Logo
image

‘এ আই’ৰ হাতোৰা, গুগ্‌লৰ ৪২ হাজাৰ কৰ্মীক ছাটাহ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ডিচেম্বৰঃ উদ্ভাৱন বা আৱিষ্কাৰত থাকে সদায় প্ৰাপ্তিৰ আনন্দ৷ কিন্তু মানৱজাতিৰ কল্যাণৰ বাবে হোৱা উদ্ভাৱনে যেতিয়া ফ্ৰাংকেনষ্টাইনৰ ৰূপ লয়, তেতিয়া সি আক্ষৰিক অৰ্থতে অভিশাপ হৈ পৰে৷ সম্প্ৰতি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ (এ আই) বা কৃত্ৰিম বুদ্ধিমত্তাই যিদৰে বিভিন্ন প্ৰতিষ্ঠানত হাতোৰা বহুৱাইছে, সি সংশ্লিষ্ট প্ৰতিষ্ঠানৰ কৰ্মচাৰী-বিষয়াৰ প্ৰতি অভিশাপ হৈ পৰিছে, য’ত হেৰাই গৈছে উদ্ভাৱন বা আৱিষ্কাৰৰ আনন্দ৷ তেনে অভিশাপ আহি পৰিছে বিশ্বৰ বৃহত্তম আৰু সৰ্বাধিক জনপ্ৰিয় চাৰ্চ ইঞ্জিন কোম্পানী গুগলৰ প্ৰায় অৰ্ধশত কৰ্মচাৰীৰ ওপৰত৷ কিয়নো গুগলৰ পৰিচালন মণ্ডলীয়ে একেকোবে ৩০,০০০ কৰ্মচাৰী ছাটাই কৰাৰ সিদ্ধান্ত লৈছে৷ এই ৩০,০০০ কৰ্মচাৰীৰ কাম কৰিব এ আই বা কৃত্ৰিম বুদ্ধিমত্তাই৷ মাথোঁ কেইমাহমান পূৰ্বে গুগলে ১২,০০০ কৰ্মচাৰীক একেলগে ছাটাই কৰিছিল৷ সেয়া আছিল মাৰ্কিন কোম্পানীটোৰ ইতিহাসৰ বৃহত্তম কৰ্মী ছাটাই৷ কোৱা বাহুল্য মাথোঁ, সেই বৃহত্তম ছাটাইৰ কাৰনো আছিল এ আইৰ ব্যৱহাৰ৷ পিছে এইবাৰগুগলৰ ‘মেনেজমেণ্টে’ সেই অভিলেখ অতিক্ৰম কৰি একেলগে ৩০,০০০ কৰ্মচাৰীক প্ৰতিষ্ঠানৰ পৰা বিদায় দিয়াৰ সিদ্ধান্ত লৈছে, য’ত ভাৰতত কৰ্মৰত সহস্ৰাধিক কৰ্মচাৰীও আছে৷ এই বৃহৎ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ কোম্পানীটোৰ ‘মেনেজমেণ্টে’ কেৱল বৰদিনলৈ অপেক্ষা কৰি আছিল৷ তথ্য প্ৰযুক্তি কোম্পানীটোৰ শীৰ্ষ বিষয়াৰ মতে আজি বা কাইলৈ গুগলৰ আমেৰিকা আৰু ‘গ্ল’বেল পাৰ্টনাৰ’ৰ অধ্যক্ষ ছীন ড’উনিৰ ইমেইল অপসাৰণ কৰিবলগীয়া ৩০,০০০ কৰ্মচাৰীৰ মেইলত সোমাই যাব৷ ‘বন্ধুসকল, তোমালোকৰ ইমানদিনৰ সেৱাৰ বাবে ধন্যবাদ৷ তোমালোকক দুখেৰে সৈতে জনাবলগীয়া হৈছে যে, এতিয়াৰ পৰা কোম্পানীত তোমাৰ সেৱাৰ প্ৰয়োজন নাই... জাতীয় এখন ইমেইল কেতিয়াকৈ আহে, কালৈ আহে–সেই আশংকাত ত্ৰস্তমান হৈ আছে গুগলৰ লক্ষাধিক কৰ্মচাৰী৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, চলিত বছৰৰ জানুৱাৰীত তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান গুগলে প্ৰথমবাৰৰ বাবে এ আই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ বছৰৰ শেষত ফল ভোগ কৰিছে ৪২,০০০ কৰ্মচাৰীয়ে৷

