Logo
image

আলফা-চৰকাৰৰ চুক্তিৰ পাছতেই সতৰ্ক প্ৰশাসনঃ শিৱসাগৰত ১৪৪ ধাৰা জাৰি

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাত শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জাবেদ আৰমান স্বাক্ষৰিত নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত ৫ জনকৈ অধিক লোকৰ সমাৱেশ, সভা-সমিতিৰ আয়োজন, শোভাযাত্ৰা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান-কাৰ্যালয়ত বৰঙণি সংগ্ৰহ বা প্ৰদানত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

জিলাখনত সমাজবিৰোধী শক্তিৰ দ্বাৰা অসামাজিক কাৰ্যকলাপ তথা উগ্ৰপন্থীৰ আইন বিৰোধী কাৰ্যকলাপ, গুলীচালনা, হত্যা, ধনদাবী বা ধনলুটৰ আশংকা কৰি দুচকীয়া বাহনত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে। অৱশ্যে ৬০ বছৰ উৰ্দ্ধৰ লোক, ১২ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

জিলাখনৰ অসম-নগালেণ্ড সীমামূৰীয়া অঞ্চলত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত আৰু সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসমাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ যিকোনো ব্যক্তি বা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰিছে৷

ইয়াৰোপৰি লালীগুড়ৰ পৰা থলুৱা মদ প্ৰস্তুতকৰণেৰে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত লালীগুড় বেচা-কিনা নিষিদ্ধ কৰা হৈছে। অৱশ্যে পশু খাদ্য হিচাপে ব্যৱহাৰৰ বাবে জিলা দণ্ডাধীশ-অতিৰিক্ত জিলা দণ্ডাধীশ বা পশু পালন বিভাগৰ অনুমতি সাপেক্ষে লালীগুড় বেচা-কিনা কৰিব পাৰিব৷
 
এই নিষেধাজ্ঞা পৰৱৰ্তী ৬০ দিনলৈ বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই নিৰ্দেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।