Logo
image

আৰএছএছৰ দুৰ্গত কংগ্ৰেছৰ অভিযান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ ডিচেম্বৰঃ আৰএছএছৰ দূৰ্গ নাগপুৰৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিলে ২০২৪ৰ নিৰ্বাচনী অভিযান৷ প্ৰথমে কথা আছিল নাগপুৰত ‘ইণ্ডিয়া’ জোঁটৰ এখন ৰেলী অনুষ্ঠিত হ’ব৷ কিন্তু সেই আলোচনা ফলপ্ৰসু নোহোৱাত কংগ্ৰেছে এককভাৱে পৰিকল্পনা কৰি বৃহস্পতিবাৰে ৰেলী আয়োজন কৰে৷ কংগ্ৰেছৰ এই ৰেলীত দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপৰি ৰাহুল গান্ধী আৰু অন্যান্য শীৰ্ষনেতা উপস্থিত থাকে৷ ‘হ্যে তৈয়াৰ হম’ শীৰ্ষক ৰেলীত ৰাহুল গান্ধীয়ে কয় যে বিজেপিৰ সৈতে কংগ্ৰেছৰ যুঁজ হৈছে মতাদৰ্শৰ যুঁজ৷ উল্লেখ্য, ১৯২০ চনত এই নাগপুৰৰ অধিৱেশনৰ পৰাই মহাত্মা গান্ধীৰ কংগ্ৰেছৰ নেতা হিচাপে উত্থান ঘটিছিল আৰু তাৰ পাছতে দেশজুৰি অসহযোগ আন্দোলন আৰম্ভ হৈছিল৷ সেই নাগপুৰৰ পৰা কংগ্ৰেছে ২০২৪ৰ নিৰ্বাচনী অভিযান আৰম্ভ কৰা বুলি চৰ্চা হৈছে৷

বংগত অকলে যুঁজিব তৃণমূলে, শিৱসেনা-এনচিপিৰ আসনৰ দাবী নাকচ কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ আসন বুজাবুজিৰ সময় চমু চাপি অহাৰ লগে লগে ‘ইণ্ডিয়া’ জোঁটৰ মাজত জটিলতা আৰম্ভ হৈছে৷ পশ্চিমবংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছে এককভাৱে যুঁজ কৰিব বুলি ঘোষণা কৰিছে৷ অৱশ্যে তেওঁ ‘ইণ্ডিয়া’ জোঁটক অস্বীকাৰ নকৰাকৈ সমগ্ৰ ভাৰতত ‘ইণ্ডিয়া’ থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ ইপিনে, উদ্ধৱ থাকৰেৰ শিৱসেনা আৰু শাৰদ পাৱাৰৰ এনচিপিয়ে মহাৰাষ্ট্ৰত বিশাল সংখ্যাৰ আসনৰ দাবী কৰা আৰু জোঁটৰ শক্তিশালী দল কংগ্ৰেছে সেই দাবী নাকচ কৰাত ‘ইণ্ডিয়া’ জোঁটৰ আসন বুজাবুজিৰ আনুষ্ঠানিক আলোচনা আৰম্ভ নৌহওঁতেই জোঁটৰ অংক জটিল হ’বলৈ আৰম্ভ কৰিছে৷ ভাগি খণ্ড খণ্ড হোৱা আৰু আনকি নিজৰ নিৰ্বাচনী প্ৰতীকো একনাথ সিন্দেৰ শিৱসেনাৰ ওচৰত হেৰুৱাবলগীয়া হোৱা উদ্ধৱ থাকৰেৰ শিৱসেনাই মহাৰাষ্ট্ৰত ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰিছে৷ একেদৰে ভতিজাক অজিত পাৱাৰে সিংহভাগ বিধায়ক লৈ যোৱাৰ পাছত শক্তিহীন হৈ পৰা শাৰদ পাৱাৰৰ এনচিপিয়ে দাবী কৰিছে ১৯খন আসন৷ মহাৰাষ্ট্ৰত বিজেপিৰ পাছতে শক্তিশালী ৰাজনৈতিক দলৰ স্থিতি থকা ‘ইণ্ডিয়া’ জোঁটৰ কংগ্ৰেছে অতি স্বাভাৱিকভাৱেই এই দুই দলৰ দাবী নাকচ কৰিছে৷

