Logo
image

সদন সাজু, কোক্‌ৰাঝাৰত বিধানসভাৰ অধিৱেশন কেতিয়া

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ২৯ ডিচেম্বৰঃ চলিত ডিচেম্বৰ মাহৰ আৰম্ভণিতে কোক্‌ৰাঝাৰত অসম বিধানসভাৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিটিআৰৰ প্ৰাদেশিক বিধানসভা ভৱনতে এই অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছিল৷ এই প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ দুবাৰকৈ কোক্‌ৰাঝাৰ ভ্ৰমণ কৰিছিল অধ্যক্ষ দৈমাৰীয়ে৷ কিন্তু হঠাৎ স্তব্ধ হৈ পৰে কোক্‌ৰাঝাৰত অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া৷ এই অধিৱেশন বাতিলৰ কোনো সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই৷ উল্লেখ্য যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বৃহস্পতিবাৰে কোক্‌ৰাঝাৰত উপস্থিত হয় যদিও অসম বিধানসভাৰ অধিৱেশন কোক্‌ৰাঝাৰত অনুষ্ঠিত হ’ব নে নহ’ব সেই সন্দৰ্ভত নিশ্চিত উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে ইতিমধ্যে তেওঁৰ নেতৃত্বত বিটিচি বিধান পৰিষদত ১২৬ জন বিধায়ক বহিব পৰাকৈ সদনটো সুসজ্জিত কৰি সাজু কৰি তোলা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে বিধানসভা পৰিষদৰ সদনৰ লগতে সংলগ্নকৈ অধ্যক্ষ বহিব পৰাকৈ কোঠা নিৰ্মাণ কৰা হৈছে৷ উল্লেখযোগ্য যে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে বিটিচি বিধান পৰিষদৰ লগতে সচিবালয়কে আদি কৰি আন্তঃগাঁথনিৰ সালসলনি কৰা হৈছিল৷ অৱশ্যে কি কাৰণত ইয়াৰ পিছতো অসম বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহ’ল সেই সন্দৰ্ভত নিশ্চিত উত্তৰ কোনেও নিদিলেও মন্ত্ৰী-বিধায়ক আৰু বিষয়াবৰ্গক সুৰক্ষিতভাৱে ৰখাৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বাবে অধিৱেশনখন স্থগিত হৈছে বুলি এটা মহলে মন্তব্য কৰিছে৷