Logo
image

আইএএছ বিষয়াৰ নিৰ্যাতন! আত্মহত্যাৰ ভাবুকি দিলে মহিলা এচিএছ বিষয়াই

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ বিজনীৰ মহকুমাধিপতি অভিষেক জৈন (আইএএছ)ৰ ধাৰাবাহিক মানসিক নিৰ্যাতনৰ বাবেই বিজনীৰ ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰায়ৰ মনলৈ আত্মহত্যাৰ প্ৰৱণতা অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ ‘উৎকণ্ঠা, মানসিক চাপ আৰু মানসিক আঘাতৰ ফলত মই নিদ্ৰাহীনতাত ভুগিছোঁ৷ হতাশাই মোক ইমানেই ছানি ধৰিছে যে মোৰ মনলৈ আত্মহত্যাৰ প্ৰৱণতা আহিছে৷’ এই স্পষ্ট অভিযোগ অসম অসামৰিক সেৱাৰ বিষয়া দৰদী দেৱৰায়ৰ৷ উল্লেখ্য, বিজনীৰ মহকুমাধিপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অভিষেক জৈনৰ বিৰুদ্ধে ধাৰাবাহিক মানসিক নিৰ্যাতন আৰু লঘু-লাঞ্ছনা কৰি অহাৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজনীৰ ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰায়ে মানসিক চিকিৎসাৰ বাবেই দহদিনৰ ছুটী বিচাৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক আবেদন কৰাৰ তথ্য সংবাদ মাধ্যমৰ হাতত আহি পৰিছে৷ অভিযোগ পত্ৰখনত বিষয়াজনে মানসিক চিকিৎসা তথা থেৰাপিৰ বাবেই ২২ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অতিৰিক্ত দহ দিনৰ ছুটী বিচাৰি আবেদন জনাইছে আৰু বৰ্তমান ছুটীত থকা বুলিও জানিব পৰা গৈছে৷ আনহাতে উক্ত পত্ৰখনৰ লগতে বিষয়াজনে আইএএছ বিষয়াজনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগো সন্নিৱিষ্ট কৰিছে৷ বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী, বিজনীৰ বিধায়ক, বিটিচিৰ কাৰ্যবাহী পাৰিষদ (ৰাজহ), বিটি চিৰ কাৰ্যবাহী পাৰিষদ (হস্ততাঁত আৰু বস্ত্ৰশিল্প), বিটিচিৰ প্ৰধান সচিব, বিটিচিৰ সচিব (ৰাজহ), চিৰাং জিলাৰ আয়ুক্ত আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰতো ৰাজহ চক্ৰ বিষয়াজনে অভিষেক জৈনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি ২২ ডিচেম্বৰত একোখনকৈ অভিযোগ পত্ৰ দাখিল কৰিছে৷ ইয়াৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিবলৈও প্ৰেৰণ কৰিছে৷ অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসৰি, ঘটনাৰ আৰম্ভণি হয় যোৱা ১৬ ডিচেম্বৰত৷ সিদিনা মহকুমাধিপতি অভিষেক জৈনে ভূমি আৱণ্টন সম্পৰ্কীয় বিষয় এটাক লৈ অসন্তুষ্ট হৈ পৰাত ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰায়ৰ সৈতে ফোনত যোগাযোগ কৰে আৰু ৰাজহ চক্ৰ বিষয়াজনক কথা কোৱাৰ কোনো সুযোগ নিদিয়াকৈয়ে ৰুক্ষ আৰু ভাবুকিভৰা কণ্ঠৰে কথা কৈ ফোন কাটি দিয়ে৷ ইয়াৰ পৰাই আৰম্ভ হয় সংঘাত৷ ইয়াৰ পিছৰ দিনৰ পৰাই ৰাজহ চক্ৰ বিষয়াজনক কাৰ্যালয়ৰ প্ৰায়ভাগ কাম-কাজৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰে৷ পত্ৰখনত উল্লেখ কৰা অনুসৰি, ১৭ ডিচেম্বৰত মহকুমাধিপতি অভিষেক জৈনে ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল অভিৰাম দাস আৰু ছুপাৰভাইজাৰ কাননগো ৰাজেন্দ্ৰ ৱাৰীক মাতি নি তেওঁৰ সৈতে বিজনীৰ নিৰ্বাচনী বিষয়া আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক লৈ এটা হোৱাটছএপ গ্ৰুপ খুলিবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু লক্ষণীয়ভাৱে ৰাজহ চক্ৰ বিষয়াজনক উক্ত গ্ৰুপত অন্তৰ্ভুক্ত নকৰিবলৈও একে সময়তে মহকুমাধিপতিজনে নিৰ্দেশ দিয়ে৷ সিদিনাই বিজনী পৌৰসভাৰ সহকাৰী কনিষ্ঠ অভিযন্তা অমেন বায়নক একেই নিৰ্দেশনাৰে মহকুমাধিপতিজনে আন এটা হোৱাটছএপ গ্ৰnপ খুলিবলৈ নিৰ্দেশ দিয়ে যদিও পূৰ্বৰ দৰেই পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা দৰদী দেৱৰায়ক গ্ৰnপটোত অন্তৰ্ভুক্ত নকৰিবলৈ বিষয়াজনে নিৰ্দেশ দিয়ে৷ আনহাতে ১৮ ডিচেম্বৰত মহকুমাধিপতি জৈনে লাটমণ্ডল অভিৰাম দাস, চন্দ্ৰকান্ত ৱাৰী, স্বৰ্জিলা নাৰ্জাৰী আৰু ছুপাৰভাইজৰ কাননগো ৰাজেন্দ্ৰ ৱাৰীৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাত মিলিত হয়৷ বৈঠকৰ মূল বিষয়বস্তুৱে আছিল ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰায়ে দাখিল কৰা তথা স্বাক্ষৰ কৰা এখন প্ৰতিবেদন৷ কিন্তু উক্ত আলোচনাত ৰাজহ চক্ৰ বিষয়াজনক আঁতৰাই ৰাখে৷ একেদৰে ১৯ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ বিজনী ভ্ৰমণৰ সময়তো জিলা আয়ুক্তই ৰাজহ চক্ৰ বিষয়াজনৰ বাবে ইছু্য কৰা ‘প্ৰক্সিমিটী কাৰ্ড’খন বিজনীৰ নিৰ্বাচনী বিষয়া আৰু সহকাৰী আয়ুক্তই ৰাজহ চক্ৰ বিষয়াজনক জমা দিবলৈ নিৰ্দেশ দিয়ে৷ ফলত বিষয়াজনে বিটিচিৰ প্ৰধান সচিবে দিয়া দায়িত্ব পালন কৰিব নোৱৰাৰ অভিযোগ তুলিছে৷ আইএএছ বিষয়াজনৰ এনে আচৰণত বিষয়াজন মানসিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰিছে৷ অকল এয়াই নহয়, আইএএছ বিষয়াজনে ৰাজহ চক্ৰ বিষয়াজনৰ ওপৰত ইচ্ছাকৃতভাৱে অত্যধিক কামৰ বোজা তথা দায়িত্ব জাপি দিয়া বুলিও অভিযোগপত্ৰখনত উল্লেখ কৰা আছে৷ দৰদী দেৱৰায় বিজনীৰ ৰাজহ চক্ৰ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া, তহচিলদাৰৰ উপৰি আৰু দুটাকৈ দায়িত্বত থকাৰ পিছতো ১৯ ডিচেম্বৰত এক নিৰ্দেশনাযোগে মহকুমাধিপতিয়ে