Logo
image

অসমত এনকাউণ্টাৰ দিল্লীত শান্তিচুক্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু নতুন দিল্লীৰ প্ৰতিনিধি, ২৮ ডিচেম্বৰঃ এফালে আলফাৰ সন্দেহত অসম আৰক্ষীৰ এনকাউণ্টাৰ আৰু আনফালে আলফাৰ সৈতে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি৷ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি চমৰ অৱনতিৰ মাজতে আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰৰ মোদী চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হোৱা কাৰ্যই এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে৷ কিয়নো শান্তি চুক্তি স্বাক্ষৰৰ প্ৰাকমুহূৰ্তত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে উজনি অসমত ধাৰাবাহিক গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰি আৰক্ষী সঞ্চালকপ্ৰধানক মুকলি প্ৰত্যাহ্বান জনোৱা দেখা গৈছিল৷ আলফাৰ এই গ্ৰেনেড বিস্ফোৰণৰ পাছতেই অসম আৰক্ষীয়েও সম্পূৰ্ণ দমনমূলক নীতিৰে আলফামুখী আৰু আলফাৰে সম্পৰ্ক থকা সন্দেহত ৫জন তেজাল যুৱকক এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছিল৷ যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত তিতাবৰৰ দীপাংকৰ গগৈ নামৰ যুৱকজনক শাৰিৰীক-মানসিক নিৰ্যাতন চলোৱাৰ ফলত ২৪ জনীয়া যুৱকজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ বাবে নিৰীহ যুৱকজনে আত্মহননৰ অভিযোগ উঠাত এতিয়া মুখ্যমন্ত্ৰীয়ে অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলগীয়া হৈছে৷ ইয়াৰ পাছতো অসম আৰক্ষীয়ে বিপ্লৱী কথা লিখি সামাজিক মাধ্যমত পোষ্ট দিয়াৰ অভিযোগত এজনৰ পাছত এজন যুৱকক আটক তথা গ্ৰেপ্তাৰ কৰিছে৷ এনেবোৰ কাৰণতে উজনি-নামনিত সেনা-আৰক্ষীৰ সন্ত্ৰাসক লৈ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদী ৰাইজ৷ শদিয়াত আলফা কেডাৰৰ ঘৰত আৰক্ষী অধীক্ষকে গুলী ফুটাই বীৰত্ব প্ৰদৰ্শন কৰা অভিযোগ উঠাৰ মাজতে বুধবাৰে জাগুণত আলফা বিৰোধী অভিযানৰ নামত পিষ্টল দেখুৱাই ভাবুকি দিয়া সেনা জোৱানক বাট ভেটি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় নাৰী বাহিনীয়ে৷ অসমত এনে আইন শৃংখলাজনিত পৰিস্থিতিৰ মাজতে শুকুৰবাৰে নতুন দিল্লীৰ নৰ্থ ব্ল’কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পন্ন হ’ব আলফাৰ ত্ৰিপাক্ষিক শান্তি চুক্তি৷ প্ৰায় ৪ টা দশক ধৰি সশস্ত্ৰ সংগ্ৰাম কৰা বিদ্ৰোহী সংগঠনটোৰ আলোচনাপন্থী গোটৰ সৈতে ২৯ ডিচেম্বৰত নতুন দিল্লীয়ে ঐতিহাসিক চুক্তি সম্পূৰ্ণ কৰিব যদিও এই চুক্তিয়ে অসমলৈ কি আশাৰ বতৰা কঢ়িয়াই আনিব সেয়া সময়তহে স্পষ্ট হ’ব৷ কিয়নো সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি স্বাক্ষৰ কৰাৰ দশকৰ পাছত দশক অতিক্ৰম কৰিলেও যদিও ৰাজ্যবাসীয়ে আজিও খিলঞ্জীয়াৰ সংবিধানিক ৰক্ষাকৱচ লাভ নকৰিলে৷ বৰঞ্চ সেই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবেও দাবী উত্থাপন কৰি আলফাই চুক্তি স্বাক্ষৰৰ বাবে অপেক্ষাত আছে৷ এনে প্ৰেক্ষাপটত আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তিক