Logo
image

বিহাৰৰ ফ্লাইঅভাৰত জব্দ শিৱসাগৰমুখী বিমান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰঃ শিৱসাগৰৰ যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই শিৱসাগৰ চহৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলিৰ বাবে মুম্বাইৰ পৰা ক্ৰয় কৰি অনা এয়াৰ বাছ খন কালি বিহাৰৰ মোতিহাৰি জিলাৰ পিপৰাকোঠি সেতুৰ তলত ট্ৰাকেৰে সৈতে লাগি ধৰে৷ পিছত বিমানখন ট্ৰাকৰ পৰা মাটিলৈ নমাই স্থানীয় প্ৰশাসন আৰু ট্ৰাকৰ ড্ৰাইভাৰে সৰকাই অনাৰ ব্যৱস্থা কৰে৷ আকাশৰ বিমান মাটিত দেখি কালি বিমানখন চাবলৈ অজস্ৰলোকে ভিৰ কৰেহি, দীৰ্ঘ সময় ধৰি ট্ৰেফিক জামৰো সৃষ্টি হয়৷ ফ্লাই অভাৰত বিমানখন লাগি ধৰাত ওপৰৰ অংশৰ যথেষ্ট ক্ষতি হয়৷ বিমানখনৰ বিভিন্ন   অংশ ভাগি যায়৷ উল্লেখ্য, ২০২৪ৰ আৰম্ভণিতে শিৱসাগৰত উত্তৰ-পূবৰ প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলিৰ বাবে যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ১১৮ ফুট দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমানখন [এয়াৰ-৩২০] নিলামত ক্ৰয় কৰি আনিছিল৷ ১০০ ফুট দীঘল এখন ট্ৰেইলাৰ ট্ৰাকে বিমানখন মুম্বাইৰ পৰা শিৱসাগৰ অভিমুখে আনি থাকোতেই কালি বিহাৰত অঘটন সংঘটিত হয়৷ জানিব পৰা মতে ১০০ফুট দীঘল ট্ৰেইলাৰ ট্ৰাকখন গুৱাহাটীৰ যোৰাবাট আৰু কাজিৰঙাৰ মাজেৰে শিৱসাগৰলৈ লৈ যোৱাত অসুবিধা হোৱাৰ আশংকা কৰি লখিমপুৰ-ডিব্ৰুগড় হৈ গন্তব্যস্থানলৈ নিয়াৰ বাবেও চিন্তা চৰ্চা কৰিছে ট্ৰেন্সপ’ৰ্ট কোম্পানীটোৱে৷ উল্লেখ্য এয়াৰক্ৰাফ্‌ট ৰেস্তোৰাঁখনত প্ৰকৃত বিমানৰ আসনত বহাৰ দৰেই অভিজ্ঞতা লাভ কৰিব আৰু কেবিন ক্ৰুৰ দৰে পোছাক পিন্ধা কৰ্মচাৰীয়ে খাদ্য যোগান ধৰিব গ্ৰাহকে৷ লক্ষণীয়ভাৱে ভাৰতত বৰ্তমানলৈ ৬খন এয়াৰ ক্ৰাফ্‌ট ৰেস্তোৰাঁ আছে৷ নতুনকৈ অসমত এইখন ৰেস্তোৰাঁ সংযোজন হ’ব৷ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকা মাৰুথাল ভ্ৰমণৰ সময়ত এনে এখন এৰ’প্লেন ৰেস্তোৰাঁৰ দেখাৰ পাছতেই নিজেও এখন পুৰণি বিমান ক্ৰয়ৰ চিন্তা মনলৈ অহা বুলি জানিবলৈ দিছে৷ অৱশ্যে বিমানখনত ইঞ্জিন নাথাকে যদিও ককপিট থাকিব৷ উল্লেখ্য গুজৰাটত এনে এখন ৰেস্তোৰাঁ বিমান ১.৪০ কোটি টকাত ক্ৰয় কৰা হৈছিল৷ ইণ্ডিয়ান এয়াৰলাইছৰ উপৰি ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ কেইবাখনো পুৰণি বিমানকো-ৰেস্তোৰাঁ হিচাপে ব্যৱহাৰ কৰা হৈছে৷