Logo
image

গাড়ীৰ ভিতৰতে উদ্ধাৰ অস্কাৰ বিজয়ী ছবিৰ অভিনেতা লী চান-কিউৰ মৃতদেহ

ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী ছবিৰ অভিনেতাৰ নিথৰ দেহ উদ্ধাৰ হ'ল গাড়ীৰ ভিতৰত। দক্ষিণ কোৰিয়াৰ অভিনেতা লী চান-কিউনৰ মৃতদেহ উদ্ধাৰ হৈছে।  চিউলৰ  এখন পাৰ্কত ৰখাই থোৱা বাহনৰ ভিতৰত অভিনেতাজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য। 

লী চানৰ পত্নীয়ে আৰক্ষীক জনোৱা অনুসৰি তেওঁৰ ঘৰত এখন চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। লী চানৰ পত্নী জিয়ন হিজেনো এগৰাকী অভিনেত্ৰী। তেওঁলোকৰ আছে দুই সন্তান।ইতিমধ্য়ে অভিনেতাজনৰ মৃতদেহ  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। 

দক্ষিণ কোৰিয়াৰ নেচনেল ইউনিভাৰ্চিটিৰ পৰা কলা বিভাগত স্নাতক আছিল লী চান। ২০০১ চনত তেওঁ টেলিভিশ্যন ছিৰিজ 'লাভাৰ্ছ'ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৯ চনত মুক্তি লাভ কৰা অস্কাৰ বিজয়ী ছবি 'পেৰাছাইট'ত অভিনয় কৰি সকলোৰে পৰিচিত হৈ পৰিছিল। 

ইয়াৰ পূৰ্বে তেওঁ অতিৰিক্ত মাদক দ্ৰৱ্য গ্ৰহণ কৰাৰ ফলত বহু কেইবাৰ বিপদতো পৰিছিল। যাৰ বাবে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ ওচৰত ক্ষমাও বিচাৰিছিল।