Logo
image

ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি

বছৰটো শেষ হোৱাৰ আগে আগে আন হিচাপ-নিকাচবোৰৰ লগত কোন দেশ কিমান ধনী হ’ল, কোন দেশ দৰিদ্ৰতাত পোত গৈ থাকিল, সেইবোৰৰো হিচাপ লোৱা হয়৷ সৌ তাহানিৰ দৰে এতিয়াও জিডিপি অৰ্থাৎ দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনৰ হিচাপ উলিয়ালেই বৃহৎ অৰ্থনীতিৰ জোখ লোৱা হয়৷ অলপতে ‘ফ’ৰ্বছ ইণ্ডিয়া’ই এনে তথ্য প্ৰকাশ কৰি উলিয়াইছে, য’ত ভাৰতৰ স্থান হৈছে পঞ্চম৷ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ হৈছে ৩,৭৩০ বিলিয়ন ডলাৰ৷ প্ৰথম স্থানত থকা আমেৰিকা যুক্তৰাজ্যৰ জিডিপি হৈছে ২৬,৯৫৪ বিলিয়ন ডলাৰ৷ আকৌ, ১৭,৭৮৬ বিলিয়ন ডলাৰ জিডিপিৰে চীন আছে দ্বিতীয় স্থানত৷ এছিয়া মহাদেশৰ পৰম সুদিন যে তিনিখনকৈ দেশৰ জিডিপিয়ে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ প্ৰথম পাঁচটা স্থান দখল কৰিছে৷ চীন আৰু ভাৰতৰ বাদে তৃতীয়খন এছিয়ান দেশ হৈছে জাপান [৪,২৩১ বিলিয়ন ডলাৰ জিডিপি], যি চতুৰ্থ স্থান পাইছে৷ তৃতীয় স্থানত আছে হৈছে জাৰ্মানী৷ পিছে জাতীয় আয় বেছি হৈছে বুলিয়েই এই দেশবোৰক ধনী মানুহৰ দেশ বুলিব নোৱাৰি৷ কিয়নো, জিডিপি বা জাতীয় আয়ৰ পৰা গড়সংখ্যা এটাহে পোৱা যায়৷ এই সংখ্যাৰ সহায়ত আহৰণ কৰা জনমূৰি ঘৰুৱা উৎপাদনৰ পৰিমাণ বা চমুকৈ জনমূৰি আয়ৰ পৰিমাণৰ সংখ্যালৈ চালে প্ৰথম স্থানত থকা আমেৰিকা যুক্তৰাজ্যও গৈ দশম স্থানহে পায়গৈ৷ আমেৰিকা যুক্তৰাজ্যৰ জনমূৰি আয় হৈছে ৮০,৪১০ ডলাৰ; আনহাতে প্ৰথম স্থানত থকা লুক্সেমবাৰ্গৰ জনমূৰি আয় হৈছে ১,৪৩,৩২০ ডলাৰ৷ এইখন তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আইচলেণ্ড আৰু ছিংগাপুৰ৷ এছিয়াৰ গৌৰৱ ছিংগাপুৰৰ জনমূৰি আয় হৈছে ১,৩৩,১১০ ডলাৰ৷ এইখন তালিকাত ভাৰত গৈ একেবাৰে কোনোবাখিনিতে থাকিবলগীয়া হয়, কিয়নো ভাৰতৰ জনমূৰি আয় হৈছে মাথোন ২,৬১২ ডলাৰহে, বাংলাদেশতকৈও অলপ কম৷ আনকি, এইক্ষেত্ৰত চীন দেশৰো স্থান তালিকাৰ ওপৰৰ দিশত নাই৷ তাৰ বিপৰীতে মধ্যপ্ৰাচ্যৰ ইউনাইটেড আৰব এমিৰেট্‌ছ, কাটাৰ আৰু এছিয়াৰ মাকাওৰ স্থান প্ৰথম দহটাৰ ভিতৰতে আছে৷ জাতীয় আয়, জনমূৰি আয়ৰ এই হিচাপ-নিকাচবোৰৰ মাজতে আমি ভাৰতে বিশ্ব অৰ্থনীতিত উপনীত হ’বলগীয়া সম্ভাব্য স্থিতিৰ পূৰ্বানুমানক লৈ হোৱা তথ্যযুদ্ধৰ আখৰাবোৰো প্ৰত্যক্ষ কৰিছোঁ৷ ২০২৫ চনত ভাৰতে ৫ ত্ৰিলিয়ন জিডিপিৰে [ওপৰত উল্লেখ কৰা মতে বৰ্তমান ৩.৭ ত্ৰিলিয়ন] বিশ্বক চমক লগোৱাৰ কথা চৰকাৰী পক্ষৰ পৰা কৈ থকাৰ মূৰত শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনে তাক নাকচ কৰি কৈছে যে সেইটো সম্ভৱ হ’ব নোৱাৰে৷ কিয়নো, সেয়া হ’বলৈ হ’লে দেশৰ প্ৰকৃত বৃদ্ধিৰ হাৰ ১২ৰ পৰা ১৫ শতাংশকৈ হ’ব লাগিব৷ কিন্তু, ২০২৩-২৪ বৰ্ষত দেশৰ আয় বৃদ্ধি ৬.৩ শতাংশ হাৰতহে হ’ব বুলি পূৰ্বানুমান কৰা হৈছে৷ এই প্ৰসংগতে পূৰ্বৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ মণ্টেক সিং আহলুৱালিয়ায়ো ৰঘুৰাম ৰাজনৰ সুৰতে সুৰ মিলাইছে৷ গতিকে, আৰ্থিক সমৃদ্ধিৰ হাৰৰ পূৰ্বানুমানসমূহ এতিয়া নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক দলবোৰৰ বাবে কৰা ‘এগ্‌জিট প’ল’ যেনহে হৈছেগৈ৷ এই কথাও সৰ্বজনবিদিত যে দেশ পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’লেও সেয়া হ’ব এক পোছাকী আৱৰণহে৷ ইতিমধ্যে জিডিপি আৰু জনমূৰি আয়ৰ পৃথক ছবিয়ে কথাবোৰ কিছু সৰল কৰি দিছেই৷ আনকি, জনমূৰি আয়ৰ বৃদ্ধিয়েও দেশৰ প্ৰকৃত ছবি সলনি নকৰে, যদিহে গুণগত দিশৰ পৰিৱৰ্তন সাধন নহয়৷ ৰঘুৰাম ৰাজনে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছে শিশুসকলৰ পুষ্টি সম্পৰ্কে; এতিয়াও দেশৰ এক-তৃতীয়াংশ শিশু পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত, অথচ এওঁলোকেই হ’ব দেশৰ ভৱিষ্যৎ৷ যি দেশত শিশু, মহিলা আৰু জ্যেষ্ঠজনৰ সামাজিক সুৰক্ষাৰ দিশ সবল নহয়, বাট-পথ-শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ পৰা আৰম্ভ কৰি চৰকাৰী অফিচ-কাৰ্যালয় আৰু প্ৰশাসনীয় ব্যৱস্থাটো স্বচ্ছ-পৰিষ্কাৰ নহয়, সেই দেশে কিমান ত্ৰিলিয়ন ডলাৰ আয়েৰে কোনখন তালিকাৰ শীৰ্ষস্থানত থাকিল, সেইটো কোনোপধ্যেই বিবেচনাযোগ্য বিষয় নহয়৷