Logo
image

আলফা নহয়, নিবনুৱা যুৱকেহে ঘটাইছিল বিস্ফোৰণঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰঃ যোৰহাট, তিতাবৰত সংঘটিত বিস্ফোৰণৰ আঁৰত প্ৰকৃততে কোন আছিল? গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শুকুৰবাৰে নতুন দিল্লীত এই সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰে৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ  মন্তব্য– ‘বিস্ফোৰণৰ তিনিটা ঘটনা সংঘটিত হৈছিল, তিনিওটাই সমাধান হৈ গ’ল৷ এই ঘটনা তিনিটাৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি প্ৰমাণিত নহ’লেই৷ গাঁৱৰ ল’ৰাসকলহে ধৰা পৰিল৷ ধৃত ল’ৰাকেইজনে এই কথা স্বীকাৰো কৰিছে৷ আলফা স্বাধীনে নামটোহে ল’লে তেওঁলোকে বিস্ফোৰণ ঘটাইছে বুলি৷ যিকেইজন ল’ৰা ধৰা পৰিল, আটাইকেইজন গাঁৱৰ ল’ৰা৷ কোনোবাই ক’লে যে এই কামটো কৰিলে অলপ টকা পাব, আৰু তেওঁলোকে কামটো কৰিলে৷ এই গ্ৰেনেড বিস্ফোৰণৰ লগত আলফা স্বাধীনৰ কিবা সম্পৰ্ক আছিল বুলি মই নাভাবোঁ৷ ধৰা পৰা ল’ৰাকেইজন নিবনুৱা ল’ৰা৷’ ইফালে, যোৰহাট লিচুবাৰীত অৱস্থিত সেনাবাহিনীৰ ৪১ ছাব এৰিয়াৰ সেনাশিৱিৰত ১৪ ডিচেম্বৰৰ সন্ধিয়া ৭.২০ বজাত সংঘটিত গ্ৰেণেড বিস্ফোৰণত জড়িত দুই যুৱকক অৱশেষত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ কৰা যুৱক দুজন হ’ল বান্দৰচালিয়া আৰক্ষী চকীৰ অন্তৰ্গত কছুখাত গাঁৱৰ বিৰাজ কছাৰী [২১] আৰু তিতাবৰ থানাৰ অন্তৰ্গত ৰঙাজানৰ অচ্যুত গগৈ [২২]৷ তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে গ্ৰেণেড বিস্ফোৰণত ব্যৱহৃত পালচাৰ এনএছ ১২৫ মটৰ চাইকেলখনো উদ্ধাৰ কৰে৷ মটৰ চাইকেলখন বিৰাজ কছাৰীৰ জেঠায়েকৰ পুত্ৰৰ আৰু বিৰাজে সেইখন গ্ৰেণেড বিস্ফোৰণৰ কামত ব্যৱহাৰ কৰিছিল৷ বিৰাজ আৰু অচ্যুতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ [বি]/ ১২১/ ১২১-এ/৩০৭ ধাৰাৰ লগতে বেআইনী কৰ্মচাৰী প্ৰতিৰোধ আইনৰ ১০/১৩, এক্সপ্ল’ছিভ ছাবচ্‌টেন্স এক্ট-১ ৩ নং ধাৰাৰ লগতে পিডিপিপি আইনৰ ১৯৮৪ চনৰ ৪ নং ধাৰাৰ অধীনত ৫৫৫/২৩ নম্বৰৰ এটা গোচৰ পঞ্জীভুক্ত কৰি আজি দুয়োজনকে আদালতত হাজিৰ কৰে৷ আদালতে দুয়োজনকে ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, আজি যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাই এক সংবাদ মেলত গ্ৰেণেড বিস্ফোৰণটোৰ মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ দীঘলীয়া প্ৰক্ৰিয়া সম্পৰ্কে উল্লেখ কৰি কয় যে, ১৪ ডিচেম্বৰৰ গ্ৰেণেড বিস্ফোৰণৰ দিনা আৰক্ষীয়ে ঘটনাস্থলী প্ৰদৰ্শন কৰাৰ সময়ত ঘটনাস্থলীত গ্ৰেণেডৰ এডাল লিভাৰ উদ্ধাৰ কৰাৰ লগতে বিস্ফোৰণৰ ক্ষয়-ক্ষতি প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে সেনাশিবিৰত থকা চিচিটিভি ফুটেজৰ পৰা গ্ৰেণেড বিস্ফোৰণৰ সময়টো ৭.২০-৭.