Logo
image

হিমন্তবিশ্ব চৰকাৰৰ দিনত অসমত 'মুক্তহত্যা' আৰম্ভ হৈছেঃ লুৰীণজ্যোতি গগৈ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ অসমত গুপ্তহত্যাৰ নতুন সংস্কৰণ আৰম্ভ হৈছে। গুপ্তহত্যাৰ পৰিৱৰ্তে মুক্ত হত্যা চলাইছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। আলফা (স্বাঃ)ৰ বিৰুদ্ধে চলোৱা অসম আৰক্ষীৰ অভিযানৰ নামত নিৰীহ যুৱকৰ ওপৰত আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে এইদৰে মুকলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। 

বৃহস্পতিবাৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে অসমত দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিছতে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। ভুৱা এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰা হৈছে। আইনৰ শাসন আঁতৰাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিজ ইচ্ছামতে মানুহক গুলীয়াই হত্যা কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ আলফা বিচৰাৰ নামত সন্দেহবশতঃ এনকাউণ্টাৰ কৰা হৈছে। অৰ্থাৎ গুপ্তহত্যাৰ নতুন সংস্কৰণ আৰম্ভ হৈছে অসমত। এইবাৰ গুপ্তহত্যা নহয়, মুক্তহত্যা হৈছে। মুক্তহত্যাৰ পটভূমি ৰচনা কৰিছে। সেইবাবে য'তে ত'তে নিৰীহ যুৱকক হত্যা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। 

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ডিজিপিয়ে সাধাৰণ জনতাক মাৰিবলৈ উঠিপৰি লাগিছে বুলি লগতে অভিযোগ তুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, "নিৰীহ যুৱকক এনকাউণ্টাৰৰ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আগতে তেওঁলোকে ভুৱা এনকাউণ্টাৰ কৰি বিভিন্ন মানুহক মাৰিছিল। গুলীয়াই মাৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছিল। ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়ত জড়িত তেওঁলোকক লক্ষ্য হিচাপে লৈ হিন্দু-মুছলমানৰ ৰাজনীতি খেল খেলিছে। এনেকুৱা কৰিবলৈ যোৱাৰ সময়ত নগাঁৱত প্ৰাক্তন ছাত্র সন্থাৰ নেতাক গুলীয়াই দিয়া হৈছিল। ইয়াৰ পৰাই মুক্ত হত্যাৰ পৰিৱেশ আৰম্ভ হৈছিল। নিৰ্বিচাৰ মুক্তহত্যা বন্ধ কৰি আইনৰ শাসন ব্যৱস্থা আৰম্ভ কৰক। অবিচাৰে অসমীয়া যুৱক-যুৱতীক হত্যাৰ প্ৰৱণতা চৰকাৰে বন্ধ কৰিব লাগিব।"

উল্লেখ্য যে আজি ডিব্ৰুগড়ৰ বৰপথাৰ সন্দিকৈ গাঁৱত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ জন্মদিন উদযাপন কৰা হয়। লুৰীণজ্যোতি গগৈ অনুৰাগী মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা অজাপৰ জন্মদিনৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰে। পিতৃ প্ৰবীণ গগৈক সন্মুখত ৰাখি লুৰীণজ্যোতি গগৈয়ে কেক কাটি নিজৰ জন্মদিন পালন কৰে। এই অনুষ্ঠানত অজাপ নেতা অনুপ ফুকন, দিলীপ ভূঞা, স্বাক্ষৰজ্যোতি বৰগোহাঁই আদিকে ধৰি ভালেসংখ্যক বিষয়ববীয়াই উপস্থিত থাকে।