Logo
image

অবৈধ ধন সৰবৰাহৰ গোচৰ‍; ইডিৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম

ডিজিটেল ডেস্কঃ  বিপদত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিত্তীয় লেনদেনৰ অনিয়মৰ এক গোচৰত ইডিৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম। ইয়াৰোপৰি আছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰো নাম।

অভিযোগ অনুসৰি দিল্লীস্থিত এটা ৰিয়েল ইষ্টেট ফাৰ্মৰ জৰিয়তে হাৰিয়ানাত অবৈধভাৱে বৃহৎ পৰিমাণৰ ভূমি ক্ৰয়ত জড়িত আছে প্ৰিয়ংকা গান্ধী। ইয়াৰোপৰি এই অভিযোগৰ সৈতে জড়িত হৈ আছে সঞ্জয় ভাণ্ডাৰী আৰু প্ৰবাসী ব্যৱসায়ী চি চি থাম্পিৰ নামো।এই দুয়োগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ধনৰ অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ একাধিক অভিযোগ উত্থাপিত হৈছে।

ইফালে ইডিৰ অভিযোগনামাৰ পাছতে  লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা বুলিহে দাবী কৰিছে কংগ্ৰেছে