Logo
image

আলফা ভংগ! পৰেশ বৰুৱাৰেও আলোচনাৰ বাট মুকলিঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰঃ পৰেশ বৰুৱা অবিহনে  আলফা-চৰকাৰৰ মাজত দিল্লীত শান্তি চুক্তি সম্পাদন হোৱাৰ পাছতে আনুষ্ঠানিকভাৱে ভংগ হয় আলফা৷ ইয়াৰ অংশৰূপে আলফাৰ বিভিন্ন পৰ্যায়ৰ কেডাৰসকলে সংগঠনে দিয়া নাম প্ৰত্যাহাৰ  কৰাৰ প্ৰতিক্ৰিয়াও আৰম্ভ কৰে হয়৷ শুকুৰবাৰে আলফা-চৰকাৰ মাজত চুক্তি সম্পাদনত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে পৰেশ বৰুৱাৰ আলোচনাৰ বাট মুকলি কৰা বুলি মন্তব্য কৰে৷ তেওঁ আৰু কয়–অসমত অসমীয়া জাতিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰাপ্তি হৈছিল সমষ্টি পুননিৰ্ধাৰণৰ পাছত৷ অসমৰ খিলঞ্জীয়া জনগণৰ ৰাজনৈতিক ভৱিষ্যতৰ  সমস্যা সমষ্টি পুননিৰ্ধাৰণৰ পাছতে দূৰ হৈছিল৷ কালিৰ চুক্তিত ডাঙৰ বিষয় এটা হৈছে সমষ্টি পুননিৰ্ধাৰণ নীতিত কৰা হৈছে ভৱিষ্যতেও একে নীতিৰ আধাৰত যাতে যি সমষ্টি পুননিৰ্ধাৰণ হয়৷ অৰ্থাৎ ৯৫-১০০খন আসন অসমীয়া খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ চুক্তিত এই বিষয়ো অন্তৰ্ভুক্ত কৰা হৈছে যে সমষ্টি সাল-সলনি কৰাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম বা চৰ্ত পূৰ কৰিব লাগিব৷ কালিৰ চুক্তিখনে এই বিষয়টোক আৰু স্থায়িত্ব প্ৰদান কৰিলে৷ তদুপৰি অসমৰ বাবে ডেৰ লাখ কোটি টকাতকৈ অধিক পূঁজিৰ পেকেজৰ কথা ৰখা হৈছে৷ আইইএম, আইচাৰ স্থাপতি বিদ্যা বিশ্ববিদ্যালয় আদিক ধৰি যিবোৰ নতুন প্ৰতিষ্ঠান, নতুন ৰে’ল লাইন, ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কোৱা হৈছে এই সকলোবোৰ মিলাই প্ৰায় ১.৫০ লাখ কোটি টকাৰ পেকেজ হ’ব৷ আলফাৰ ইতিহাস আছিল এক ৰক্তাক্ত ইতিহাস৷ হিংসাত্মক ঘটনাত মৃত্যু হৈছে প্ৰায় ১০ হাজাৰ লোকৰ৷ লাহে লাহে সলনি হৈছিল পৰিৱেশ৷ চৰকাৰৰ সৈতে আলোচনাৰ বাবে আগবাঢ়ি আহিছিল আলফা নেতৃত্ব৷ কালিৰ এই চুক্তি ইয়াৰেই এক প্ৰতিফলন৷ এই চুক্তিৰ জৰিয়তে অসমলৈ ঘূৰি আহিব সম্পূৰ্ণ শান্তি৷ শান্তি চুক্তিৰ বাবে আলফা নেতৃত্বক ধন্যবাদ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে৷ এতিয়ালৈকে হোৱা সকলো চুক্তিৰ ১০০ শতাংশ ৰূপায়ণৰ বাবে পদক্ষেপ লৈছে গৃহ মন্ত্ৰ্যালয়ে৷ আলফাৰ শান্তি চুক্তিও সম্পূৰ্ণ ৰূপায়ণ হ’ব বুলি আমি আশাবাদী মুখ্যমন্ত্ৰী৷ ‘অসমক শান্তি-প্ৰগতি-উন্নয়নৰ দিশত আগবঢ়াই নিয়াই আমাৰ লক্ষ্য বুলি তেওঁ কয়৷