Logo
image

নষ্ট্ৰাডামুছৰ পৰা প্ৰশান্ত কিশোৰলৈ একেই মত... ’২৪ত পুনৰ মোদী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ডিচেম্বৰঃ ১৬০০খ্ৰীষ্টাব্দত ফৰাচী ভৱিষ্যদ্ৰষ্টা নষ্ট্ৰাডামুছে যি কৈ গৈছিল, সেই একে ভৱিষ্যদ্বানী এতিয়া প্ৰতিধবনিত হৈছে একবিংশ শতিকাৰ ভাৰতৰ সবাতোকৈ সফল ইলেকচন ষ্ট্ৰেটেজিষ্ট’ প্ৰশান্ত কিশোৰৰ মুখত৷ ২০১৪ চনত নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত আৰোহন কৰোৱাৰ মূল কাৰিকৰ প্ৰশান্ত কিশোৰ বা পিকেৰ দেশৰ ৰাজনীতিত বিগত কেইবছৰৰ ভূমিকা কি সকলোৱে জানে৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাত সহায় কৰা ৰাজনৈতিক ৰণনীতিকাৰ পিকে দেশজুৰি পৰিচিত হৈ পৰিছিল ২০১৪চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত৷ কিয়নো ২০১৩ চনৰ পৰা তেওঁ নৰেন্দ্ৰ মোদীৰ হৈ প্ৰচাৰ আৰু মিডিয়াৰ সকলো পৰিকল্পনা কৰিছিল আৰু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে তেওঁ স্বাভাৱিকভাৱেই প্ৰচাৰৰ আলোকলৈ আহিছিল৷ একমাত্ৰ ২০১৭চনত কংগ্ৰেছৰ হৈ উত্তৰ প্ৰদেশত লোৱা দায়িত্বত ব্যৰ্থতাৰ বাহিৰে বিহাৰত জেডি (ইউ), অস্ত্ৰ প্ৰদেশত  ৱাই এছআৰ কংগ্ৰেছ, দিল্লীত আপ, পঞ্জাৱত অমৰিন্দৰ সিং পশ্চিম বংগত মমতা বেনাৰ্জীক ক্ষমতাত অধিষ্ঠিত কৰালৈকে পিকেৰ নিৰ্বাচনী অভিযানত সাফল্য প্ৰায় ৯৯ শতাংশ৷ সেই পিকেৰ মতে ২০২৪ চনতো দেশৰ সাধাৰণ নিৰ্বাচনত মোদী মেজিক অব্যাহত থাকিব৷ মুলতঃ মোদীৰ মেজিকত নিৰ্ভৰ কৰিয়েই বিজেপিয়ে একেৰাহে তৃতীয়বাৰলৈ কেন্দ্ৰত ক্ষমতা অক্ষুন্ন ৰাখিব৷ পিকেৰ মতে মোদীয়েই বিজেপিৰ মূল শক্তি৷ মোদীৰ এই শক্তিৰ আধাৰ তেওঁৰ ৪৫ বছৰৰ অভিজ্ঞতা বুলি বিশ্লেষণ কৰিছে পিকেই, যি পৰিমাণৰ অভিজ্ঞতা দেশৰ সমসাময়িক কোনো ৰাজনীতিকৰ নাই৷ পিকেই কয়, নৰেন্দ্ৰ মোদীয়ে আৰ এছএছৰ প্ৰচাৰক হৈ ১৫ বছৰ দেশৰ ইসুৰৰ পৰা সিমুৰলৈ কাম কৰিছে৷ সেয়ে তেওঁ দেশৰ ভোটাৰৰ মনস্তত্ব জানে আৰু সংগঠনটোক তৃণমূল পৰ্যায়ৰ পৰা বুজি পায়৷ মোদীয়ে ১৫ বছৰ আৰএছএছৰ সংগঠক হৈ কাম কৰিছে৷ ফলত দেশৰ আৰএছএছ আৰু বিজেপিৰ প্ৰায় সকলো সৰু বৰ নেতা তেওঁৰ পৰিচিত৷ মোদী ১৫ বছৰ মুখ্যমন্ত্ৰীও আছিল৷ এনেদৰে তেওঁ ৪৫ বছৰীয়া সামাজিক-সাংগঠনিক-ৰাজনৈতিক অভিজ্ঞতাৰে সমৃদ্ধ৷ দেশৰ জনতাই কি বিচাৰে, মোদীয়ে সেয়া ভালদৰেই জানে৷ সেয়ে তেওঁ প্ৰতিটো নিৰ্বাচনতে নিজকে ভিন ভিন ৰূপত উত্থাপন কৰি আছে৷ চাই ৱালা, চৌকিদাৰ ইত্যাদি তাৰে অংশ৷ এই অভিজ্ঞতাক সাৰথি কৰিয়েই মোদীয়ে ২০২৪ত পুনৰ বাজীমাৎ কৰিব বুলি ধাৰণা  কৰে পিকেই৷

আনহাতে, এতিয়াৰ পৰা ৬০০ বছৰ পূৰ্বেই নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ দেশ শাসন কৰিব বুলি  ভৱিষ্যদ্বানী কৰিছিল নষ্ট্ৰাডামুছে৷ প্ৰসিদ্ধ সাংবাদিক, ঐতিহাসিক ফ্ৰেংকইছ গটিয়েৰে তেওঁৰ শেহতীয়া এটা ব্লগত নষ্ট˜াডামুছৰ মোদী সন্দৰ্ভত কৰা ভৱিষ্যদ্বাণীৰ বিষয়ে প্ৰকাশ কৰিছে৷ নষ্ট্ৰাডামুছে নৰেনদাস বুলি মোদীৰ বিষয়ে উল্লেখ কৰিছিল আৰু গুজৰাটৰ চাহ বিক্ৰেতাৰ সন্তান একবিংশ শতিকাত ভাৰতৰ সৰ্বোচ্ছ নেতা হৈ পৰিব বুলি ভৱিষ্যদ্বানী কৰিছিল৷ তেওঁ কৈছিল– ২০১৪ চনৰ পৰা হিন্দুৰ ৰাজত্ব আৰম্ভ হ’ব৷ তেওঁলোকে স্বৰ্গ আৰু মৰ্ত্যত শাসন কৰিব৷ এছিয়াত তেওঁলোকক কোনেও প্ৰতিহত কৰিব নোৱাৰিব৷ যেতিয়াই মোদীয়ে হিন্দু ভাৱাদৰ্শ ত্যাগ কৰিব তেতিয়াই তেওঁৰ পতন ঘটিব৷