২১ বজাৰ ভিতৰত বুলি নিৰ্ধাৰণ কৰাৰ পাছত সেই সময়ৰ পথটোৰে চলাচল কৰা সকলো মটৰ চাইকেল পৰীক্ষাৰ বাবে ন আলিৰ বিভিন্ন চিচি টিভিৰ ফুটেড পৰীক্ষা কৰে৷ সেই পৰীক্ষাত আৰক্ষীয়ে জানিব পাৰে যে গ্ৰেণেড বিস্ফোৰণৰ সময়ত এখন মটৰচাইকেলত হেলমেট পিন্ধা দুজন যুৱক পাৰ হৈ গৈছে৷ তাৰ লগে লগে আৰক্ষী এক সিদ্ধান্তত উপনীত হয় যে, সেইখন মটৰচাইকেলেই গ্ৰেণেড বিস্ফোৰণত ব্যৱহাৰ কৰা হৈছিল৷ আৰক্ষী অধীক্ষকজনে কয় যে, যুৱক কেইজনে দ্বিতীয় প্ৰচেষ্টাতহে গ্ৰেণেডটো বিস্ফোৰণ কৰিবলৈ সক্ষম হ’ল৷ প্ৰথমবাৰ লিচুবাৰী দিশৰ পৰা আহি গ্ৰেণেডটো নিক্ষেপ কৰাৰ প্ৰচেষ্টা চলাইয়ো ব্যৰ্থ হৈ তেওঁলোক ন-আলি উৰণীয়া সেতু পৰ্যন্ত যায়৷ কিন্তু তাতে আৰক্ষীৰ নাকা চেকিং দেখি এখন দোকানৰ পৰা মদৰ বটল কিনি পুনৰ উভতি যায় আৰু এখন গাঁৱত মদ্যপান কৰাৰ পিছত ঘূৰি আহি গ্ৰেণেডটো বিস্ফোৰণ ঘটায়৷ উল্লেখ্য, বিস্ফোৰণটো ঘটোৱাৰ পিছত বিৰাজ আৰু অচ্যুতে ভিডিঅ’ কল যোগেদি বিস্ফোৰণৰ ঘটোৱা সম্পৰ্কত আলফাৰ উৰ্ধতন কতৃৰ্পক্ষক জনায় বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷ ইফালে আৰক্ষীয়ে চিচি টিভি ফুটেজৰ যোগেদি বাইকখন পালচাৰ এনএছ-১২৫ বুলি নিৰ্ধাৰণ কৰাৰ লগতে তেনে বাইকৰ সন্ধানত আৰক্ষী নামি পৰে৷ আনহাতে চিচি টিভি ফুটেজ পৰীক্ষা কৰি বাইকখন তিতাবৰলৈকে যোৱাটো নিৰ্ধাৰণ কৰে যদিও তাৰ পাছত কোনো তথ্য নাছিল৷ সেইমতে আৰক্ষীয়ে বৰহোলাৰ দিশৰবাইকবোৰ পৰীক্ষা কৰি বিৰাজ কছাৰীৰ জেঠায়েকৰ ঘৰৰ পৰা নিৰ্দিষ্ট বাইকখন উদ্ধাৰ কৰে আৰু বাইকখন যে বিৰাজেও ব্যৱহাৰ কৰে সেইটো নিশ্চিত হয়৷ ইফালে বিৰাজ আৰু অচ্যুত বিস্ফোৰণটোত জড়িত থকা বুলি আৰক্ষীয়ে অলপতে আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহত্যা কৰা দীপাংকৰ গগৈৰ পৰা আৰক্ষীয়ে জানিব পাৰিছিল৷ সেইমতে আৰক্ষীয়ে কালি বিৰাজক ঘৰৰ পৰা আটক কৰি আনি জেৰা কৰাত তেওঁ গ্ৰেণেড বিস্ফোৰণৰ কাহিনী আৰক্ষীক অৱগত কৰাৰ লগতে তেওঁৰ লগত ৰঙাজানৰ অচ্যুত গগৈ থকা বুলিও কয়৷ আনহাতে তেওঁলোকক শদিয়াৰ কনক গগৈ ওৰফে অভিজিত গগৈ ওৰফে আইচেং অসমে এই ঘটনাত জড়িত কৰা বুলিও কছাৰীয়ে আৰক্ষীক জানিবলৈ দিয়ে৷ বিৰাজৰ স্বীকাৰোক্তি মতে আৰক্ষীয়ে কালি জোনাইলৈ ট্ৰাক লৈ যোৱা অচ্যুত গগৈক কালি নিশা মৰাণহাট আৰক্ষীৰ সহযোগত মৰাণৰ পৰা ধৰি আনে৷ উল্লেখ্য, অচ্যুত এজন ট্ৰাক চালক৷ ইফালে বিৰাজে জনোৱামতে তেওঁলোকে ছ’চিয়েল মিডিয়াৰ যোগেদি আইচেং অসমৰ লগত চিনাকি হয় আৰু সংগঠনটোৰ প্ৰতি আকৃষ্ট হয়৷ ইফালে তেওঁলোকক আলফাত যোগদানৰ পূৰ্বে কেইটামান কূটাঘাতমূলক কাম কৰিবলৈ পৰামৰ্শ দিয়া বুলিও বিৰাজে স্বীকাৰ কৰাৰ লগতে তাৰ বাবে ৫০০০ টকা প্ৰেৰণ কৰা বুলিও জনায়৷ ইফালে বিৰাজ আৰু অচ্যুত দুয়োটাই আলফালৈ যোৱাৰ বাবে সাজু হৈছিল আৰু বিহুৰ পিছতেই তেওঁলোক আলফালৈ যোৱাটো নিশ্চিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আৰক্ষী অধীক্ষকজনে কয় যে, গ্ৰেণেড বিস্ফোৰণটোৰ লগত পৰোক্ষভাৱে আৰু লোক জড়িত হ’ব পাৰে সেইটো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