Logo
image

স্বামীয়ে কি পাব সেই উৎকণ্ঠা লৈও নিজৰ বিপণীত ব্যস্ত অৰবিন্দ-পত্নী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ডিচেম্বৰঃ ৰাজ্যৰ কেইবা দশকজোৰা ৰক্তক্ষয়ী সংঘাত, কলা অধ্যায় সমাপ্তিৰ পথত৷ শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হ’ব বহু চৰ্চিত আলফা-চৰকাৰৰ আনুষ্ঠানিক শান্তিচুক্তি৷ জংঘল এৰি আলোচনাৰ মেজলৈ অহাৰ পিছত সুদীৰ্ঘ ১৪ বছৰ ধৰি চলা বৈঠকৰ পিছত বৈঠকৰ সমাপ্তি ঘটাবলৈ অৱশেষত আলফা সভাপতি অৰবিন্দ ৰাজখোৱাসহ ১৬ জনীয়া আলফা নেতৃত্বই বাহৰ পাতিছে নতুন দিল্লীত৷ শুকুৰবাৰে স্বাক্ষৰিত হ’বলগীয়া আলফা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তিচুক্তিয়ে ৰাজ্যবাসীক কি দিব ইয়াক লৈ অব্যাহত আছে সৰ্বত্ৰ উৎকণ্ঠা৷ কিয়নো চুক্তি সন্দৰ্ভত ৰহস্যজনক গোপনীয়তা ৰাখিছে সকলো পক্ষই৷ ৰাজ্যৰ আন দহজনৰ দৰে এই শান্তিচুক্তিত কি আছে ইয়াৰ ভেদ ভাঙিব পৰা নাই আলফাৰ সভাপতি  অৰবিন্দ ৰাজখোৱাৰ পত্নী তথা এসময়ৰ আলফা নেত্ৰী, সংবেদনশীল কবি কাবেৰী কছাৰী ৰাজখোৱাই৷ উল্লেখ্য, যি সময়ত স্বামী অৰবিন্দ ৰাজখোৱা নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰত ব্যস্ত হৈ আছে, সেই সময়তে পত্নী কাবেৰী কছাৰী লাকুৱাৰ পৰা আহি গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেণ্ড চেণ্টাৰত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শীতকালীন এক্সপ’ত গ্ৰাহকৰ বাবে উমাল শীতৰ কাপোৰ বিক্ৰীত ব্যস্ত৷ সৃষ্টি হেণ্ডলুমছৰ আন কৰ্মকৰ্তাসকলৰ সৈতে এক্সপ’ত ব্যস্ত কাবেৰী কছাৰীয়ে সাংবাদিকৰ আগত শান্তি চুক্তি সন্দৰ্ভত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়– ‘কাইলৈ কি হ’ব, আমিও অতি আবেগেৰে ৰৈ আছো৷ শান্তিচুক্তিয়ে নি(য় দশকজোৰা জাতীয় সমস্যাসমূহৰ সমাধান সূত্ৰ উলিয়াব৷ শান্তিচুক্তিক লৈ ৰাজ্যৰ আন দহজনৰ দৰেই আমিও উৎসুক৷ চুক্তিত কি আছে, আমি কি পাম সেয়া আমাৰ নেতৃত্বইহে জানিব৷ আমি যি সময়ত সংগঠনলৈ গৈছিলো এটা উদ্দেশ্য লৈ গৈছিলো৷ পৰিস্থিতিগত কাৰণত যোৱা নাছিলো৷ যি কি নহওক, ৯০ দশকৰ অসমখন আমাক আকৌ নালাগে৷ নতুন প্ৰজন্মৰ মাজত কৰ্ম-সংস্কৃতি গঢ়ি তুলিব লাগিব৷ সৰ্বস্তৰৰ জনগণে এতিয়া অসমত শান্তি বিচাৰে৷ পৰিস্থিতিগত কোনো