Logo
image

দেশবাসীক ডাঙৰ সকাহ দিবলৈ সাজু মোদী চৰকাৰ; হ্ৰাস পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশবাসীক ডাঙৰ সকাহ দিবলৈ আগবাঢ়িছে মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অতি শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। কেন্দ্ৰই প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৬-১০ টকা  হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিছে।

উল্লেখ্য যে, পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন লৈ পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮ৰ পৰা ১০ টকা সুলভ কৰাৰ কথা চিন্তা কৰা হৈছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পাইছে। অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত জনসাধাৰণক কেতিয়া সকাহ দিব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। কিন্তু নৱবৰ্ষৰ প্ৰাকক্ষণত দেশবাসীয়ে হয়তো পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস পোৱাৰ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।

২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা পেট্ৰ’ল-ডিজেলৰ দামৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। বিগত বৰ্ষৰ মে’ মাহত প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা হ্ৰাস পাইছিল।সম্প্ৰতি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ৯৮.০৮ টকা আৰু ৯০.৩৩ টকা।