নামত আকৌ মাচুল বৃদ্ধিৰ পথো মুকলি ৰাখিব খুজিছে৷ লোকচানৰ অজুহাত দেখুৱাই এপিডিচিএলে বিদু্যৎ নিয়ামক আয়োগৰ ওচৰত সমপৰিমাণ অৰ্থ মাচুল বৃদ্ধি কৰি আদায় কৰাৰ প্ৰস্তাৱ দাখিল কৰা কাৰ্য চৰকাৰৰ অকৰ্মণ্যতা, অদক্ষতা আৰু পৰিকল্পনাহীনতাক আঁৰ কৰাৰ এক চক্ৰান্ত মাথোঁন৷ এপিডিচিএলৰ এই প্ৰস্তাৱ নিয়ামক আয়োগৰ অনুমোদন পালে অহা দিনত বিদু্যতৰ মাচুল বহু গুন বৃদ্ধি পাব৷ সেয়েহে জনবিৰোধী এই প্ৰস্তাৱৰ বিৰুদ্ধে জনসাধাৰণ সোচ্ছাৰ হোৱাৰ আহ্বান জনোৱা হয়৷’ ইফালে, বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাবৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– ‘কংগ্ৰেছৰ দিনত তামোল, বাঁহৰ বিদ্যুতৰ খুঁটা আছিল৷ এতিয়া সকলোতে পকী খুঁটা হ’ল৷ গাঁৱে গাঁৱে বিদ্যুৎ আহিল৷ বিদ্যুৎ বিলৰ কথা বাদ দিয়ক, বিজেপি নেতৃত্বই যে বিদ্যুৎ দিব পাৰিছে সেইটোহে ডাঙৰ কথা৷ বিদ্যুৎ পাইছে যে সেয়ে বহুত৷’ কাজেই কলিতাৰ উদ্ভট মন্তব্যই কটা ঘাঁত চেঙা তেল ঢালিলে৷

বিদু্যৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা বিদু্যৎ উপভোক্তা সংস্থাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ লোকচানৰ অজুহাত দেখুৱাই চৰকাৰৰ বিদ্যুৎ বিতৰণ কোম্পানী এপিডিচিএলে পুনৰবাৰ বিদু্যতৰ মাচুল বৃদ্ধিৰ বাবে দিয়া প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটী কনজুমাৰ্ছ এছ’চিয়েশ্বনে৷ এটা বিবৃতিত এছ’চিয়েশ্বনৰ ৰাজ্যিক কমিটীয়ে কয়– ইতিমধ্যে অৰ্থনৈতিক ভাৱে জৰুলা হোৱা ৰাজ্যৰ জনসাধাৰণৰ ওপৰত বিগত অক্টোবৰ মাহৰ পৰা এফপিপিপিএ চাৰ্জ ১.২৯ টকাকৈ জাপি দি অতিৰিক্ত শ শ কোটি টকা আদায় কৰিছে৷ কিন্তু ইয়াৰ পাছতো পুনৰবাৰ ১.২৯ টকাকৈ অহা অৰ্থ বছৰৰ পৰা কায্যকৰী হোৱাকৈ নিয়মীয়া মাচুল বৃদ্ধিৰ বাবে দিয়া প্ৰস্তাৱ গ্ৰাহকৰ স্বাৰ্থ বিৰোধী৷ এপিডিচিএলে অত্যন্ত কৌশলেৰে ১.২৯ টকাক প্ৰতি ইউনিট বিদু্যতৰ দামৰ লগত যুক্ত কৰাৰ মাজেৰে অহা বছৰত এফপিপিপিএ চাৰ্জৰ নামত আকৌ মাচুল বৃদ্ধিৰ পথো মুকলি ৰাখিব খুজিছে৷ লোকচানৰ অজুহাত দেখুৱাই এপিডিচিএলে বিদু্যৎ নিয়ামক আয়োগৰ ওচৰত সমপৰিমাণ অৰ্থ মাচুল বৃদ্ধি কৰি আদায় কৰাৰ প্ৰস্তাৱ দাখিল কৰা কাৰ্য চৰকাৰৰ অকৰ্মণ্যতা, অদক্ষতা আৰু পৰিকল্পনাহীনতাক আঁৰ কৰাৰ এক চক্ৰান্ত মাথোঁন৷ এপিডিচিএলৰ এই প্ৰস্তাৱ নিয়ামক আয়োগৰ অনুমোদন পালে অহা দিনত বিদ্যুতৰ মাচুল বহু গুণ বৃদ্ধি পাব৷ সেয়েহে জনবিৰোধী এই প্ৰস্তাৱৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ কৰা উচিত৷