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে উত্তৰ ২৪ পৰগনাৰ চাকলাত অনুষ্ঠিত দলৰ কৰ্মীসভাত কয়– ‘সমগ্ৰ দেশতে ‘ইণ্ডিয়া’ থাকিব৷ বংগত তৃণমূল কংগ্ৰেছে যুঁজ কৰিব৷ কাৰণ তৃণমূলেই বিজেপিক শিক্ষা দিব পাৰে৷ সমগ্ৰ ভাৰতক পথ দেখুৱাব পাৰে৷’ মমতা বেনাৰ্জীৰ এই বক্তব্যৰ পাছতে জল্পনা কল্পনা আৰম্ভ হৈ গৈছে পশ্চিমবংগত তৃণমূল কংগ্ৰেছে ‘ইণ্ডিয়া’ জোঁটৰ কোনো দলৰ সৈতে আসন বুজাবুজি নকৰিব৷ তৃণমূল কংগ্ৰেছে ৰাজ্যৰ ৪২খন আসনতে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷ অৱশ্যে তেওঁ ‘ইণ্ডিয়া’ জোঁটৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই৷ বৰং দেশজুৰি ‘ইণ্ডিয়া’ জোঁট থাকিব বুলি কৈছে৷ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ শক্তিৰ দিশৰ পৰা চাই মমতা বেনাৰ্জীৰ বক্তব্যত যুক্তি আছে৷ তদুপৰি তেওঁ প্ৰথমৰ পৰাই কৈ আহিছে– যি ৰাজ্যত ‘ইণ্ডিয়া’ জোঁটৰ দলৰ চৰকাৰ আছে, সেই ৰাজ্যত তেনে দলেই জোঁটৰ নেতৃত্ব ল’ব লাগে৷ তেওঁ পশ্চিমবংগত ‘ইণ্ডিয়া’ জোঁট নাথাকিব বুলি এবাৰো কোৱা নাই৷ যিহেতু ৰাজ্যখনত কংগ্ৰেছ আৰু বাওঁমৰ্চাৰ প্ৰতিটো দল সম্প্ৰতি বিজেপিৰ তুলনাত শক্তিহীন হৈ পৰিছে, সেয়ে মমতা বেনাৰ্জীয়ে পশ্চিমবংগত তৃণমূল কংগ্ৰেছকে জোঁটৰ নেতৃত্বত থকাটো বিচাৰিব পাৰে৷ তেনেদৰে তেওঁ অন্যান্য ৰাজ্যত যেনে কংগ্ৰেছ চৰকাৰ থকা ৰাজ্যত কংগ্ৰেছ, আপৰ চৰকাৰ থকা ৰাজ্যত আপ, ডিএমকেৰ শাসন থকা ৰাজ্যত ডিএমকেৰ নেতৃত্বত ‘ইণ্ডিয়া’ জোঁট যুঁজিব লাগে বুলি আহ৩ান জনাই আহিছে৷ উত্তৰ ২৪ পৰগনাত কৰা মমতাৰ বক্তব্যৰ ভিত্তি সেয়াও হ’ব পাৰে৷ কিন্তু পশ্চিমবংগত বাওঁমৰ্চা আৰু কংগ্ৰেছে যে আসন বিচাৰিব, সেয়া খাটাং৷ তেতিয়াই সৃষ্টি হ’ব জটিলতা৷

আনহাতে মহাৰাষ্ট্ৰত শিৱসেনা আৰু এনচিপিয়ে ক্ৰমে ২৩ আৰু ১৯খন আসন বিচৰাক লৈ কংগ্ৰেছে আশ্চৰ্য প্ৰকাশ কৰিছে৷ ২০১৯ চনত শিৱসেনাই বিজেপিৰ সহযোগী হিচাপে ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১৮খনত জয়লাভ কৰিছিল৷ তাৰে ১২জন সাংসদে উদ্ধৱ থাকৰেক এৰি একনাথ সিন্দেৰ গোটত যোগদান কৰিছে৷ আনহে নালাগে উদ্ধৱ থাকৰেৰ হাতত পিতৃ বালাচাহেব থাকৰেই গঢ়া শিৱসেনাৰ ধনু কাঁড়ৰ প্ৰতীক চিহ্নত নাই৷ উদ্ধৱ থাকৰেৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি সঞ্জয় নিৰুপমে বৃহস্পতিবাৰে কয় যে, ২০১৯ চনৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক আছিল৷ ২০২২ চনৰ জুনত দলৰ ১২ জন সাংসদক হেৰুওৱাৰ পাছত এতিয়া উদ্ধৱ থাকৰে গোটৰ সেই শক্তি নাই৷ তেওঁৰ এই দাবী অমূলক৷ আনহাতে শাৰদ পাৱাৰৰ দলেও ২০১৯ ৰ দৰে এইবাৰ ১৯খন আসন বিচৰাটো নায্য দাবী নহয় বুলি কৈছে সঞ্জয় নিৰুপমে৷ তেওঁৰ মতে প্ত বছৰ পূৰ্বে কংগ্ৰেছে ২৫খন আৰু এনচিপিয়ে ১৯ আসনত বুজাবুজি কৰি প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিস্থিতি এতিয়াৰ সৈতে নিমিলে৷ এতিয়া এনচিপি দল ভাগি থানবান হৈছে৷ প্ৰায় সকলো বিধায়কক অজিত পাৱাৰে লৈ গৈছে, নামটোহে আছে৷ কেৱল নামটো লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰি৷ তেওঁলোকে শক্তিৰ তুলনাত অধিক আসন দাবী কৰিছে৷ কংগ্ৰেছে এই দাবী মানি নলয়৷