Logo
image

নতুন অপৰাধ বিধেয়কত ৰাষ্ট্ৰপতিৰ অনুমোদন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ ডিচেম্বৰঃ সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত গৃহীত হোৱা তিনিখন ফৌজদাৰী বিধেয়কত মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হৈছে৷ এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিধি প্ৰস্তুত কৰাৰ লগে লগে বিভিন্ন অপৰাধত শাস্তি প্ৰদান কৰাৰ বাবে নিৰ্ণয় কৰা নতুন দণ্ডসংহিতা দেশজুৰি বলবৎ হ’ব৷ ইয়াৰ লগে লগে সলনি হৈ পৰিব শতাধিক বছৰধৰি দেশত প্ৰচলিত ফৌজদাৰী আইনৰ ধাৰা আৰু শাস্তিৰ বিধান৷ তাৎপৰ্যপূৰ্ণ এয়াই দে, দেশৰ বিভিন্ন আদালতত ইতিপূৰ্বে ৰুজু হোৱা আৰু বিচাৰ সম্পূৰ্ণ নোহোৱা লাখ লাখ গোচৰ পূৰ্বৰ আইন অনুসৰিয়েই চলি থাকিব আৰু শাস্তিৰ বিধান হ’ব পূৰ্বৰ আইনমতে৷ মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য বিল নামৰ নতুন ফৌজদাৰী আইন বা দণ্ডসংহিতাত অনুমোদন জনাই স্বাক্ষৰ কৰে৷ ভাৰতীয় ন্যায় সংহিতা পূৰ্বৰ ভাৰতীয় দণ্ডবিধি-১৮৬০ বা আইপিচিৰ স্থানত কাৰ্যকৰী হ’ব৷ আনহাতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা কাৰ্যকৰী হ’ব ভাৰতীয় ফৌজদাৰী বিধি ১৮৭০ বা চিআৰপিচিৰ স্থানত আৰু ভাৰতীয় সাক্ষ্য বিল কাৰ্যকৰী হ’ব ‘ইণ্ডিয়ান এভিডেন্স এক্ট-১৮৭২’ৰ স্থানত৷ অপৰাধত শাস্তি প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাই মুখ্য ফৌজদাৰী আইন হ’ব৷ উল্লেখ্য, নতুন দণ্ডসংহিতাত গণপ্ৰহাৰত মৃত্যুদণ্ড আৰু নাবালিকা ধৰ্ষণত মৃত্যুদণ্ডৰ শাস্তিৰ নিদান ৰখা হৈছে৷ তদুপৰি দেশদ্ৰোহ আইন বিলুপ্ত কৰা হৈছে আৰু সন্ত্ৰাসবাদৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে৷