বিষয়াজনক বিপৰীত দিশত থকা দুখনকৈ আৰক্ষী থানাৰ দায়িত্বও অৰ্পণ কৰে৷ সেইদৰে ১১ ডিচেম্বৰৰ এক নিৰ্দেশযোগে বিকশিত ভাৰত বিকাশ সংকল্প যাত্ৰাৰ বাবে বিষয়াজনক ছখন ভিচিডিচি পৰ্যৱেক্ষণৰ দায়িত্ব দিয়া হৈছিল যদিও ২১ ডিচেম্বৰৰ আন এক নিৰ্দেশযোগে বিষয়াজনক ১০খন ভিচিডিচিৰ দায়িত্ব দিয়া হয়৷ ইয়াৰ বিপৰীতে কিন্তু আনসকল কাৰ্যবাহী দণ্ডাধীশৰ দায়িত্ব হ্ৰাস কৰা হয়৷ তিনি পৃষ্ঠাৰ অভিযোগপত্ৰখনত ইয়াৰ উপৰি ৰাজহ চক্ৰ বিষয়াজনে আইএএছ বিষয়াজনৰ বিৰুদ্ধে আৰু কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আইএএছ তথা মহকুমাধিপতি অভিষেক জৈনৰ এনে মানসিক নিৰ্যাতন আৰু লঘু-লাঞ্ছনা তথা বৈষম্যমূলক আচৰণৰ বাবে ৰাজহ চক্ৰ বিষয়াজন মানসিকভাৱে ভাগি পৰিছে৷ সেইদৰে কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ আগতো তেওঁক লঘু কৰাৰ লগতে কৰ্মচাৰীসকলৰ মাজতো দোমোজাৰ সৃষ্টি কৰা বুলি বিষয়াজনে অভিযোগপত্ৰত উল্লেখ কৰিছে৷ উল্লেখযোগ্য যে ২০১৫ চনত প্ৰশাসনিক সেৱাত যোগদান কৰা দৰদী দেৱৰায়ে কোকৰাঝাৰত দুবছৰ সহকাৰী নিয়োগ বিষয়া আৰু ছবছৰ ৰাজহ চক্ৰ বিষয়া হিচাপে সেৱা আগবঢ়াইছে৷ কৰ্তব্য সুচাৰুৰূপে পালন কৰাৰ বাবেই তিনিবাৰকৈ প্ৰশংসা-পত্ৰও লাভ কৰা বুলি বিষয়াজনে উল্লেখ কৰিছে৷ কিন্তু সদ্যহতে অভিষেক জৈনৰ ব্যৱহাৰ আৰু অপৰিপক্ব সিদ্ধান্তৰ বাবেই তেওঁ আত্মবিশ্বাসৰ অভাৱ তথা একাকিত্বত ভুগিছে৷ মানসিকভাৱে ভাগি পৰিবলৈ ধৰা বিষয়াজনে সেয়ে এইক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক অনুৰোধ জনাইছে৷ এজন আইএএছ বিষয়াৰ ধাৰাবাহিক মানসিক নিৰ্যাতনৰ বাবেই এজন কনিষ্ঠ বিষয়াই মানসিক থেৰাপিৰ বাবেই ছুটী বিচাৰি আবেদন কৰা তথা শীৰ্ষ বিষয়াজনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা ঘটনাই বিটিচি প্ৰশাসনৰ লগতে বাজ্য প্ৰশাসনকো একপ্ৰকাৰ জোকাৰি গৈছে৷ তথ্যসহ অভিযোগ দাখিলৰ পিছতো আইএছ বিষয়া হোৱাৰ সুবাদতেই মহকুমাধিপতি অভিষেক জৈন তদন্তৰ পৰা হাত সাৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ এই সংক্ৰান্তত আজি দিনৰ ভাগত বিজনীৰ মহকুমাধিপতি অভিশেক জৈনৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁৰ বিৰুদ্ধে মিছা আৰোপ লগোৱা হৈছে বুলি প্ৰতি অভিযোগ কৰে৷ তেওঁ কয় যে বিষয়াজনক কিছুমান চৰকাৰী দায়িত্ব পালন কৰিবলৈ দিয়া হৈছিল আমি সকলোৱে সমাজৰ হিতৰ হকে, অসমৰ বিকাশৰ কাৰণে কাম কৰি আছোঁ, তেওঁ মোৰ বিৰুদ্ধে মিছা আৰোপ লগাইছে, ইয়াৰ বিৰুদ্ধে লিখিত প্ৰত্যুত্তৰ দিয়া হ’ব, তেতিয়া সকলোবোৰ পৰিষ্কাৰ হৈ পৰিব৷