Logo
image

১৭ জানুৱাৰীত আহিব ৰাষ্ট্ৰপতি, ৯ জানুৱাৰীত অমিত শ্বাহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ঢেকীয়াজুলিৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ নৱবৰ্ষৰ পহিলাতে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ১২ জানুৱাৰীৰ পৰা ১৭জানুৱাৰীলৈ কাৰ্বি আংলঙৰ তাৰালাংচুত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ মুকলি সভাত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ৷ এই অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাল সকলো উপস্থিত থাকিব৷ আনহাতে নিখিল বাথৌ মহাসভাৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট˜পতি দ্ৰৌপদী মুৰ্মুৰ পূৰ্বেই অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ উল্লেখ্য, শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ ৪২ৰ শ্বহীদ ৰতন-মণিৰাম আৰু লেৰেলা কছাৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব নিখিল বাথৌ মহাসভাৰ দশম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন৷ সেই অনুসৰি অধিৱেশনখনি সফল কৰি তুলিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে৷ ১১ ডিচেম্বৰত ক্ষেত্ৰ পৰিদৰ্শন কৰে বি টি আৰৰ চীফ প্ৰমোদ বড়োৱে৷ উক্তদিনা বিয়লি উক্ত স্থানত উপস্থিত হৈ তেখেতে কয় যে এটি পৌৰাণিক ধৰ্ম হিচাপে পৰিচিত বাথৌ ধৰ্ম এতিয়া কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ আন আন প্ৰান্ততো অগনণ লোকে এই ধৰ্ম গ্ৰহণ কৰিছে৷ সেয়েহে অহা ৭, ৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হব লগা এই সৰ্ব বৃহৎ ধৰ্মীয় সভাখনত চুবুৰীয়া ৰাজ্য সমূহৰ উপৰিও নেপাল ভূটান বাংলাদেশ আদিৰ পৰাও বাথৌ ধৰ্মালম্বী লোক এই সভাত অংশ গ্ৰহণ কৰিব৷ ইয়াৰ উপৰিও এই সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীকো বাথৌ মহাসভাই নিমন্ত্ৰণ জনাইছে৷ গতিকে অনুষ্ঠানটো সফল আয়োজনৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে বুলি উল্লেখ কৰে৷ এদিন পূৰ্বে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা অভ্যৰ্থনা সমিতিৰ সভাপতি অশোক সিংহালে লাঁইখুটা স্থাপন কৰাৰ পাছতেই বি টি আৰ চীফ গৰাকীয়ে এই স্থান পৰিদৰ্শন কৰি কেন্দ্ৰীয় অধিবেশনখনিৰ প্ৰস্তুতিৰ বুজ লয়৷ নৱবৰ্ষৰ ৭ৰ পৰা ৯ জানুৱাৰীলৈ বিবিধ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা নিখিল বাথৌ মহাসভাৰ এই সৰ্ববৃহৎ অনুষ্ঠানত অসমকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল, মনিপুৰ, মিজোৰাম, নাগালেণ্ডৰ উপৰিও নেপাল, বাংলাদেশ, ভূটান আদি ৰাষ্ট্ৰৰ বাথৌ ধৰ্মালম্বী লোক এই মহাসভাত অংশ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে৷ আনহাতে ৭, ৮ আৰু ৯ জানুৱাৰীত তিনিদিনীয়া কৈ অনুষ্ঠিত হ’বলগা এই মহাসভাত একেলগে ৫০ হাজাৰ লোকে বাথৌ ধৰ্মীয় প্ৰাৰ্থনা(আৰচ) পৰিবেশনৰ কৰাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে৷ ইফালে এই অধিবেশনৰ জ্ঝ জানুৱাৰীত অনুষ্ঠিত হব লগা মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ, বি টি আৰ চীফ প্ৰমোদ বড়োকে ধৰি ভালেকেইগৰাকী গণ্য-মাণ্য লোক অতিথি হিচাপ উপস্থিত থাকিব বুলি অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে এক মাংগলিক পৰিবেশত লাইখুঁটা স্থাপন কাৰ্যসূচীত মন্ত্ৰী সিংহলৰ লগতে উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু, বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত বড়ো, নিখিল বাথৌ মহাসভাৰ সভাপতি খগেন ৰামচিয়াৰী, সম্পাদক গণেশ দৈমাৰীৰ লগতে প্ৰায় পাঁচ শতাধিক লোক৷ ইফালে ৩১ডিচেম্বৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