Logo
image

মাটিৰ পৰা মুদ্ৰালৈ... ৰাম মন্দিৰৰ পত্ৰৰ চমক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰঃ অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব৷ সেইদিনাই দেশৰ কোটি কোটি ৰাম ভক্তৰ বাবে অন্ত পৰিব ৰামলালাৰ ৪৯২ বছৰীয়া বনবাসৰ৷ ২২ জানুৱাৰীৰ দুপৰীয়া ১২-২০ বজাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্মিত ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালা অৰ্থাৎ সদ্যেজাত ৰামচন্দ্ৰৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ লগে লগেই সমগ্ৰ দেশ ৰামময় হৈ পৰিব৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে সমগ্ৰ দেশতে ভজন-কীৰ্তন, হনুমান চালিছা পাঠ, ৰামায়ণৰ সুন্দৰা কাণ্ড পাঠ আদি কাৰ্যসূচীৰ প্ৰস্তুতি চলিছে৷ এক কথাত ক’বলৈ গ’লে ’২৪ বিজেপিয়ে ট্ৰামকাৰ্ড হিচাপে ব্যৱহাৰ কৰিব ‘ৰাম মন্দিৰ’৷ ইতিমধ্যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ভাগে ভাগে দেশৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত লোকলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট্ৰে ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে আমন্ত্ৰিত ভি ভি আই পি সকলৰ বাবে ট্ৰাষ্ট্ৰে যিখন আমন্ত্ৰণীপত্ৰ যুগুত কৰিছে, সেই পত্ৰৰ কাৰুকাৰ্য দেখিয়েই সকলো বিস্ময়বিভোৰ হৈ পৰিছে৷ কি নাই আমন্ত্ৰণী পত্ৰখনত– ‘অযোধ্যাৰ মাটিৰ পৰা, ভগৱান ৰামৰ চিত্ৰ সম্বলিত ১০ গ্ৰামৰ তামৰ মু্‌দ্ৰালৈকেঃ এক কথাত ক’বলৈ গ’লে সংৰক্ষণযোগ্য দলিল হিচাপেই আমন্ত্ৰণী পত্ৰখন প্ৰস্তুত কৰা হৈছে৷ জানিব পৰা মতে উদ্বোধনী অনুষ্ঠানত ১০-১৫ হাজাৰ আসনৰ ব্যৱস্থা থাকিব৷ প্ৰায় ৪০০০ সাধু-সন্তও প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব৷ এটা গেৰুৱা বেগৰ ভিতৰত আমন্ত্ৰণী পত্ৰখন বিশেষ অভ্যাগতলৈ প্ৰেৰণ কৰা হৈছে৷ বেগৰ ওপৰত লিখা আছে ‘ৰামমন্দিৰ অযোধ্যা’৷ বেগটো খুলিলেই ভিতৰত ওলাব এটা কাঠৰ সৰু বাকচ৷ এই বাকচটো খুলিলেই পোৱা যাব মূল আমন্ত্ৰণী পত্ৰখন৷ আমন্ত্ৰণী পত্ৰখনৰ প্ৰথমতে দেখা পোৱা যাব ৰাম-সীতাৰ সিংহাসনত বহা ছবি৷ ছবিত কাষত আছে লক্ষ্মণ আৰু পদতলে আছে ৰামভক্ত হনুমান৷ সেই ছবিৰ পিছৰ পৃষ্ঠাত আছে অযোধ্যাৰ মাটিৰ সংক্ষিপ্ত তাৎপৰ্যতথা ৰামচৰিত মানসৰ আংশিক উল্লেখ৷ গোটেই আমনন্ত্ৰণী পত্ৰখনত তুলি ধৰা হৈছে প্ৰাচীন ভাৰতৰ সংস্কৃতি৷ দেৱনাগৰী লিপিত কেতবোৰ উদ্ধৃতি দিয়া হৈছে৷ আমন্ত্ৰণী পত্ৰত এটা ১০ গ্ৰামৰ তামৰ মুদ্ৰাকো স্থান দিয়া হৈছে৷ লগতে এটা সৰু কাচৰ বটলত অযোধ্যাৰ মাটিও প্ৰেৰণ কৰা হৈছে৷ তামৰ মুদ্ৰাৰ এটা পিঠিত ৰামৰ মুখাবয়ৱ খোদিত কৰা হৈছে৷ আনটো পিঠিত খোদিত কৰা হৈছে ৰাম মন্দিৰৰ কাঠামো৷ উল্লেখ্য যে ৰাম মন্দিৰৰ মূল নিমন্ত্ৰণী পত্ৰখন তিনিটা অংশত ভাগ কৰা হৈছে৷ প্ৰথম অংশত সংক্ষেপে কাৰ্যসূচী বিশেষ আৰু প্ৰধানমন্ত্ৰীকে ধৰি উপস্থিত থাকিবলগীয়া গণ্যমান্য ব্যক্তিসকলৰ নাম দিয়া হৈছে৷ এই নিমন্ত্ৰণী পথখন কোনেও সাল-সলনি কৰিব নোৱাৰিব৷ নিৰ্দিষ্ট কাৰ্ডৰ বিপৰীতে নিজৰ আধাৰ কাৰ্ড দেখুৱাইহে আমন্ত্ৰিতসকলে উদ্বোধনী অনুষ্ঠানত প্ৰৱেশ কৰিব পাৰিব৷ এই উদ্বোধনী অনুষ্ঠানলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, এইছ ডি দেৱেগৌড়া, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, ৰামনাথ ক’বিন্দ, চি পি এমৰ নেতা সীতাৰাম য়েচুৰী, উদ্যোগপতি গৌতম আদানি, মুকেশ আদানি, মেগাষ্টাৰ অমিতাভ বচ্ছন, ৰজনীকান্ত, মাধুৰী দীক্ষিত আদিক আমন্ত্ৰণ জনোৱা হৈছে৷