লৈ স্বাভাৱিকতেই ৰাজ্যবাসীৰ উৎকণ্ঠা দুগুণে বৃদ্ধি পাইছে৷ অৱশ্যে আলফাৰ ফালৰ পৰা দাবী চনদত অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১০২ টা খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, অসমৰ ভূমিপুত্ৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা, বানপানী সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে ৮৮ শতাংশ আসন সংৰক্ষণ, অসম চুক্তিৰ ৬ নং দফাৰ ভিত্তিত খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ দাবী উত্থাপন কৰিছিল৷ এই দাবী চনদৰ ভিত্তিত কেন্দ্ৰৰ সৈতে বিগত ২০১১ চনৰ পৰা চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়াই শুকুৰবাৰে চূড়ান্ত ৰূপ লোৱাটো নিশ্চিত হৈ পৰিল৷ অৱশ্যে শান্তি চুক্তিত কি কি বিষয়ে স্থান পাব বা কি লাভালাভ হ’ব সেই সন্দৰ্ভত এই মুহূৰ্তলৈ আলফা স্বাধীন বা চৰকাৰৰ ফালৰ পৰা কোনো তথ্যই ৰাজহুৱা কৰা নাই৷ ইয়াৰ মাজতে ২৯ অক্টোবৰৰ ঐতিহাসিক এই চুক্তিৰ সাক্ষী হ’বলৈ এই মুহূৰ্তত দিল্লীত বাহৰ পাতিছে আলোচনাপন্থী আলফাৰ মুঠ ১৬ জনীয়া প্ৰতিনিধি দলে৷ সোমবাৰে দিল্লীত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰী উপস্থিত হোৱাৰ পাছত বুধবাৰে বিদ্ৰোহী সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, উপ-সেনাধ্যþক্ষ ৰাজু বৰুৱা, বিত্ত সচিব চিত্ৰবন হাজৰিকা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী আৰু সাংস্কৃতিক সচিব প্ৰণতি ডেকাই দিল্লীত উপস্থিত হয়৷ আলফা নেতৃত্বই প্ৰকাশ কৰা মতে চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত আলফাৰ ১৬ জনীয়া প্ৰতিনিধি দল এটাই উপস্থিত থাকিব৷ আনহাতে ঐতিহাসিক শান্তি চুক্তিৰ সাক্ষী হ’বলৈ আলফাৰ তৰফত ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ১৪জন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, মঙলবাৰে মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ সৈতে মাৰাথন বৈঠকত মিলিত হোৱা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে আজি সংগঠনৰ আন নেতৃবৃন্দৰ সৈতে চূড়ান্ত কৰা চুক্তিৰ বিষয়সমূহকলৈ আলোচনা কৰে৷ ইয়াৰ পাছত সংবাদমাধ্যমৰ আগত চেতিয়াই প্ৰকাশ কৰা মতে, চৰকাৰে সাজু কৰা খচৰাখনত আলফাই বিচৰা মতে আন কিছু বিষয় সংযোজন কৰা হৈছে৷ চুক্তি সম্পাদনাত দুয়ো পক্ষই কিছু ত্যাগ স্বীকাৰ কৰা বুলিও চেতিয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ চেতিয়াৰ বক্তব্য— চৰকাৰ আৰু আলফা দুয়ো পক্ষই কিছু এৰাধৰাৰ মাজেৰে শান্তি চুক্তিখন চূড়ান্ত কৰিছে৷  দিল্লীত বাহৰ পতা আলফাৰ আন শীৰ্ষ নেতা কেইজন হৈছে ক্ৰমে অপূৰ্ব বৰুৱা, বিজু ডেকা, প্ৰাণজিৎ শইকীয়া তান্তু চাওদাং, প্ৰদ্যুৎ গোহাঁই, পল্লৱ শইকীয়া, মৃণাল হাজৰিকা, দেৰগ্ৰাহা বসুমতাৰী অন্যতম৷ চুক্তি স্বাক্ষৰ পাছতেই ৩১ ডিচেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আলফাৰ দলটোক উষ্ম আদৰণি জনোৱাৰ প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে৷