২০২৩ চনৰ জানুৱাৰীত চাৰ্চ ইঞ্জিনৰ বৃহত্তম কোম্পানী গুগলে প্ৰথমবাৰৰ বাবে এ আই ব্যৱহাৰ কৰিছিল, সেই কৃত্ৰিম বুদ্ধিমত্তাৰ নাম আছিল ‘পাৰ্ফমেন্স মেক্স’৷ ‘পাৰ্ফমেন্স মেক্স’ নামৰ এই এ আইক ব্যৱহাৰ কৰা হৈছে কোম্পানীটোৰ বিজ্ঞাপন-বিপণন বিভাগত৷ ‘পাৰ্ফমেন্স মেক্স’ ব্যৱহাৰ কৰাৰ লগে লগে গুগলৰ বিজ্ঞাপন লাভ আৰু ৰাজহ আহৰণৰ হাৰ অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাইছে৷ গুগলৰ গ্ৰাহকেও এ আইৰ কাৰ্যকলাপ আৰু প্ৰদৰ্শন ভাল পাইছে৷ কিয়নো ‘পাৰ্ফমেন্স মেক্সে’ গ্ৰাহকক বিজ্ঞাপনৰ ক্ষেত্ৰত নিতৌ ন ন উদ্ভাৱনী পন্থা দেখুৱাইছে৷ ইয়াৰ পূৰ্বে কৰ্মচাৰীৰ দ্বাৰা গ্ৰাহকলৈ আগবঢ়োৱা প্ৰস্তাৱ, বিজ্ঞাপনৰ ধৰণ ইত্যাদি পৰম্পৰাগত আছিল, য’ত তেনে আকৰ্ষণ নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে গুগলে নিয়োগ কৰা এ আই ‘পাৰ্ফমেন্স মেক্স’ৰ বিজ্ঞাপন অতি আকৰ্ষণীয়৷ সেয়ে গ্ৰাহকে সেই বিজ্ঞাপন আঁকোৱালি লোৱাত ৰাজহ সংগ্ৰহো বৃদ্ধি হৈছে কোম্পানীটোৰ৷ গুগলে ৩০,০০০ কৰ্মচাৰীৰ বাবে যিমান ব্যয় কৰিবলগীয়া হয়, তাৰ তুলনাত ‘পাৰ্ফমেন্স মেক্স’ৰ ব্যয় তেনেই নূ্যনতম৷ ইতিপূৰ্বে অপসাৰণ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰতো একেই কথা৷ দৰমহাৰ উপৰি অন্যান্য লাভালাভ, বীমা, ছুটী ইত্যাদি অবিহনে কৰ্মচাৰী ৰখা অসম্ভৱ৷ কিন্তু এ আইৰ ক্ষেত্ৰত ইয়াৰ একোৰে প্ৰয়োজন নাই৷ সেয়ে কোব পৰিছে কোম্পানীটোৰ ৪২,০০০ কৰ্মচাৰীৰ চাকৰিত৷

এটা সময় আছিল, ৰবট উদ্ভাৱন দেখি মানুহৰ আনন্দ-উৎসাহৰ শেষ নাছিল৷ অনেকেই কৈছিল, মানুহৰ কষ্ট হ্ৰাস পাব৷ কিন্তু ক্ৰমাত ৰবটৰ উন্নয়ন, অন্যান্য ক্ষেত্ৰত ন ন উদ্ভাৱন হৈ এতিয়া হঠাতে আহিল এ আইৰ যুগ৷ মাথোঁ কেইদিনমান আগতেও এ আই টেলিভিছন চেনেলৰ এংকৰ হোৱাত উৎফুল্লিত হৈছিল অনেক৷ কিন্তু সেই এ আয়েই এতিয়া লাহে লাহে কৰ্মচাৰীৰ বাবে ফ্ৰাংকেনষ্টাইন হৈ পৰিছে, নিজে সৃষ্টি কৰা এ আই দৈত্যৰ দৰে আগবাঢ়ি আছে মানৱজাতিৰ বাবে, অধিক স্পষ্টকৈ ক’বলৈ হ’লে কৰ্মচাৰীৰ বাবে, যাৰ ফলত নিকট ভিৱষ্যতত সংস্থাপনহীন হ’ব বিশ্বৰ কোটি কোটি কৰ্মচাৰী৷ গুগলৰ ৪২,০০০ কৰ্মচাৰী ছাটাই এক অশনি সংকেত মাথোঁ৷