Logo
image

ফেচবুকত 'আলফা জিন্দাবাদ' লিখি আটক দৰঙৰ যুৱক

ডিজিটেল সংবাদ, মঙলদৈঃ এফালে স্বাক্ষৰ হ'ল বহু চৰ্চিত আলফা-চৰকাৰৰ শান্তি চুক্তি আৰু  আনফালে ফেচবুকত আলফা স্বাধীন জিন্দাবাদ লিখি আটক হ'ল দৰঙৰ এজন যুৱক। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনক সামাজিক মাধ্যমত সমৰ্থন কৰি দৰঙৰ এগৰাকী যুৱক কাৰাগাৰলৈ যোৱা ঘটনাই দৰঙত চাঞ্চল্য সৃষ্টি কৰিছে৷ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, মঙলদৈ থানাৰ অন্তৰ্গত বালিপোতা গাঁৱৰ ডিম্বেশ্বৰ ডেকাৰ পুত্ৰ বিশ্বজিৎ ডেকাক বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে কৰায়ত্ত কৰে৷ বিশ্বজিতে কিছুদিন পূৰ্বে ফেচবুকত আলফা সম্পৰ্কীয় পোষ্টত 'আলফা জিন্দাবাদ' মন্তব্য লিখিছিল৷ বালিপোতাৰ সমীপৱৰ্তী চেঙাপথাৰ চ’কত শিল বালি যোগানৰ এক প্ৰতিষ্ঠান খুলি বিশ্বজিতে জীৱন নিৰ্বাহ কৰি আহিছিল৷ যুৱকজনে ফেচবুকত লিখা এনে মন্তব্য অসম আৰক্ষীৰ চাইবাৰ টহলদাৰী দলৰ দৃষ্টি গোচৰ হয় আৰু বৃহস্পতিবাৰে যুৱকজনৰ মোবাইল ফোন জব্দ কৰাৰ লগতে তেওঁক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ প্ৰায় ২৬ বছৰীয়া বিশ্বজিতক দৰং আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আলফা স্বাধীনৰ সৈতে কিবা সম্পৰ্ক আছে নেকি তাৰ তদন্ত চলাই শুকুৰবাৰে দিনৰ ভাগত মঙলদৈ আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে জিম্মাত লয়৷ অসম আৰক্ষীৰ এনে পদক্ষেপে পুনৰবাৰ প্ৰতীয়মান কৰিলে আলফা স্বাধীন সম্পৰ্কত অসম আৰক্ষী শেহতীয়াভাৱে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