ভুল বাৰ্তা যাতে সমাজলৈ নাযায়৷’ উল্লেখ্য যে অমিত শ্বাহৰে চুক্তি স্বাক্ষৰ কৰিবলৈ অৰবিন্দ ৰাজখোৱাৰ সৈতে অনুপ চেতিয়া, শশধৰ চৌধুৰী, ৰাজু বৰুৱাকে ধৰি আলফাৰ আলোচনাপন্থী নেতাসকল বুধবাৰেই গৈ নতুন দিল্লীত উপস্থিত হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পি চি জি গঠনৰ জৰিয়তে প্ৰথমে আগবাঢ়িছিল আলফাৰে আলোচনাৰ প্ৰক্ৰিয়া৷ কিন্তু হঠাৎ সেই আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা আহিছিল৷ ইয়াৰ পিছতে ২০০৮ চনৰ ২৪ জুনত তেতিয়াৰ আলফাৰ আটাইতকৈ দুৰ্ধৰ্ষ বেটেলিয়ন বুলি পৰিচিত ২৮ নম্বৰ বেটেলিয়নৰ  এ আৰু চি গোট হাবিৰ পৰা ওলাই আহিছিল৷ ২৮ নম্বৰ বেটেলিয়নৰ সেই আত্মসমৰ্পণকাৰী গোটে তদানীন্তন তৰুণ গগৈ চৰকাৰক আলোচনাৰ বাবে প্ৰদান কৰিছিল কেইবাদফীয়া দাবী চনদ৷ অৱশ্যে যিহেতু আলফাৰ সেই গোটত তেতিয়া নাছিল কোনো কেন্দ্ৰীয় নেতৃত্ব৷ ২০০৯ চনত নাটকীয়ভাৱে আলফাৰ কেন্দ্ৰীয় কমিটীৰ গৰিষ্ঠসংখ্যক নেতা গ্ৰেপ্তাৰ হৈছিল বাংলাদেশত৷ তাৰ পিছতে তেওঁলোকক প্ৰত্যাৰ্পণ কৰা হৈছিল ভাৰতলৈ৷ কিন্তু ইয়াৰ পাছতো শান্তি আলোচনাই লাভ কৰা নাছিল গতি৷ আলফাৰ নেতৃত্বই হাতত হেণ্ডকাফ লগাই আলোচনা সম্ভৱ নহয় বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছত ২০১১ চনত আলোচনাৰ স্বাৰ্থত জামিনত মুকলি কৰি দিয়া হৈছিল আলফাৰ জ্যেষ্ঠ নেতাসকলক, তাৰ পিছতে আলফাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসমৰ একাংশ বুদ্ধিজীৱীয়ে লগ লাগি সন্মিলিত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰক আগবঢ়াইছিল কেইবাশ পৃষ্ঠাজোৰা দাবী চনদ৷ ৫ আগষ্ট ২০১১ত এই দাবী চনদ কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিছিল আলফাই৷ কিন্তু কালক্ৰমত সেই দাবী চনদ কেবল ২৯টা দাবীৰ এখন সৰু চনদত পৰিণত হয়৷ আৰু তাৰ ভিত্তিতেই বিগত ১৪টা বছৰে আগবাঢ়িছিল কেন্দ্ৰৰ সৈতে আলফাৰ আলোচনা প্ৰক্ৰিয়া৷ ১৪ বছৰীয়া এই আলোচনাত পুনৰ কেন্দ্ৰ আৰু আলফাই বহু এৰা ধৰা কৰিছে৷ স্বাক্ষৰিত হ’বলগীয়া চুক্তিত কি থাকিব বিতংভাৱে কোনো এটা পক্ষই সদৰি কৰা নাই যদিও আলফাৰ ইংগিত অনুসৰি এই চুক্তিত আছে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ কথা আৰু লগতে অসমীয়াৰ ভূমিৰ অধিকাৰৰ কথা৷