Logo
image

আলফা-চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি ঐতিহাসিক হওক, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ নহওকঃ বিধায়ক অখিল গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ "বহু প্ৰত্যাশিত আলফা-চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিখন ঐতিহাসিক হওক, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ নহওক।" এইদৰে কয় শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শুকুৰবাৰে আলফা-চৰকাৰৰ চুক্তি সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, "ৰাষ্ট্ৰৰ দ্বাৰা কেইবা হাজাৰ অসমীয়া যুৱক-যুৱতীৰ হত্যা আৰু আলফাৰ দ্বাৰা বহু হাজাৰ মানুহৰ হত্যাৰ লগতে কেইবা দশক অসমৰ সমাজ জীৱন উত্তাল কৰি ৰখা বিষয়টোৰ এটা মীমাংসা হ’ব। বৰ ভাল কথা। আদৰণীয় কথা। আমি দুই পক্ষলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।"

লগতে গগৈয়ে উল্লেখ কৰে যে আজিৰ চুক্তি চৰকাৰ আৰু আলফা দুয়ো পক্ষৰে অগ্নিপৰীক্ষা৷ আলফা কিমান ছিৰিয়াছ আৰু চৰকাৰ কিমান দায়বদ্ধ, তাৰেই প্ৰমাণ পোৱা যাব। এতিয়া মূল প্ৰশ্নটো হ’ল, স্বাধীন অসম বাৰু নাপালে, কিন্তু মূল ৰাজনৈতিক প্ৰশ্নটো শান্তি চুক্তিয়ে স্পৰ্শ কৰিবনে? এই শান্তি চুক্তিয়ে অসমবাসীৰ বাবে অধিক ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পাৰিবনে?  স্বাধীন অসমৰ বিকল্প হিচাপে ভাৰত ৰাষ্ট্ৰৰ পৰা ৰাজ্যখনৰ বাবে অধিক ক্ষমতা কাঢ়ি আনিব পাৰিবনে? অৰ্থাৎ ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী আদায় হ’বনে? ভাৰতৰ বৰ্তমানৰ সংবিধানে ৰাজ্য এখনক দিব পৰা সৰ্বাধিক ক্ষমতাখিনি আছে (৩৭০ অনুচ্ছেদ বিলুপ্তিৰ পাচত) সংবিধানৰ ৩৭১ক-ৰ পৰা আৰম্ভ হোৱা অনুচ্ছেদ কেইটাত। মাটি আৰু সম্পদৰ ওপৰত অধিকাৰ, থলুৱাৰ বাবে সংসদীয় ব্যৱস্থাত আসন সংৰক্ষণ আৰু চাকৰি আদিৰ সংৰক্ষণৰ কথাবোৰ ইয়াত উল্লেখ আছে। গতিকে Article 371 A—371 J প্ৰাপ্তিয়ে হ’ব ৰাজ্য এখনৰ বাবে একমাত্ৰ সাংবিধানিক ৰক্ষা কৱচ। এই আৰ্হিত যদি চুক্তি এখন হয় তেন্তে প্ৰাপ্তি বুলি ধৰিব পৰা যাব। ইয়াৰ কোনো নিৰ্ভৰযোগ্য বিকল্প, যাৰ সাংবিধানিক স্বীকৃতি থাকিব, আমি দেখা নাই।

বাকীবোৰ কথা যেনে-অ’বিচিৰ বাবে সংৰক্ষণ, পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণত সংৰক্ষণ, আগন্তুক দিনবোৰত ৰাষ্ট্ৰই ল’বলগীয়া ৰুটিন উন্নয়নমূলক আঁচনিবোৰকে চুক্তিৰ নামত ভৰাই দিয়া (অসম চুক্তিৰ নিচিনাকৈ), কেডাৰৰ সংস্থাপন, অৰ্থনৈতিক পেকেজ আদিবোৰ আলংকাৰিকহে। এইবোৰ মূল ৰাজনৈতিক প্ৰশ্নটোৰ বিকল্প হ’ব নোৱাৰে। একো আদায় কৰিব নোৱাৰিলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (সংবিধানৰ 342 অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰা, অন্য কোনো 'বিশেষ কেটেগৰী' নহয়) আৰু পূৰ্বতে অসমে পাই থকা বিশেষ ৰাজ্যৰ মৰ্যাদাটোকে ঘূৰাই আনিব পাৰিলেও কিবা এটা হ’ল বুলি ক’ব পৰা যাব । নহ’লে ঢোল পিটি লাভ নাই।- এইদৰে বিধায়ক গগৈয়ে মত প্ৰকাশ কৰে ৷