Logo
image

দিল্লীৰ ইজৰাইল দূতাৱাসত ‘নিয়া’

নতুন দিল্লী, ২৮ ডিচেম্বৰঃ দিল্লীৰ চাণক্যপুৰীস্থিত ইজৰাইলৰ দূতাৱাসৰ সমীপত মঙলবাৰে সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত কৰিবলৈ বুধবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’ৰ দল উপস্থিত হয়৷ ইপিনে ‘নিয়া’ৰ লগতে দিল্লী আৰক্ষীয়েও বিস্ফোৰণটোৰ খবৰ লাভ কৰাৰ পাছত ঘটনাস্থলীত ডগস্কোৱাড লৈ অনুসন্ধান আৰম্ভ কৰিছে৷ উল্লেখ্য, মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৫৩ বজাত দূতাবাসটোৰ সমীপত অঞ্চলটোক কঁপাই তোলে বিস্ফোৰণৰ প্ৰচণ্ড শব্দই৷ এই ঘটনাৰ পাছত দিল্লী আৰক্ষীৰ লগতে অপৰাধ শাখা আৰু ফৰেনচিক বিশেষজ্ঞৰ উপৰি বোমা নিষ্ক্ৰীয়কাৰীৰ দল উপস্থিত হয়৷ তেওঁলোকে ঘটনাস্থলীৰ পৰা দিল্লীস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূতলৈ উদ্দেশ্যি লিখা এখন চিঠিৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ উদ্ধাৰ হোৱা সামগ্ৰীখিনি ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ ইজৰাইল-পেলেষ্টাইনীৰ যুদ্ধৰ সৈতে ইজৰাইলৰ দিল্লীস্থিত দূতাবাসৰ সমীপত হোৱা ‘বোমা কাণ্ড’টোৰ সৈতে সংযোগ আছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ‘নিয়া’ আৰু দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰাখিছে৷

স্মৰ্তব্য যে যোৱা অক্টোবৰ মাহৰ পৰা গাজাত ইজৰাইলে চলোৱা আক্ৰমণত এই পৰ্যন্ত ২১,১১০ জন লোকৰ মৃত্যু হৈছে৷ তদুপৰি আহত হৈছে ৫৫,২৪৩ জন৷ গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে এই দাবী কৰিছে৷ আনহাতে যোৱা ২৪ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত ১৯৫ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাব লগাত পৰিছে যোৱা ২৪ ঘণ্টাত৷ তদুপৰি আহত হয় ৩২৫ জন৷